গোলাঘাট,২৭ এপ্ৰিল:সুদীৰ্ঘ ১২ বছৰৰ অন্তত নিজৰ ঘৰখন ওভতাই পাই এগৰাকী বৃদ্ধাৰ মুখত হাঁহি বিৰিঙিছে । বৃদ্ধাগৰাকীৰ পৰা সুদখোৰে কাঢ়ি লৈছিল ঘৰটো । আৰক্ষীয়ে সুদখোৰৰ পৰা উদ্ধাৰ কৰি ঘৰটো গৃহস্থক চমজাই দিয়ে ।
ঘটনাটো গোলাঘাট নগৰৰ । জানিব পৰা মতে গোলাঘাট নগৰৰ ৰে'ল ষ্টেচনৰ সমীপৰ মীৰা ৰাণী দে' নামৰ বৃদ্ধাগৰাকীৰ ডাঙৰ পুত্ৰই বিপদত পৰি বহু বছৰ পূৰ্বে কুখ্যাত সুদখোৰ দাৰুল ইছলামৰ পৰা কিছু ধন ধাৰে লৈছিল । পৰিয়ালটোৱে সুদৰ টকা সময়মতেই নিয়মিতভাৱে দি গৈছিল । কিন্তু আৰ্থিক সমস্যাৰ বাবে তেওঁলোকে বসবাস কৰা থকা ঘৰ-মাটি বিক্ৰী কৰিবলৈ যো-জা চলাইছিল ।
সেই খবৰ লাভ কৰাৰ পিচতে কুখ্যাত সুদখোৰ দাৰুল ইছলামে নিশা ৮-১০ জনীয়া গুণ্ডাবাহিনী লগত লৈ পৰিয়ালটোক হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে বৃদ্ধাগৰাকীয়ে । আনকি সুদখোৰে তেওঁলোকৰ পৰা ঘৰটো বলপূৰ্বকভাৱে কাঢ়ি লৈ মীৰা ৰাণী আৰু তেওঁৰ পৰিয়ালক উলিয়াই দিছিল বুলিও অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে । কিন্তু কিছুদিন পূৰ্বে দাৰুল ইছলাম আৰক্ষীৰ জালত পৰাৰ পিচতে আৰক্ষীয়ে বিষয়টোক লৈ তদন্ত আৰম্ভ কৰে ।