তেজপুৰ, ২১ ছেপ্টেম্বৰ : ‘‘১৮ গৰাকী মহিলাৰ প্ৰাণ মই ৰক্ষা কৰিবই লাগিব বুলি ভাবি লৈছিলো ৷ সফল হ’লো মই ৷’’- সম্ভাব্য মৃত্যুৰ মুখৰ পৰা ১৮ গৰাকী মহিলাক বচাই অনা এগৰাকী মহিলাৰ মন্তব্য এয়া ৷ বিপদৰ সময়ত অতি প্ৰয়োজনীয় ধৈৰ্য আৰু সাহসক বাস্তৱক্ষেত্ৰত প্ৰয়োগ কৰি বহুতকে নৱ-জীৱন দিয়া মিনু বড়ো এতিয়া চৰ্চাৰ কেন্দ্ৰ ৷
পাহাৰীয়া একা-বেঁকা পথত ধীৰগতিৰে আগবাঢ়িছিল তীৰ্থযাত্ৰীৰ দলটো ৷ দলটোত আছিল শোণিতপুৰ জিলাৰ 18 গৰাকী মহিলা ৷ লক্ষ্য আছিল কেদাৰনাথ আৰু বদ্ৰীনাথ দৰ্শন ৷ সেই অনুসৰিয়ে দিল্লী বিমান বন্দৰৰ পৰা তীৰ্থযাত্ৰীসকলে ভাৰালৈ ল’লে এখন ট্ৰেভেলাৰ ৷ দুয়োখন ধাম সুকলমে দৰ্শন কৰি তীৰ্থযাত্ৰীসকল উভতি অহাৰ পথত যেন ৰৈ আছিল বিপদ ৷ দলটো উভতি অহাৰ সময়ত মুখামুখী হ’ল তীব্ৰ ভূমিস্খলন, কিনকিনিয়া বৰষুণৰ ; তাতে পাহাৰীয়া একা-বেঁকা পিচল বাট ৷ তললৈ চালেই জীউ উৰি যোৱা এটা পৰিৱেশ ৷ তথাপি আগবাঢ়িল তীৰ্থযাত্ৰীৰ দলটোক লৈ যোৱা ট্ৰেভেলাৰ বাহনখন ৷ সেই দিনটো আছিল ১২ ছেপ্টেম্বৰ, ২০২৪ ৷
দলটো উত্তৰাখণ্ডৰ শ্যামলী জিলাৰ কৰ্ণপ্ৰয়াগ পোৱাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰিল বাহনখনৰ চালকগৰাকী ৷ ইফালে আগে-পিছে কেৱল গাড়ী আৰু গাড়ী ৷ তাতে ঠেক-পিচল পাহাৰীয়া পথ ৷ কেইমুহূৰ্তমানৰ ভিতৰতে চালকগৰাকীৰ কঁপিবলৈ ধৰিলে, কোঁচ খাই আহিল হাত-ভৰি, মুখেৰে ওলাবলৈ ল’লে ফেন ৷ হয়তো সম্ভাব্য বিপদৰ আগজাননী পাই পাকৈত চালকগৰাকীয়ে নিউট্ৰেল কৰিলে গাড়ীৰ গীয়েৰ ৷ দুৰ্গম পথত সংঘটিত এই ঘটনাত সৰগ ভাগি পৰিল যাত্ৰীসকলৰ মূৰত ৷ তাতোকৈ চিন্তনীয় কথাটো হ’ল যে কেউগৰাকী যাত্ৰীয়েই আছিল মহিলা, পুৰুষৰ নামত কেৱল অসুস্থ চালকগৰাকীহে আছিল ৷
সেই সময়তে প্ৰচূৰ সাহস আৰু ধৈৰ্যৰে আগবাঢ়ি আহিল মহিলা তীৰ্থযাত্ৰীসকলৰ দায়িত্ব লৈ থকা তেজপুৰ কলিবাৰীৰ মিনু বড়ো ৷ পূৰ্বে মসৃণ পথত সৰু গাড়ী চলোৱাৰ অভ্যাস থকা মিনু বড়োৰ সেই মুহূৰ্তত এটাই মাথো লক্ষ্য- যিকোনো প্ৰকাৰে যাত্ৰীসকলৰ প্ৰাণ বচাব লাগিব ৷ লগে লগে সাহসী মহিলাগৰাকীয়ে আগবাঢ়ি গৈ দেখে যে চালকগৰাকী ভৰি ব্ৰেকত নাই ৷ তাৎক্ষণিক কাম হিচাবে মিনু বড়োৱে লগালে গাড়ীখনৰ হেণ্ডব্ৰেক ৷ তাৰ পিছতে গাড়ীখনৰ ইঞ্জিন বন্ধ কৰে ৷