অসম

assam

ETV Bharat / state

এখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ওমলিল এটা প্ৰকাণ্ড গঁড়ৰ সৈতে - CHILDRENS DAY 2024

এজাক কণমানি ৷ মাজত এটা মস্ত গঁড় ৷ কি যে ৰং কণমানিজাকৰ !

A symbol of a rhino among the students of a school in Jorhat
ছাত্ৰ-ছাত্ৰীৰ মাজত অসম গৌৰৱ এশিঙীয়া গঁড় (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 14, 2024, 4:59 PM IST

যোৰহাট:যোৰহাটৰ এখন বিদ্যালয়ত ঘূৰি ফুৰিছে অসম গৌৰৱ এশিঙীয়া গঁড় । আগে আগে গঁড় আৰু পাছে পাছে এজাক কণ কণ ছাত্ৰ-ছাত্ৰী । আচলতে এইটো প্ৰকৃত গঁড় নহয়, এয়া প্ৰতীকী ৰূপত থকা গঁড়হে ।

শিশু দিৱস উপলক্ষে যোৰহাটৰ মকতব বিদ্যালয়ত প্ৰদৰ্শন কৰা হয় এই গঁড়টো । যোৰহাটৰ বঙাল পুখুৰীৰ মানসজ্যোতি বৰুৱা নামৰ ভাস্কৰ্য শিল্পীজনে নিৰ্মাণ কৰা উলিয়াইছিল গঁড়টো ।

ছাত্ৰ-ছাত্ৰীৰ মাজত অসম গৌৰৱ এশিঙীয়া গঁড় (ETV Bharat Assam)

প্ৰতীকী ৰূপত এইটো গঁড় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰদৰ্শন কৰা হৈছে । ছাত্ৰ-ছাত্ৰীসকলৰ মনত যাতে অসম গৌৰৱ এই গঁড়ৰ প্ৰতি মৰম চেনেহ, গঁড়ৰ সুৰক্ষা আদি ভাব জাগ্ৰত হয় ৷ লগতে বহু ছাত্র-ছাত্ৰীয়ে আঁতৰৰ পৰাই গঁড় দেখিছে যদিও ওচৰ পৰা দেখা পোৱা নাই । সেই মহান উদ্দেশ্য আগত ৰাখি এইদৰে প্ৰতীকী ৰূপত প্ৰদৰ্শন কৰা হৈছে । আনহাতে কাষতেই অসম গৌৰৱ এশিঙীয়া গঁড়টো পাই ছাত্ৰ-ছাত্ৰীসকল আনন্দত আত্মহাৰা হৈ পৰাৰ লগতে গঁড়টোৰ সৈতে আনন্দ-ধেমালি কৰা পৰিলক্ষিত হয় ।

আজি শিশু দিৱস আৰু শিশু দিৱসৰ দিনা কণ কণ শিক্ষাৰ্থীসকলৰ মাজত জীৱ-জন্তুৰ প্ৰতি মৰম-চেনেহ জাগ্ৰত হয় আৰু এশিঙীয়া গঁড়ৰ প্ৰতি হৈ থকা অত্যাচাৰ কিদৰে নোহোৱা কৰিব পাৰি তাৰ বাবে কণ কণ শিক্ষাৰ্থীসকলৰ মাজত সৰুৰে পৰাই সজাগতা সৃষ্টি কৰা কাৰ্যসূচীৰ লগতে বিভিন্ন প্ৰতিযোগিতা আয়োজন কৰা হয় । উল্লেখ্য যোৰহাটৰ ভাস্কৰ্য শিল্পী মানস জ্যোতি বৰুৱা নামৰ শিল্পীগৰাকীয়ে বিভিন্ন ভাস্কৰ্য নিৰ্মাণ কৰি বিভিন্ন ফলপ্ৰসূ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে । শিল্পীগৰাকীৰ প্ৰচেষ্টাক শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক:আজি অধিবাসেৰে দক্ষিণপাট সত্ৰত আৰম্ভ ৰাসলীলাৰ কাৰ্যসূচী

সশস্ত্ৰ সংগ্ৰাম কৰা দুহাতেৰে কুটীৰশিল্পৰ সাধনা; গঢ়িছে স্বাৱলম্বনৰ সেন্দুৰী আলি

ABOUT THE AUTHOR

...view details