যোৰহাট :মৰম, চেনেহ এইবোৰ কেৱল এটা শব্দ নহয়, এয়া এক আবেগ ৷ এগৰাকী মাতৃৰ হিয়া ভগা কান্দোনৰ ৰোল কোনে শুনিব বা কোনেনো বুজিব ! নিজৰ সন্তানটি যেনেকুৱাই নহওক, সকলো মাতৃৰ বাবে সেই সন্তানটো পৃথিৱীৰ সকলোতকৈ শুৱনি আৰু সকলোতকৈ সৰ্বশ্ৰেষ্ঠ ৷
মৃত্যু হ’লেও যেন মাতৃয়ে কোনো কাৰণতে এৰি নিদিয়ে নিজৰ কলিজাৰ টুকুৰাটো ৷ সেয়া লাগিলে মানুহেই হওক বা অন্য জীৱ-জন্তুৰ ক্ষেত্ৰততে হওক, কোনো পৃথক নহয় ৷ সন্তানৰ অকাল মৃত্যুয়ে কিমান মনোকষ্ট দিয়ে এগৰাকী জন্মদাত্ৰীক, সেয়া হয়তো শব্দৰে বুজালৈ কঠিন হ’ব ৷
হাতী পোৱালিৰ মৃত্যু (ETV Bharat Assam)
সন্তানৰ মৃত্যু বেদনা সহ্য কৰিব নোৱাৰি জন্মদাত্ৰীয়ে মৰা মৰণকাতৰ আৰ্তনাদৰ অশ্ৰুবিসৰ্জ্জনে এতিয়া সকলোকে ব্যথিত কৰি তুলিছে ৷ পিছে আজি আমি কোনো মানুহৰ কথা ক’বলৈ লোৱা নাই ৷ আমি ক’বলৈ লৈছো এজনী হাতীৰ কথাহে ৷
ঘটনাটো মৰিয়নীৰ ৷ মৰিয়নী হোলোঙাপাৰাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহিছিল এটা বৃহৎ বন্যহস্তীৰ জাক ৷ এই হাতীৰ জাকটোত আছিল কেবাটাও পোৱালি ৷ কিন্তু কোনো কাৰণবশতঃ মৃত্যু হয় এটা হাতীৰ পোৱালিৰ ৷
কিন্তু কণমানি হাতী পোৱালিটোৰ হঠাৎ মৃত্যুৱে মনোকষ্ট দিছে জন্মদাত্ৰীক ৷ সেয়েহে সন্তানৰ মৃত্যু বেদনা সহ্য কৰিব নোৱাৰি বুধবাৰে ওৰে নিশা মৰণকাতৰ আৰ্তনাদ কৰি থাকে হাতী পোৱালিটোৰ মাকজনীয়ে ।
আনকি মৃত হাতীৰ পোৱালিটোক এৰি নিদি মাকজনীয়ে শুঁৰেৰে ওৰে নিশা এটা স্থানৰ পৰা অন্য এটা স্থানলৈ কঢ়িয়াই লৈ ফুৰে । প্ৰায় ত্ৰিশ কিলোমিটাৰ ধৰি মাকজনীয়ে মৃত হাতী পোৱালিটোক কঢ়িয়াই লৈ ফুৰা দৃশ্যই সকলোৰে চকু সেমেকাই তুলিছে ৷
ইফালে এই বাতৰি লাভ কৰি ঘটনাস্থলীত স্থানীয় ৰাইজৰ লগতে বন বিভাগৰ দল উপস্থিত সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি আছে ৷ কি কাৰণত, কি পৰিস্থিতি কণমাণি হাতী পোৱালিটোৰ মৃত্যু হ’ল সেই কথা বাতৰি লিখা পৰ্যন্ত জানিব পৰা নাই ৷