অসম

assam

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:30 PM IST

ETV Bharat / state

তেওঁ মাতিলে অচিনাকী পক্ষীও উৰি আহে - Untold story of a nature lover

Nature lover: এগৰাকী প্ৰচুৰ প্ৰতিভাসম্পন্ন প্ৰাক্তন সৈনিক । যাৰ মাতত উৰি আহে চৰাই-চিৰিকটি । মুখেৰে বিভিন্ন চৰাই-চিৰিকটিৰ মাত উলিয়াই সকলোকে আপ্লুত কৰিব পৰা এই ব্যক্তিগৰাকীৰ কথাৰে এই প্ৰতিবেদন ।

A special person who can mimic the voice of various birds in Jonai
প্ৰাক্তন সৈনিকৰ অনন্য প্ৰতিভা (ETV Bharat Assam)

জোনাই,১৩ ছেপ্টেম্বৰ: আপুনি হয়তো বহু প্ৰজাতিৰ চৰাই-চিৰকটিৰ মাত শুনিছে । যাৰ মাতে আপ্লুত কৰে আপোনাক । পৃথিৱীত এনে কিছু প্ৰতিভা আছে যিয়ে বন্ধ কোঠালিতো শুনাব পাৰিব আপোনাক চৰাই-চিৰিকটিৰ সুমধুৰ মাত । তেনে এজন প্ৰতিভাধৰ ব্যক্তিয়ে মোহাছন্ন কৰিছে সকলোকে । যাৰ মাতত চৰাই চিৰিকটিয়েও মাত নিদিয়াকৈ থাকিব নোৱাৰে । এই লোকজন হৈছে ধেমাজি জিলাৰ চিলাপথাৰ বামগাঁৱৰ অতুল বৰগোঁহাই ।

প্ৰাক্তন সৈনিকৰ অনন্য প্ৰতিভা (ETV Bharat Assam)

ধেমাজি জিলাৰ একমাত্ৰ পবা বৰ্ষাৰণ্যত জনগোষ্ঠীয় সাংষ্কৃতিক ঐক্য মঞ্চ অসম, ধেমাজি জিলা সমিতিৰ উদ্যোগত 'প্ৰস্তাৱিত পবা বৰ্ষাৰণ্যত' 'অৰণ্যৰ সুবাস বুটলি গছ ৰোপণ আৰু পৰিদৰ্শন'ত অংশগ্ৰহণ কৰি পৰিদৰ্শনকাৰীসকলক বিভিন্ন চৰাইৰ মাতেৰে আমোদ দিয়ে ভাৰতীয় সেনা বাহিনীৰ এই প্ৰাক্তন সৈনিকগৰাকীয়ে । জানিব পৰা মতে তেখেতে সৰুৰে পৰাই বিভিন্ন চৰাই-চিৰকটিৰ মাত মাতিব পাৰিছিল ।

ইয়াৰ উপৰিও সৈনিক হিচাপে কৰ্মৰত অৱস্থাতো সৈনিকৰ বাগিচাসমূহত বিভিন্ন চৰাই-চিৰিকটিৰ মাতেৰে মোহিত কৰিছিল বিভিন্নজনক । ভাৰতীয় সামৰিক একাডেমি (Indian Military Academy (IMA) ত ডেৰাডুন আৰু শ্বিলঙত ড্ৰিল প্ৰশিক্ষক (Drill Instructor) হিচাপে আৰু সুদীৰ্ঘ ৩০ বছৰ কাল ভাৰতৰ বিভিন্ন ঠাইত সৈনিক হিচাপে কৰ্মৰত অতুল বৰগোঁহাইয়ে অৱসৰ গ্ৰহণ কৰে ।

কিন্তু আজিও প্ৰায় ৫০ বছৰৰ বয়সতো হাবি-জংঘল দেখিলেই ৰ'ব নোৱাৰে প্ৰাক্তন সৈনিকগৰাকীয়ে । তেওঁ কয়,"মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ খুব সুন্দৰ । আশা কৰিছো ভৱিষ্যতলৈ এই কৰ্মভাগ আৰু আগবাঢ়ি যাব পাৰে আৰু অৰণ্য এখন যাতে আমি সংৰক্ষণ কৰিব পাৰো এইক্ষেত্ৰত চৰকাৰে যাতে গুৰুত্ব দিয়ে তাৰে আহ্বান জনালো ।" ইয়াৰ মাজতে সংবাদ মাধ্যমৰ আগত তেওঁ কেইবিধমান চৰাই মাত মাতি শুনাই সকলোকে আমোদ দিয়ে ।

লগতে পঢ়ক:এটা চিকিৎসা কেন্দ্ৰ আৰু ২৪ হাজাৰৰো অধিক শিশুৰ মুখৰ হাঁহি - Mission smile

এহাতে বন্দুক আনহাতে কেমেৰা লৈ পখিলাৰ পিচে পিচে দৌৰি ফুৰা এজন আৰক্ষী কনিষ্টবল - Untold story of a nature lover

ABOUT THE AUTHOR

...view details