অসম

assam

২০৪৫তত গুৱাহাটীত হ্ৰাস কৰা হ’ব ৪৫ শতাংশ সেউজীয়া আৱৰণ ! সংৰক্ষিত বনাঞ্চল, জলাশয় আৰু পাহাৰ সংৰক্ষণত কম গুৰুত্ব - Guwahati Master Plan 2045

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:56 PM IST

Guwahati environment and climate : গুৱাহাটী মাষ্টাৰ প্লেন ২০৪৫ অনুসৰি ২০৪৫ চনত গুৱাহাটীত হ্ৰাস পাব ৪৫ শতাংশ সেউজীয়া আৱৰণ ৷ ৰাইজৰ প্ৰয়োজনীয় সা-সুবিধাৰ পৰিৱৰ্তে গুৰুত্ব দিয়া হৈছে আৱাসিক আৰু বাণিজ্যিক অট্টালিকা আদি নিৰ্মাণত ৷

Guwahati Master Plan 2045
গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ (ETV Bharat Assam)

গুৱাহাটী, ১৬ ছেপ্টেম্বৰ :গুৱাহাটীৰ উন্নয়নৰ বাবে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ শেহতীয়াকৈ প্ৰস্তুত কৰা ‘গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫’ খচৰাখনত Real estate অৰ্থাৎ আৱাসিক আৰু বাণিজ্যিক অট্টালিকা আদি নিৰ্মাণত অধিক গুৰুত্ব দিয়া দেখা হৈছে । তাৰ বিপৰীতে গুৱাহাটীৰ ভিতৰত থকা সংৰক্ষিত বনাঞ্চল, জলাশয় আৰু পাহাৰ সংৰক্ষণত কম গুৰুত্ব দিয়া‌ দেখা গৈছে ৷ ৰাইজৰ প্ৰয়োজনীয় ৰাজহুৱা সা-সুবিধাৰ নিৰ্মাণকাৰ্যত কম গুৰুত্ব দিয়া গৈছে ।

গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ (ETV Bharat Assam)

শেহতীয়াকৈ এই খচৰা মাষ্টাৰ প্লেনখনৰ সন্দৰ্ভত গুৱাহাটীৰ আলোচনা আৰু অধ্যয়ন কৰি যুৱা নামৰ এক বেচৰকাৰী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংস্থাই অসমৰ কেবাগৰাকী বিশেষজ্ঞৰ সহযোগত প্ৰস্তুত কৰা অভিযোগ আৰু পৰামৰ্শৱলীত এই বিষয়বোৰে স্থান‌ পাইছে । এই সন্দৰ্ভত যুৱাৰ প্ৰজেক্ট এছোচিয়েট পূজা নিৰলাই কয়- ‘‘যুৱাৰ তৰফৰ পৰা এই সন্দৰ্ভত কেতবোৰ অভিযোগ আৰু পৰামৰ্শৱলী চৰকাৰৰ সংশ্লিষ্ট বিভাগক অৰ্পণ কৰিছে । খচৰা মাষ্টাৰ প্লেনখনৰ বিভিন্ন দিশ বিস্তৃতভাৱে আলোকপাত কৰা হৈছে । যিবোৰ মাটি ব্যৱহাৰৰ মাষ্টাৰ প্লেনখনৰ মানচিত্ৰত দিয়া হৈছে, সেয়া সাধাৰণ মানুহৰ বাবে বোধগম্য নহয় । গতিকে এই ক্ষেত্ৰত স্পষ্ট মানচিত্ৰ প্ৰকাশ কৰি মাষ্টাৰ প্লেনখন এলেকাত সেউজীয়া আৱৰণ ৰক্ষা কৰা, মানুহৰ ৰাজহুৱা সা-সুবিধাবোৰ যেনে- গুৱাহাটীত হাস্পতাল, শিক্ষানুষ্ঠান, উদ্যান আদিৰ বৃদ্ধি কৰি সংশোধন কৰাৰ পৰামৰ্শ দিয়া‌ হৈছে ।’’

২০৪৫ চনত গুৱাহাটীত হ্ৰাস পাব ৪৫ সেউজীয়া আৱৰণ :

খচৰা মাষ্টাৰ প্লেনখন মতে, ২০৪৫ চনত গুৱাহাটীৰ মাষ্টাৰ প্লেন এলেকাৰ ৪৫ শতাংশ সেউজীয়া আৱৰণ হ্ৰাস হ'ব । মাষ্টাৰ প্লেনখনৰ তথ্য মতে, ২০২০ চনত গুৱাহাটীত সংৰক্ষিত বনাঞ্চল, জলাশয় আৰু পাহাৰৰ সেউজীয়া আৱৰণ আছিল ১৮৩ বৰ্গ কিলোমিটাৰ । ২০৪৫ চনত এই আৱৰণ থাকিব ১০০ বৰ্গ কিলোমিটাৰ ।

গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ (ETV Bharat Assam)

২০৪৫ চনত গুৱাহাটীত বৃদ্ধি পাব ৩১ শতাংশ আৱাসিক এলেকা :

খচৰা মাষ্টাৰ প্লেনখন মতে, ২০৪৫ চনত গুৱাহাটীৰ মাষ্টাৰ প্লেন এলেকাত ৩১ শতাংশ আৱাসিক এলেকা বৃদ্ধি হ’ব । মাষ্টাৰ প্লেনখনৰ তথ্য মতে, ২০২০ চনত গুৱাহাটীত আৱাসিক আছিল ৮৬ বৰ্গ কিলোমিটাৰ । ২০৪৫ চনত এই আৱাসিক এলেকা বৃদ্ধি পাব ১১৩ বৰ্গ কিলোমিটাৰ ।

২০৪৫ চনত গুৱাহাটীত দুগুণ বৃদ্ধি পাব উদ্যোগিক এলেকা :

খচৰা মাষ্টাৰ প্লেনখন মতে, ২০৪৫ চনত গুৱাহাটীৰ মাষ্টাৰ প্লেন এলেকাত দুগুণ উদ্যোগিক এলেকা বৃদ্ধি হ’ব । মাষ্টাৰ প্লেনখনৰ তথ্য মতে, ২০২০ চনত গুৱাহাটীত উদ্যোগিক আছিল ৩ বৰ্গ কিলোমিটাৰ । ২০৪৫ চনত এই এলেকা বৃদ্ধি পাব ১১ বৰ্গ কিলোমিটাৰ ।

২০৪৫ চনত গুৱাহাটীত হাস্পতাল, শিক্ষানুষ্ঠান , উদ্যান, আদিৰ নূন্যতম বৃদ্ধি :

খচৰা মাষ্টাৰ প্লেনখন মতে, ২০৪৫ চনত গুৱাহাটীৰ মাষ্টাৰ প্লেন এলেকাত গুৱাহাটীত হাস্পতাল, শিক্ষানুষ্ঠান , উদ্যান, আদিৰ নূন্যতম বৃদ্ধিৰ ব্যৱস্থা ৰাখিছে । মাষ্টাৰ প্লেনখনৰ তথ্য মতে, ২০২০ চনত গুৱাহাটীত গুৱাহাটীত হাস্পতাল, শিক্ষানুষ্ঠান , উদ্যান আদি আছিল ২২ বৰ্গ কিলোমিটাৰ এলেকাত । ২০৪৫ চনত এই এলেকা বৃদ্ধি পাব মাত্ৰ ২৭ বৰ্গ কিলোমিটাৰ ।

উল্লেখ্য যে ‘গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫’ খচৰাত গুৱাহাটীৰ পৰিসীমা ৩২৮ বৰ্গ কিলোমিটাৰ নিৰ্দ্ধাৰণ কৰা হৈছে । গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ এলেকাত সাতখন‌ ৰাজহ চক্ৰ ক্ৰমে উত্তৰ গুৱাহাটী, হাজো, আজৰা, পলাশবাৰী, চন্দ্ৰপুৰ, গুৱাহাটী, দিছপুৰ আৰু কমলপুৰ আৰু সোণাপুৰ ৰাজহ চক্ৰৰ একাংশ অন্তৰ্গত কৰা হৈছে । গুৱাহাটী মাষ্টাৰ প্লেন, ২০৪৫ এলেকাই উত্তৰে আগিয়াঠুৰি আৰু দীৰ্ঘেশ্বৰী, দক্ষিণে ৰাণী সংৰক্ষিত বনাঞ্চল, পূবে পানীখাইটি, আমচাং আৰু পশ্চিমে সোণতলা সীমা থাকিব ।

লগতে পঢ়ক :গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ খচৰা সংশোধনৰ দাবী : কি কয় গুৱাহাটীৰ নাগৰিক আৰু বিশেষজ্ঞই ?

গুৱাহাটী মাষ্টাৰ প্লেন-২০৪৫ৰ খচৰা: গুৱাহাটীৰ পৰিসীমা ৩২৮ বৰ্গ কিলোমিটাৰ বৃদ্ধিৰ প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details