জোনাই, 11 মে’ : অসম আৰু অসমীয়াৰ চহা জীৱন সোণালী কৰি আহিছে সেউজীয়া ধান খেতিয়ে । কঠীয়াৰ পৰা গুটি ধানলৈ কেবামহীয়া এই সময়খিনিত খেতিয়কৰ মন প্ৰাণ আশাৰে উপচায় ধাননিডৰাই । সময়ৰ পাতনিত অতীজৰে পৰা গঞাই কৰি অহা ধানখেতিৰ পদ্ধতি আজিকালি আধুনিক হৈছে ।
সম্প্ৰতি ন ন পন্থা আৰু নতুন নতুন ব্ৰীড ব্যৱহাৰ কৰি গঞাই পথাৰ সোণালী কৰাৰ লগতে ভঁৰালো চহকী কৰিছে ৷ চিলাপথাৰৰ এগৰাকী উদ্যমী মহিলাই সৃষ্টি কৰিছে নতুন সম্ভাৱনাৰ ৷ উদ্যমী মহিলাগৰাকীৰ নাম নিৰুপমা পেগু ৷ তেওঁৰ ঘৰ চিলাপথাৰৰ কুলামুৱা গাঁৱত ৷
চিলাপথাৰ ডনবস্ক’ স্কুলৰ শিক্ষকতা এৰি কছাৰী পথাৰৰ চাৰি বিঘা মাটিত উদ্যমী মহিলাগৰাকীয়ে কৰিছে অত্যধিক প্ৰ’টিনযুক্ত কণী ধান অৰ্থাৎ মিলেটৰ ৷ চিলাপথাৰত প্ৰথমবাৰলৈ নিৰুপমা পেগুৱে কৰা অত্যধিক প্ৰ’টিনযুক্ত কণী ধানৰ খেতিডৰা এতিয়া লহপহকৈ বাঢ়িবলৈ আৰম্ভ কৰিছে ।