জোনাই,১৯ জুলাই:স্বাৱলম্বী হোৱাৰো আছে অনেক উপায় । তাকেই যেন প্ৰমাণ কৰি দেখুৱাইছে জোনাইৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে । চৰকাৰী চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও কৰ্ম-সংস্কৃতিৰ পৰা অৱসৰ গ্ৰহণ নকৰা জোনাইৰ ৩ নং মূৰ্কংচেলেকৰ চুক্ৰধৰ বসুমতাৰীয়ে দেখুৱাইছে কৰ্ম-সংস্কৃতিৰ উৎকৃষ্ট নিদৰ্শন ৷
এখন প্ৰাথমিক বিদ্যালয়ৰ পৰা ২০২০ চনতে অৱসৰ গ্ৰহণ কৰা চুক্ৰধৰ বসুমতাৰীয়ে অৱসৰৰ পিচতে লোক চক্ষুৰ আঁৰত নীৰৱে ড্ৰেগন ফলৰ খেতি কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ আন এক নিদৰ্শন । বিগত ২০২২ চনৰ পৰা ঘৰৰ পৰা কিছু নিলগত থকা নিজা কৃষি উপযোগী মাটিত চুক্ৰধৰ বসুমতাৰীয়ে সম্পূৰ্ণ জৈৱিক আৰু বিজ্ঞান সন্মতভাৱে কৰিছে আঠটা প্ৰজাতিৰ প্ৰায় ১৩০০ জোপা ড্ৰেগন ফলৰ পুলি ৰোপন কৰে ।
অৱসৰপ্ৰাপ্ত শিক্ষক চুক্ৰধৰ বসুমতাৰীয়ে ড্ৰেগন খেতিৰ কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ YouTube ৰ পৰা শিকিয়েই আৰম্ভ কৰিছিল ড্ৰেগন ফলৰ খেতি । প্ৰায় দুবছৰৰ পূৰ্বে এক ব্যক্তিক্ৰমী প্ৰচেষ্টাৰে ড্ৰেগন ফলৰ খেতি আৰম্ভ কৰি এতিয়া ড্ৰেগন ফল বিক্ৰী কৰি নিজৰ উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে ড্ৰেগন ফলৰ খেতিত মাজে সময়ে অন্য লোককো কৰ্ম সংস্থাপন দিবলৈ সক্ষম হৈছে ।