অসম

assam

ETV Bharat / state

অন্ত পৰিল দীৰ্ঘদিনীয়া সমস্যাৰ : মানকাচৰত পুনৰ মুকলি হ’ল আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ - Immigration point in Assam

Indo-Bangladesh border in Assam : অসমবাসীৰ এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই পুনৰ মুকলি কৰা হ’ল মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ ৷ বুধবাৰে কেন্দ্ৰটো পুনৰ মুকলি কৰা হয় ৷

IMMIGRATION POINT IN ASSAM
মানকাচৰত পুনৰ মুকলি আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 8:21 PM IST

মানকাচৰ, ২৫ জুলাই : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ সাহাপাৰাত বুধবাৰে আনুষ্ঠানিকভাৱে পুনৰ মুকলি হ’ল আন্তৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ ৷ মুকলি অনুষ্ঠানত উপস্থিত থাকে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, অতিৰিক্ত আয়ুক্ত ৰাহুল দলে আদি ৷

মানকাচৰত পুনৰ মুকলি আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ (ETV Bharat Assam)

উল্লেখ্য যে কভিড-১৯ মহামাৰীৰ সময়ত মানকাচৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰটোৰ লগতে অসমৰ আনটো আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰও বন্ধ কৰি দিয়া হৈছিল ৷ ক’ভিডজনিত পৰিৱেশ শাম কটাৰ পিচত বৃহস্পতিবাৰে মানকাচৰৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰটো আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰি দক্ষিণ শালমাৰাৰ মানকাচৰ জিলাবাসীৰ বাবে পাৰাপাৰৰ সুবিধা কৰি দিয়া হয় ৷

এই সন্দৰ্ভত বিধায়ক আমিনুল ইছলামে কয় যে মানকাচৰবাসীৰ দাবী আছিল যে এই পাৰাপাৰ কেন্দ্ৰটো পুনৰ খুলি দিব লাগে ৷ অসমত দুটাই আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰ আছে, সেয়া হ’ল কৰিমগঞ্জ আৰু মানকাচৰ ৷ উল্লেখ্য যে কৰিমগঞ্জৰ পাৰাপাৰ কেন্দ্ৰটো কিছুদিন পূৰ্বে খুলি দিয়া হৈছিল যদিও বন্ধ হৈ আছিল মানকাচৰৰ কেন্দ্ৰটো ৷ ফলত উত্তৰ অসম, নামনি অসম, মধ্য অসমৰ লোকসকল মেঘালয়, ত্ৰিপুৰা, কলকাতা হৈ যাবলগীয়া হৈছিল ৷

বিধায়ক আমিনুল ইছলামে কয় এই কেন্দ্ৰটো পুনৰ মুকলি আছিল তেওঁৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভাগীয় সকলো লোকৰ সৈতে তেওঁ বহুবাৰ বাৰ্তালাপ কৰিছিল ৷ তদুপৰি বিধানসভাৰ মজিয়াতো বিষয়টো কেবাবাৰো উত্থাপন কৰা হৈছিল ৷ অৱশেষত আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ কেন্দ্ৰটো পুনৰ মুকলি হোৱাত তেওঁ নিজকে সুখী অনুভৱ কৰা বুলি উল্লেখ কৰে ৷

কেন্দ্ৰটো পুনৰ মুকলি কৰাৰ ফলত শিক্ষাৰ্থী, পৰ্যটক, ব্যৱসায়ী সকলো লোক লাভান্বিত হ’ব বুলি উল্লেখ কৰে বিধায়ক আমিনুল ইছলামে ৷ বিশেষকৈ ইয়াৰ জড়িয়তে মানকাচৰবাসী লাভান্বিত হ’ব বুলি বিধায়কগৰাকীয়ে আশাপ্ৰকাশ কৰে ৷ উল্লেখ্য যে বৃটিছৰ শাসনকালতে উক্ত আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰটো মুকলি কৰা হৈছিল ৷

লগতে পঢ়ক :চৰকাৰৰ উদাসীনতাৰ বাবে আজিও উন্মুক্ত হৈ আছে অসম-বাংলাদেশ সীমান্তৰ বৃহৎ এলেকা

লগতে পঢ়ক :অসমত উপস্থিত বাংলাদেশৰ অধ্যয়নৰত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী

লগতে পঢ়ক :ভাৰত-বাংলাদেশ সীমান্তত গো-মাফিয়ালৈ আৰক্ষীৰ গুলী; আহত ছিৰাজুল হক

ABOUT THE AUTHOR

...view details