অসম

assam

ETV Bharat / state

অবিশ্বাস্য হ’লেও এতিয়াও সমাজত জীয়াই আছে অন্ধবিশ্বাস - Superstition in Narayanpur

Superstition in Narayanpur: অন্ধবিশ্বাসৰ চূড়ান্ত পৰিণতি । আই লম্ভা লোকে তাণ্ডৱ চলালে এটা পৰিয়ালৰ ওপৰত । হাত উজান দিলে একাংশ গাঁওবাসীয়ে । সাৰি নগ'ল বোকোচাত বান্ধি থোৱা কেঁচুৱাও । ক'ত সংঘটিত হৈছে এই লাজলগা ঘটনা ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

By ETV Bharat Assamese Team

Published : May 8, 2024, 8:55 PM IST

Updated : May 8, 2024, 9:18 PM IST

A FAMILY FELL VICTIM TO SUPERSTITION AT NARAYANPUR IN BIHPURIAA FAMILY FELL VICTIM TO SUPERSTITION AT NARAYANPUR IN BIHPURIA
অন্ধবিশ্বাসৰ কৱলৰ পৰা সাৰি নগ'ল বোকোচাৰ কেঁচুৱাও (ETV Bharat Assam)

অন্ধবিশ্বাসৰ কৱলৰ পৰা সাৰি নগ'ল বোকোচাৰ কেঁচুৱাও (ETV Bharat Assam)

বিহপুৰীয়া,৮ মে':আই লম্ভিছে । আপুনি হয়তো শুনি আচৰিত হৈছে । বিজ্ঞান প্ৰযুক্তিৰ উত্তৰণৰ সময়তো এয়া জানো সম্ভৱ ? আপুনি মই বিশ্বাস কৰিবলৈ টান পোৱা এনেবোৰ কথা এতিয়া সুলভ হৈ পৰিছে এইখন অসমত । আইৰ নামত ভণ্ডামি । কামুৰি, মহিলাৰ শ্লীলতা হানি কৰি উপদ্ৰৱ । এক অবৰ্ণনীয় পৰিৱেশ । স্থান: নাৰায়ণপুৰৰ বকুলগুৰি । বিগত এপষেক ধৰি বকুলগুৰিত চলি আছে এই ভণ্ডামি । গাঁওখনৰ ৪ গৰাকী মহিলা আৰু ৩ গৰাকী পুৰুষৰ গাত আই লম্ভা বুলি চলিছিল প্ৰচাৰ । গাঁওখনৰ অনিয়ম, বিশৃংখলতা আঁতৰাবলৈ আয়ে পৰামৰ্শ দিলে নাম-কীৰ্তন আৰু ভাওনা পতাৰ । গাঁৱৰ ৰাইজেও আইৰ পৰামৰ্শ অনুসৰি সকলো কৰি গ'ল । ইমানলৈকে সকলো ঠিকেই আছিল । তাৰ পাছতেই আৰম্ভ ভণ্ডামি ।

আয়ে বিচাৰিলে নৰবলি । লক্ষ্য হ'ল এখন বিশেষ ঘৰ । চাংঘৰৰ পৰা কোলাৰ কেঁচুৱাৰ সৈতে দলিয়াই দিলে মহিলাক । আইৰ নেতৃত্বত লণ্ড ভণ্ড কৰা হ'ল এজন লোকৰ বাসগৃহ । মিচিং জনগোষ্ঠীৰ উক্ত লোকজনৰ চোতালত গাঁৱৰ একাংশ লোকৰ উপস্থিতিত চলি গ'ল মানৱ সমাজক লজ্জানত কৰা এখন নাটক । শোৱনী কোঠাত প্ৰৱেশ কৰি বাকচ ভাঙি নগদ ধন লৈ যোৱাৰ অভিযোগো উত্থাপন কৰে ভুক্তভোগীয়ে ।

একাংশ সচেতন ৰাইজৰ অভিযোগ পোৱাৰ পাছতে সৰৱ হ'ল আৰক্ষী । আইৰ নামত ভণ্ডামি কৰি অহা এগৰাকী মহিলাসহ দুই ভাতৃ অৱশেষত ৰঙা ঘৰৰ আলহী হ'ল । কিন্তু এতিয়াও মুকলি আকাশৰ তলত কেইবাটাও অভিযুক্ত । যাৰ পৰিপ্ৰেক্ষিতত মিছিং জাতীয় সংগঠন টি এম পি কেৰ নেতৃত্বত স্থানীয় ৰাইজে ঘটনাৰ উচিত তদন্ত বিচাৰি ধলপুৰ আৰক্ষী চকীত ৰূপায়ণ কৰে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । প্ৰশাসনলৈ কৰিলে প্ৰশ্ন । প্ৰশ্ন হয় বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগত কেনেদৰে সংঘটিত হ'বলৈ পালে এনেধৰণৰ অলৌকিক ঘটনা । কাৰ প্ৰৰোচনাত পৰি এনেদৰে ভণ্ডামিৰ আশ্ৰয় ললে এইসকল লোকে । ফাদিল হ'ব আৰক্ষীৰ তদন্তৰ পাছত ।

লগতে পঢ়ক:স্বয়ং ভগৱানৰ ৰূপত আহিল দুটা ঘোঁৰা: ক’ত এই ঘটনা ? - White Horse In Gohpur

মমিন আলীয়ে লৈ গ’ল ঘোঁৰাৰূপী ভগৱানক ! - White Horse In Gohpur

Last Updated : May 8, 2024, 9:18 PM IST

ABOUT THE AUTHOR

...view details