গুৱাহাটী, ১১ ছেপ্টেম্বৰ :উজনি-নামনি ৰাজনীতিৰ প্ৰসংগত তোলপাৰ সদৌ অসম ছাত্ৰ সন্থাৰ ভিতৰচ’ৰা ৷ প্ৰেম-প্ৰতাৰণা আৰু বিচ্ছেদৰ বিতৰ্কত সোমাই পৰা সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সংগঠনটোৰ শীৰ্ষ নেতৃত্বই অব্যাহতি লোৱাৰ পৰামৰ্শ দিয়াৰ পিছতে ৰাজ্যজুৰি আছুৰ ক্ষমতাকেন্দ্ৰিক উজনি-নামনি প্ৰসংগই বিশেষ চৰ্চা লাভ কৰিছে । যাৰ বাবে সামাজিক মাধ্যমযোগে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ বাধ্য হৈছে শংকৰজ্যোতি বৰুৱা ৷
আছুক লৈ হঠাৎ উজনি-নামনি প্ৰসংগ কিয় ?
আছুৰ সভাপতি, মুখ্য উপদেষ্টাৰ পৰামৰ্শ মানি শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিবনে ? যদি কৰে কেতিয়া কৰিব পদত্যাগ ? ছাত্ৰ সন্থাক লৈ এয়া ৰাজ্যৰ এক অন্যতম চৰ্চিত বিষয় । কিন্তু "আছুৰ পৰা শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰা পাছতেই উজনি অসমৰ প্ৰায় সকলো আঞ্চলিকে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা সমূহীয়া পদত্যাগ কৰিব"— আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই মঙলবাৰে শংকৰজ্যোতি বৰুৱাক পৰামৰ্শ দিয়াৰ পিছতেই সামাজিক মাধ্যম আৰু কোনো কোনো সংবাদ মাধ্যমত বহুলভাৱে প্ৰকাশ পায় এই কথা । তাৰ পাছতেই ৰাজ্যজুৰি উজনি-নামনিৰ বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰে ।