তিনিচুকীয়া, ২৮ মে’:তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এজন কয়লা ব্যৱসায়ীৰ ঘৰত মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ তথা মাৰ্ঘেৰিটা আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা ২ পৰা অভিযান চলাই বৃহৎ পৰিমাণৰ ধন জব্দ কৰিবলৈ সক্ষম হয় ৷ কয়লা ব্যৱসায়ী "ৰণ লুংচাং" নামৰ ব্যৱসায়ীজনৰ বিলাসী ঘৰত চলোৱা হয় এই অভিযান ৷ অৱশ্যে অভিযান সময়ত আৰক্ষী আৰু প্ৰশাসনৰ চকুত ধূলি মাৰি ৰণ লুংচাঙে পলায়ন কৰিবলৈ সক্ষম হয় যদিও অভিযানকাৰী দলে তেওঁৰ বাসগৃহৰ পৰা ২কোটি ৯৮ লাখ টকা জব্দ কৰে ৷
ৰণ লুংচাঙৰ বাসগৃহটো ইমানেই বিলাসী যে গা ধোঁৱা কোঠাটো শীততাপ নিয়ন্ত্ৰিত ৷ বাসগৃহৰ এটা কোঠাতেই উদ্ধাৰ হোৱা টকাখিনি হিচাপ কৰোতেই আৰক্ষীৰ সময় লাগিল কেইবা ঘণ্টাও ৷ এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষীয়ে পুৱতিনিশা ব্যৱসায়ীজনৰ ঘৰত এই অভিযান চলাইছিল ৷
লগতে পঢ়ক:মন্ত্ৰীৰ পিএৰ ঘৰত কাম কৰা লোকৰ পৰা উদ্ধাৰ ২৫ কোটি টকা - ED raid in Ranchi
ৰণ লুংচাঙৰ লিডুৰ টিকক অঞ্চলত থকা বাসগৃহত মঙলবাৰৰ পুৱা প্ৰায় ৮ বজাৰ পৰ্যন্ত চলে এই অভিযান ৷ লিডু টিকক ৱেষ্ট মাইনিঙৰ অবৈধ কয়লা খনিত জীৱন্তে ভূগৰ্ভস্থ হোৱা তিনিজন কয়লা শ্ৰমিক মৃত্যুৰ ঘটনাৰ সৈতে এই ব্যৱসায়ীজন জড়িত থকাৰ যোগসূত্ৰ লাভ কৰিছিল আৰক্ষীয়ে আৰু তাৰ পাচতে মাৰ্ঘেৰিটা আৰক্ষীৰ এটা বৃহৎ দলে বাসগৃহটোত অভিযান চলায় ৷