কলিয়াবৰ, 6 জুলাই :কলিয়াবৰৰ হাতীমূৰা মথাউৰি চিগি উদ্ভৱ হোৱা বানৰ কৱলত পৰা দুৰ্গতসকলৰ দুখ-দুৰ্দশাৰ বুজ ল'বলৈ আজি উপস্থিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা ৷ দুৰ্গত ৰাইজৰ খবৰ লৈ হাতীমূৰা মথাউৰি পৰিদৰ্শন কৰি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয় যে, কলিয়াবৰ ছাত্ৰ সন্থাৰ কৰ্মীসকল বিগত দিন কেইটাত দিনে-নিশাই বানাক্ৰান্তৰ কাষত সাৰথি হিচাপে থিয় দি আছে ৷ ছাত্ৰ কৰ্মীসকলে বান সাহায্যও বিতৰণ কৰিছে ৷ তেওঁ কয় যে, ইয়াত আহি দুৰ্গতসকলক নিজে নাচালে তেওঁলোকৰ দুৰ্দশা উপলব্ধি কৰিব নোৱাৰি ৷
আছুৰ সভাপতিগৰাকীয়ে কয় যে, শ্লুইচ গে'ট নিৰ্মাণকাৰী প্ৰতিষ্ঠান জেড্ ইঞ্জিনিয়াৰচৰ মইমতালিৰ বাবে, ৰাইজে কৈ থকাৰ পিচতো ঠিকাদাৰী প্ৰতিষ্ঠানটো দম্ভৰ পৰা নানামিল ৷ তেওঁলোকৰ মতে, কোনো কাৰণতে শ্লুইচ গে'ট নাভাঙে, কোনো অসুবিধা নহয় ৷ তেওঁলোকে যদি মথাউৰিটো কিছু সুৰক্ষিত কৰাৰ কথা চিন্তা কৰিলেহেঁতেন, আজি ৰাইজৰ এই দুৰ্দশা নহ'লহেঁতেন ৷ তেওঁ লগতে শ্লুইচ গে'ট নিৰ্মাণকাৰী ঠিকাদাৰী প্ৰতিষ্ঠানটোক অসমৰ পৰা নিষিদ্ধ কৰাৰ দাবী জনায় ৷ তেওঁ কয় যে, ঠিকাদাৰী প্ৰতিষ্ঠানটোৱে ভৱিষ্যতে অসমৰ ৰাইজৰ জীৱনৰ লগত যাতে হেতালি খেলিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগে ৷ লগতে বন্যাৰ্তক খাদ্য সামগ্ৰীৰ লগতে বস্ত্ৰৰ যোগান ধৰিবলৈ লগতে শিশু খাদ্য আৰু পশু খাদ্য যোগান ধৰিবলৈ দাবী জনায় ৷