ডিব্ৰুগড়, 29 মাৰ্চ : জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল- অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচে । জাতিৰ পিতাৰ সেই বাক্যশাৰী প্ৰায়েই সঁচা প্ৰমাণিত হৈ আহিছে ৷ তাঁতশালত সপোন ৰচা হেমপ্ৰভা চুতীয়াই সৌ সিদিনা পদ্মশ্ৰী সন্মানো লাভ কৰিলে ৷ অসমীয়া শিপিনীৰ এনে বহু কৃতকাৰ্যতাৰ উদাহৰণ সময়ে-সময়ে পৰিলক্ষিত হৈ আহিছে ৷
শিপিনী বুলি ক'লেই আমাৰ মনলৈ আহে যুৱতী তথা মহিলাৰ কথা । তেনে সময়ত ডিব্ৰুগড়ৰ টিংখাঙৰ এজন পুৰুষ শিপিনীয়ে গামোচাত সপোন ৰচাই নহয় তাঁতশালক জীৱিকাৰ সমল হিচাপে বাচি লৈ জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ প্ৰয়াস কৰিছে । সৰুৰে পৰা তাঁতশালৰ প্ৰতি আকৰ্ষিত হৈছিল বিৰাজ গগৈ নামৰ লোকজনে ।
হস্তশিল্পৰ প্ৰতি থকা নিচাকে ডাঙৰ হৈ পেচা হিচাপে গ্ৰহণ কৰিলে টিংখাঙৰ বছাগাঁৱৰ বিৰাজ গগৈ নামৰ যুৱকজনে । হস্তশিল্পৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি বিগত প্ৰায় ৭ বছৰ ধৰি তাঁতশালত কাপোৰ প্ৰস্তুত কৰি আহিছে বিৰাজ গগৈয়ে । পৰৱৰ্তী সময়ত ঘৰতে সাতখনকৈ আধুনিক তাঁতশাল স্থাপন কৰি স্থানীয় যুৱতী-মহিলাসকলক প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰে উদ্যমী যুৱকজনে ।