অসম

assam

ETV Bharat / state

জীৱশ্ৰেষ্ঠৰ নৃশংসতাত চিৰদিনলৈ দৃষ্টি হেৰুৱালে বনৰজাই - KALIABOR TIGER ATTACK

এজাক উন্মাদ লোকৰ আক্ৰমণত দৃষ্টি শক্তি হেৰুৱালে প্ৰায় 3 বছৰীয়া ঢেকীয়াপতীয়াটোৱে ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 6 টাকৈ আক্ৰমণকাৰীক ৷

6 people arrested for kaliabor tiger attack case
কেনে আছে বাঘটো ? (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Nov 22, 2024, 11:52 AM IST

কাজিৰঙা/কলিয়াবৰ : আজিও সম্পূৰ্ণ সুস্থ হোৱা নাই বুধবাৰে কলং সুঁতিৰ পৰা বনবিভাগে উদ্ধাৰ কৰা ঢেকীয়াপতীয়া বাঘটো ৷ একাংশ উন্মাদপ্ৰায় লোকৰ আক্ৰমণত আহত হোৱা ঢেকীয়াপতীয়াটো সম্প্ৰতি কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰতে চিকিৎসকৰ নিৰীক্ষণত আছে ৷ পশু চিকিৎসক ভাস্কৰ চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি, বৰ্তমানো বাঘটো সংকটজনক অৱস্থাতে আছে ৷ সেই বাঘটোক বনত মুকলি কৰি দিয়াৰ কথা ভবা নাই বনবিভাগে ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই আহি এটা ঢেকীয়াপতীয়া বাঘে কিছুদিন ধৰি কলিয়াবৰ, শিলঘাট আদি এলেকাত পোহনীয়া জন্তু নিধন কৰি ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰিছিল । ইয়াৰ মাজতে বুধবাৰে দিনৰ ভাগত জখলাবন্ধাত একাংশ লোকে বাঘটো প্ৰত্যক্ষ কৰে ৷ বাঘ ওলোৱাৰ খবৰ কেউফালে বিয়পি পৰাত বাঘটোক চাবলৈ বহুলোক উপস্থিত হয় কলঙৰ পাৰত ৷

কেনে আছে বাঘটো ? (ETV Bharat Assam)

ইয়াৰ মাজতে একাংশ প্ৰত্যক্ষদৰ্শীয়ে অতি নিৰ্দয়ভাৱে বাঘটোক আক্ৰমণ কৰে ৷ একাংশ লোকৰ আক্ৰমণত চকু, মূৰৰ লগতে শৰীৰৰ কেবাটাও অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় বাঘটো ৷ পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আহত বাঘটো লেবেজান কলং সুঁতিৰ পাৰতে শুই পৰে ৷

পৰৱৰ্তী সময়ত উক্ত স্থানত কাজিৰঙাৰ বন বিভাগৰ লোক উপস্থিত হৈ বাঘটোক উদ্ধাৰৰ বাবে পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ সৈতে যোগাযোগ কৰে ৷ তাৰ পাচতে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসক ভাস্কৰ চৌধুৰীৰ নেতৃত্বত আৰু বন বিভাগৰ এটা দলে বুধবাৰে মাজ নিশা ট্ৰেংকুলাইজ কৰি বাঘটো পিঞ্জৰাবদ্ধ কৰে ৷

লগতে পঢ়ক :ভাগৰি-জুগৰি শুই পৰিল বনৰজা

আহত বাঘটোক উক্ত নিশাই কাজিৰঙাৰ পাণবাৰীস্থিত বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ অনা হয় ৷ তেতিয়াৰে পৰা উক্ত কেন্দ্ৰতে বাঘটোৰ চিকিৎসা চলি আছে ৷

বনৰজাৰ পীড়া (ETV Bharat Assam)
  • কেনে আছে বাঘটো ? :

ইফালে বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ পশু চিকিৎসক ভাস্কৰ চৌধুৰীয়ে সাংবাদিকৰ আগত কয় যে একাংশ লোকৰ আক্ৰমণত ইতিমধ্যে বাঘটোৰ বাওঁ চকুটো চিৰদিনৰ বাবে নষ্ট হৈ গৈছে আৰু সোঁ চকুটোও বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে । লগতে বাঘটোৰ মুখ, নাককে ধৰি সম্পূৰ্ণ শৰীৰৰ বহু স্থানত গুৰুতৰ আঘাতৰ চিন স্পষ্ট হৈ আছে ৷

আঘাতপ্ৰাপ্ত বাঘটোক পিঞ্জৰাৰ ভিতৰতে ৰাখি পশু চিকিৎসকে চিকিৎসা প্ৰদান কৰি থাকিব, লগতে বাঘটো কিছু শান্ত হ'লেহে পিঞ্জৰাৰ পৰা উলিয়াই এটা আছুতীয়া গঁৰাললৈ স্থানান্তৰ কৰা হ'ব ৷ এই কথা উল্লেখ কৰে পশু চিকিৎসকগৰাকীয়ে ৷

পশু চিকিৎসক ভাস্কৰ চৌধুৰীয়ে উল্লেখ কৰা অনুসৰি, প্ৰায় 3 বছৰীয়া বাঘটোৰ বাওঁ চকুটো চিৰদিনৰ বাবে নষ্ট হৈ গৈছে, লগতে সোফালৰ চকুটোৰ অৱস্থাও ঠিক নহয় ৷ যাৰ বাবে বাঘটোক বনত এৰি দিয়াটো সম্ভৱ নহয় ৷ সম্ভৱতঃ আহত বাঘটোক চিৰিয়াখানা বা বাঘ প্ৰজনন কেন্দ্ৰলৈ নিয়া হ’ব ৷ এই সন্দৰ্ভত আলোচনা কৰি থকা হৈছে বুলি তেওঁ কয় ৷

  • বাঘটোক আক্ৰমণ লোকক আটক :

বাঘটোক আক্ৰমণ কৰা একাংশ লোকৰ বিৰুদ্ধে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই বনবিভাগক এক গোচৰ দিয়ে ৷ ইতিমধ্যে উদ্যান কৰ্তৃপক্ষই ভিডিঅ’ ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰিছে । এই ঘটনাৰ লগত জড়িত 6 জন লোকক বনবিভাগে সোধপোছৰ বাবে আটক কৰিছে ৷ জখলাবন্ধা আৰক্ষী থানাত ৰুজু হোৱা 112/24 নম্বৰৰ এটা গোচৰৰ ভিত্তিত বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে 6 অভিযুক্তক ।

বাঘটোক আক্ৰমণ লোকক আটক (ETV Bharat Assam)

নগাঁও বন সংমণ্ডলৰ অধীনৰ উত্তৰ বনাঞ্চলৰ বনাঞ্চলিক বিষয়া বিভূতি মজুমদাৰৰ এজাহাৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত কেইটা হ'ল জয়ন্ত সেন, বাহাদুৰ চাহানী, সন্তোষ গৌড়, দুখীৰাম গৌড়, দুৰ্গা গৌড়, নিখিল চাহানী আৰু নৰেশ চাহানী ।

আনহাতে, আৰক্ষী, বনকৰ্মীৰ সন্মুখতে আক্ৰমণ কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে আৰ টি আই কৰ্মী দিলীপ নাথেও বৃহস্পতিবাৰে জখলাবন্ধা আৰক্ষী থানাত এক গোচৰ দাখিল কৰে । বন আৰু আৰক্ষীৰ উপস্থিতত কেনেকৈ এটা ঢেকীয়াপতীয়া বাঘক আক্ৰমণ কৰিব পাৰিলে এই ঘটনাটো তদন্ত কৰি দুষ্কৃতিকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ তেওঁ এজাহাৰত উল্লেখ কৰিছে ।

লগতে পঢ়ক :কেনে আছে কলিয়াবৰত ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়াটো ?

ABOUT THE AUTHOR

...view details