অসম সাহিত্য সভাৰ বাৰপূজীয়াৰ বিশেষ বাৰ্ষিক অধিবেশনত জনগোষ্ঠীয় ছাত্ৰ-যুৱ সন্মিলন মৰিগাঁও, 3 ফেব্ৰুৱাৰী : "জাতিটোৰ সন্মুখত মাধ্যম সংকটে ভয়াবহ ভবিষ্যতৰ ইংগিত বহন কৰিছে ৷ স্বেচ্ছাচাৰী চৰকাৰে জাতীয় স্বাৰ্থক উপলুঙা কৰি অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত ইংৰাজী ভাষা বলপূৰ্বক ভাৱে জাপি দিবলৈ বিচাৰিছে ৷ চৰকাৰী এই ষড়যন্ত্ৰই পুনৰবাৰ অসমীয়া ভাষাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে ৷" এই মন্তব্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ ৷ বাৰপূজীয়াত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনত অংশগ্ৰহণ কৰি এই মন্তব্য আছু নেতাজনৰ ৷
তেওঁ কয় যে, অসম সাহিত্য সভা প্ৰতিজন অসমীয়াৰ মানসপটত থকা জাতীয় সংগঠন, অসমীয়া জাতিৰ অভিভাৱক স্বৰূপ ৷ গতিকে মাধ্যম সংকটে জাতীয় জীৱনৰ সন্মুখত দুৰ্যোগৰ সৃষ্টি কৰাৰ সময়ত জাতিটোৰ অভিভাৱক হিচাপে অসম সাহিত্য সভাই মাধ্যম আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা উচিত ৷
উল্লেখ্য যে, অসম সাহিত্য সভাৰ বাৰপূজীয়াৰ বিশেষ অধিবেশনৰ অন্তিম দিনটোত আজি অনুষ্ঠিত হয় স্বাধীনতা সংগ্ৰামী তথা প্ৰাক্তনমন্ত্ৰী শৰৎচন্দ্ৰ গোস্বামী সোঁৱৰণী অসমৰ জনগোষ্ঠীয় ছাত্ৰ-যুৱ সন্মিলন ৷ এই সন্মিলন উদ্ধোধন কৰে আছুৰ সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে বৰ্তমান অসমৰ মাধ্যমৰ ওপৰত আক্ৰমণ চলিছে ৷ জাতি-মাটি-ভেটি সুৰক্ষাৰ কথা কোৱা চৰকাৰে জাতিটোৰ সন্মুখত ডাঙৰ সংকটৰূপে মাধ্যম সমস্যাক থিয় কৰাইছে ৷ ব্যক্তিগত খণ্ড আৰু ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ বাহিৰে বেলেগ কোনো কথা বুজি নোপোৱা এই চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে চৰকাৰী শিক্ষাখণ্ডক পুতৌজনক অৱস্থালৈ লৈ গৈছে বুলি মন্তব্য কৰে তেওঁ ৷
আছুৰ সভাপতি উৎপল শৰ্মাই পুনৰ কয় যে এইখন চৰকাৰ স্বেচ্ছাচাৰী চৰকাৰ ৷ আইনৰ উৰ্ধত বুলি ভাবে ৷ যাৰবাবে অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠানত ইংৰাজী ভাষা বলপূৰ্বক ভাবে জাপি দিয়াই নহয় নাগৰিকত্ব সংশোধনী আইন জাপি দি জাতিটোক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে ৷ এই জাতীয় জীৱনৰ লগত সংপৃক্ত হৈ থকা বিষয়সমূহ অসম সাহিত্য সভাৰ অভিভাৱকত্বৰ লগতে সভাৰ মজিয়াত সাহিত্য চৰ্চাৰ লগতে ভাষা চৰ্চাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই ৷
লগতে পঢ়ক :গুৰুজনাৰ সৃষ্টিৰ দিশটোক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰৰ কৰাৰ আহ্বান ৰণজিৎ কুমাৰ দাসৰ