মৰাণ, ১৭ ছেপ্টেম্বৰ :অনলাইন ট্ৰেডিঙৰ কেলেংকাৰী কৰি ইতিমধ্যে ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰৰ অতিথি কৰাইছে ২২ বছৰীয়া বিশাল ফুকনক । ২২ বছৰীয়া বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি টকা প্ৰৱঞ্চনা কৰি আৰক্ষীৰ জালত পৰা পাচতে ডিব্ৰুগড় আৰক্ষীৰ জালত পৰিছে এজনৰ পাচত আন এজন ।
বিশালৰ মূল সহযোগী হিচাবে অভিযুক্ত অভিনেত্ৰী চুমী বৰা আৰু ফটোগ্ৰাফাৰ স্বামী তাৰ্কিক বৰাক যোৱা ১২ ছেপ্টেম্বৰ বৃহস্পতিবাৰে STF য়ে আটক কৰি ডিব্ৰুগড় সদৰ আৰক্ষীক গটাই দিয়ে ৷ পাচত ডিব্ৰুগড় সদৰ আৰক্ষীয়ে দুয়োকে ৫ দিনৰ বাবে নিজৰ জিম্মাত লয় ।
আনহাতে চুমী তাৰ্কিকক গ্ৰেপ্তাৰ কৰাৰ পূৰ্বে আৰক্ষীৰ জালত পৰিছিল তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক । ইয়াৰ পাচত ১৩ ছেপ্টেম্বৰ অৰ্থাৎ শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা CID ৰ এটা দলে তাৰ্কিক বৰাৰ ভাতৃ অম্লান বৰাক ডিব্ৰুগড়ৰ সদৰ থানালৈ লৈ আনিছিল ।
নিশা তিনিওজনকে CID ৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে আৰক্ষীৰ কেইবাজনো শীৰ্ষ বিষয়াই পৃথকে পৃথকে জেৰা চলায় ৷ পৰৱৰ্তী পৰ্যায়ত ১৪ ছেপ্টেম্বৰ শনিবাৰে বিয়লি আদালতত হাজিৰ কৰা হয় অম্লান বৰাক । অধিক তদন্তৰ বাবে ডিব্ৰুগড় আৰক্ষীয়ে ৩ দিনৰ নিজৰ জিম্মাত লয় অম্লান বৰাক ।
CID আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াই প্ৰৱঞ্চক বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাৰ তথ্যৰ বাবে তিনিওজনকে জেৰা চলাই ডিব্ৰুগড় সদৰ আৰক্ষী থানাত । আজি চুমি-তাৰ্কিক আৰু অম্লানৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলাত ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশ আদালতত হাজিৰ কৰা হ'ব তিনিওজনক ।
- আৰক্ষীয়ে জিম্মাত ল'ব নেকি চুমীক ?
ডিব্ৰুগড় আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ পূৰ্বে ভিডিঅ' প্ৰস্তুত কৰি আৰক্ষীৰ লগত সহযোগীতা কৰাৰ কথা কৈছিল অভিনেত্ৰী চুমীয়ে । কিন্তু বাস্তৱত আৰক্ষীক সহযোগীতা কৰা নাই বুলি জানিব পৰা গৈছে । বিশাল ফুকনে জেৰাত দিয়া তথ্যৰ লগত চুমীয়ে দিয়া তথ্যৰ মিল পোৱা নাই আৰক্ষীয়ে । সেয়ে আৰক্ষীয়ে চুমীক পুনৰ আৰক্ষীৰ জিম্মাত লোৱাৰ বাবে আদালতত আবেদন কৰিব বুলি জানিব পৰা গৈছে ।
আনহাতে কালিৰ দিনটোত ৰসহ্যজনকভাৱে চাৰিজন অভিযুক্তই চুমীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা এক খবৰ ৰাজহুৱা হৈছে যদিও সেই বিষয়ে আৰক্ষীয়ে কোনো তথ্য প্ৰকাশ কৰা নাই । অনুমান কৰা হৈছে যিহেতু আৰক্ষীয়ে পূৰ্বে জেললৈ প্ৰেৰণ কৰা বিশাল ফুকনৰ বিৰুদ্ধে নিজাকৈ ৰুজু কৰা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল চুমী তাৰ্কিক আৰু অম্লানক । সেয়ে উক্ত গোচৰত চুমীক আদালতে পুনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ নকৰিবও পাৰে ।