অসম

assam

ETV Bharat / state

এ পি ডি চি এলৰ শৱযাত্ৰা: স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত কঁপিল ৰাজ্য - Protest Against Smart Meter - PROTEST AGAINST SMART METER

AASU protest against smart meter : বিগত কিছুদিন ধৰি অসম চৰকাৰৰ শক্তি বিভাগ তথা এ পি ডি চি এলৰ স্মাৰ্ট মিটাৰ সংযোগৰ দৰে হঠকাৰী পদক্ষেপত ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বিভিন্ন দল-সংগঠনে । আনহাতে, স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে হৈ থকা বিক্ষিপ্ত প্ৰতিবাদে গণ প্ৰতিবাদৰ ৰূপ ল'বলৈ আগবাঢ়িছে । ইফালে বিধানসভাৰ মজিয়াতো বিৰোধীয়ে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে । তাৰ সমান্তৰালভাৱে মঙলবাৰে আছুৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে এ পি ডি চি এলৰ শৱযাত্ৰা কাৰ্যসূচীৰে প্ৰবল প্ৰতিবাদ সাব্যস্ত কৰা হয় ।

AASU Protest Against Smart Meter
স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত কঁপিল ৰাজ্য (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 8:00 PM IST

নিউজ ডেস্ক, ২৭ আগষ্ট : অসম চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি আছুৰ গৰ্জন । এ পি ডি চি এলৰ জৰিয়তে অসম চৰকাৰে স্মাৰ্ট মিটাৰ সংযোগৰ নামত সাধাৰণ জনতাক মাধমাৰ শোধোৱাৰ প্ৰতিবাদকল্পে মঙলবাৰে ৰাজ্যজুৰি উলিওৱা হয় এ পি ডি চি এলৰ শৱযাত্ৰা শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী । এই কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম ছাত্ৰ সন্থাৰ অসমৰ বিভিন্ন প্ৰান্তৰ গোটসমূহে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদত কঁপিল ৰাজ্য (ETV Bharat Assam)

নলবাৰীত আছুৰ প্ৰতিবাদ

সমগ্ৰ ৰাজ্যজুৰি আছুৰ আহ্বানত স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় নলবাৰীতো । নলবাৰী আছুৱে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গৰজি উঠি এ পি ডি চি এলৰ শৱযাত্ৰা উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । এ পি ডি চি এলৰ নলবাৰী কাৰ্যালয়ৰ সন্মুখত কান্ধত প্ৰতীকী শৱদেহ লৈ সদৌ নলবাৰী জিলা ছাত্র সন্থাই শৱযাত্ৰা কাৰ্যসূচী অনুষ্ঠিত কৰে । লগতে স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজক মাধমাৰ শোধোৱা তথা লুণ্ঠন কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ দাবী জনায় ।

অসম চৰকাৰৰ পৃষ্ঠপোষকতাত স্মাৰ্ট মিটাৰ জৰিয়তে ৰাইজক চলাইছে আতিশয্য : যোৰহাট আছু

স্মাৰ্ট মিটাৰৰ আতিশয্য, অভাৱনীয় হাৰত বিদ্যুৎ মাচুল বৃদ্ধি, অনিয়মীয়া বিদ্যুৎ যোগানৰ প্ৰতিবাদত অসম চৰকাৰৰ শক্তি বিভাগ আৰু এ পি ডি চি এলৰ শৱযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে যোৰহাট জিলা ছাত্ৰ সন্থাই । ষ্টেডিয়াম কমপ্লেক্সৰ পৰা পদযাত্ৰা কৰি জিলা বিদ্যুৎ ভৱনৰ প্ৰৱেশদ্বাৰৰ সন্মুখত উপস্থিত হৈ সহস্ৰাধিক আছুকমীয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

আনহাতে, প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি আছুৰ যোৰহাট জিলাৰ সাধাৰণ সম্পাদক অৰ্জন মণি ভুঞাই কয়, "অসম চৰকাৰৰ পৃষ্ঠপোষকতাত স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাজ্যবাসীক একপ্ৰকাৰ আতিশয্য চলাই আহিছে । শীঘ্ৰে চৰকাৰে স্মাৰ্ট মিটাৰ নামৰ লুণ্ঠনকাৰী যন্ত্ৰটো বন্ধ নকৰিলে আছুৱে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব ।

ধেমাজিত শক্তি বিভাগৰ শৱ সাঙীত লৈ নদীত দিলে উটুৱাই

মঙলবাৰে সমগ্ৰ অসমৰ লগতে ধেমাজি আছুৱেও এ পি ডি চি এলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । শক্তি বিভাগৰ প্ৰতীকী শৱ সাঙীত লৈ আছুকৰ্মীসকলে শৱযাত্ৰা কৰে ৷ ধেমাজি সদৰত জিলা ছাত্ৰ সন্থাই ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা এই শৱযাত্ৰা উলিয়াই ধেমাজি নগৰৰ সমীপৰ এৰাঢল নৈত পেলাই দিয়ে ৷ লগতে ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে চৰকাৰবিৰোধী বিভিন্ন শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।

গোলাঘাটত স্মাৰ্ট মিটাৰ তথা বৰ্ধিত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে জিলা ছাত্ৰ সন্থাৰ শৱযাত্ৰা

সমগ্ৰ অসমৰ লগতে গোলাঘাট জিলাতো অব্যাহত আছে স্মাৰ্ট মিটাৰ তথা অত্যধিক হাৰত বিদ্যুৎ মাচুলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ । মঙলবাৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে শক্তি বিভাগৰ শৱযাত্ৰা উলিয়াই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয় শ্বহীদ ভৱনৰ পৰা এই শৱযাত্ৰা উলিয়াই সমগ্ৰ নগৰ ভ্ৰমণ কৰি শক্তি বিভাগ হাই হাই, শক্তি মন্ত্ৰী মুৰ্দাবাদ আদি ধ্বনিৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিন্টু গগৈয়ে কয়, "অসম চৰকাৰে জনসাধাৰণৰ ওপৰত জাপি দিব বিচৰা জনবিৰোধী স্মাৰ্ট মিটাৰৰ নামত শক্তি বিতৰণ কোম্পানীয়ে সৰ্বসাধাৰণৰ জনতাৰ মূৰত যি মাধমাৰ শোধাইছে সেইটো বন্ধ কৰিব লাগিব । ইয়াৰ উপৰি গৃহস্থৰ অনুপস্থিতিত চোৰৰ দৰে শক্তি বিতৰণ কোম্পানীয়ে স্মাৰ্ট মিটাৰ সংস্থাপন কৰি ডকাইতৰ দৰে চলোৱা লুণ্ঠন বন্ধ কৰিব লাগিব । নহ'লে ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব ।"

মৰিগাঁৱত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ

ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে মঙলবাৰে মৰিগাঁৱতো শক্তি বিভাগৰ প্ৰতীকী শৱযাত্ৰাৰে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই । 'মৰিল অ' মৰিল এ পি ডি চি এল মৰিল', 'শক্তি বিভাগ হায় হায়', 'স্মাৰ্ট মিটাৰ লগাব দিয়া নহ'ব', 'অসম চৰকাৰ হায় হায়' আদি ধ্বনিৰে মুখৰিত হয় মৰিগাঁও জিলা শক্তি বিভাগৰ মুখ্য কাৰ্যালয় । লগতে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৱে হুংকাৰ প্ৰদান কৰে ।

প্ৰতিবাদ সন্দৰ্ভত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি দিপুল কুমাৰ নাথে কয়, "কোনো কাৰণতে অসমত স্মাৰ্ট মিটাৰ লগাবলৈ দিয়া নহ'ব । এতিয়া হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰী ওলাই আহিছে । কাইলৈ হাজাৰ হাজাৰ আবাল-বৃদ্ধ-বণিতা এই প্ৰতিবাদত নামিব । গাঁৱৰ ৰাইজ জাগ্ৰত হৈছে । এই স্মাৰ্ট মিটাৰৰ নামত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গাঁৱৰ ৰাইজৰ পৰা টকা সৰকোৱাৰ কৌশল কৰিছে ।"

বৰপেটাত চহৰত ছাত্ৰ সন্থাৰ শক্তি বিভাগৰ শৱযাত্ৰা কাৰ্যসূচী

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটাত চহৰতো ছাত্ৰ সন্থাই শক্তি বিভাগৰ প্ৰতীকী শৱযাত্ৰা উলিয়ায় । স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত বৰপেটা জিলা ছাত্ৰ সন্থাই বৰপেটা চহৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । স্মাৰ্ট মিটাৰ বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, শক্তি মন্ত্ৰী হায় হায় আদি ধ্বনিৰে আছুৰ কৰ্মীসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াত জিলা আছুৱে উলিয়ালে শক্তি মন্ত্ৰীৰ শৱযাত্ৰা

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে তিনিচুকীয়াতো সৰৱ সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা । মঙলবাৰে তিনিচুকীয়া জিলা আছুৱে শক্তি মন্ত্ৰীৰ পুত্তলিকা লৈ তিনিচুকীয়া আছুৰ কাৰ্যালয়ৰ পৰা পৰ্বতীয়াস্থিত বিদ্যুৎ বিভাগৰ কাৰ্যালয়লৈ এক শৱযাত্ৰা উলিয়ায় ৷

এই শৱযাত্ৰাৰ সময়ত প্ৰতিবাদকাৰীসকলে বিদ্যুৎ বিভাগ হায় হায়, স্মাৰ্ট মিটাৰ বন্ধ কৰক, স্মাৰ্ট মিটাৰৰ নামত ডকাইতি বন্ধ কৰক, বিজেপি হায় হায়, আছু লং লীভ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে ৷

হোজাইত জিলা ছাত্ৰ সন্থাৰ শৱযাত্ৰা

একেদৰে হোজাইতো জিলা ছাত্ৰ সন্থাই ৰূপায়ণ কৰে আছুৰ শৱযাত্ৰা কাৰ্যসূচী । হোজাইৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুই শতাধিক ছাত্ৰ সন্থাৰ কৰ্মীয়ে শৱযাত্ৰাৰ জৰিয়তে শক্তি বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে আছুকৰ্মীয়ে আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ।

লখিমপুৰত শক্তি বিভাগৰ শৱযাত্রা আছুৰ

শক্তি বিভাগত স্মাৰ্ট মিটাৰৰ প্ৰসংগই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে মঙলবাৰে সদৌ অসম ছাত্র সন্থাৰ আহ্বানক্ৰমে ৰাজ্যজুৰি প্ৰতিখন জিলাতে শক্তি বিভাগৰ শৱযাত্রা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ৰাজ্যৰ অন্যান্য জিলাৰ সমান্তৰালভাৱে লখিমপুৰতো জিলা ছাত্র সন্থাই শক্তি বিভাগৰ প্ৰতীকী শৱযাত্রা কাৰ্যসূচী ৰূপায়ণ কৰে । জিলা ছাত্র সন্থাৰ কাৰ্যালয়ৰ সমীপৰ পৰা শক্তি বিভাগৰ প্ৰতীকী শৱ লৈ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল কৰে ।

বঙাইগাঁৱত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

স্মাৰ্ট মিটাৰৰ আতিশয্য আৰু অভাৱনীয় বিদ্যুৎ মাচুল বৃদ্ধি তথা অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে বঙাইগাঁও জিলা ছাত্ৰ সন্থায়ো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । বঙাইগাঁও জিলা ছাত্ৰ সন্থাই মঙলবাৰে বৰপাৰাৰ পৰা এ পি ডি চি এলৰ শৱযাত্ৰা উলিয়ায় । লগতে বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ নেতাসকলে । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে বঙাইগাঁও ।

লগতে পঢ়ক :স্মাৰ্ট মিটাৰ স্থাপন বিদ্যুৎ গ্ৰাহকৰ স্বাৰ্থৰ পৰিপন্থী: সদৌ অসম বিদ্যুৎ উপভোক্তা সন্থা - smart meter controversy in Assam
লগতে পঢ়ক :প্ৰসংগ স্মাৰ্ট মিটাৰ : মুখ্যমন্ত্ৰী গণবিচ্ছিন্ন হোৱা বুলি মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ - APDCL Smart Meter Issue
লগতে পঢ়ক :স্মাৰ্ট মিটাৰক লৈ উত্তপ্ত বিধানসভা: সদন ত্যাগ কৰি বিৰোধীৰ প্ৰতিবাদ - Assam Assembly Autumn session 2024

ABOUT THE AUTHOR

...view details