অসম

assam

ETV Bharat / state

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৯৩ সংখ্যক ওপজা বাৰ্ষিকী উদযাপন - Novelist Bhabendra Nath Saikia

83rd Birth Anniversary of Bhabendra Nath Saikia : আজি ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম বাৰ্ষিকী ৷ আজি শ্ৰদ্ধাৰে সকলোকে সুঁৱৰিছে অসমৰ সমাজ, সাহিত্য, সাংস্কৃতিক জগতখনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা ড৹ শইকীয়াক ৷

83rd Birth Anniversary of Bhabendra Nath Saikia
ভবেন্দ্ৰ নাথ শইকীয়াক স্মৰণ

By ETV Bharat Assamese Team

Published : Feb 20, 2024, 8:06 PM IST

Updated : Feb 21, 2024, 7:55 AM IST

কলিয়াবৰ, ২০ ফেব্ৰুৱাৰী :আজি (মঙলবাৰ) ড॰ ভবেন্দ্ৰ নাথ শইকীয়াৰ ৮৩ সংখ্যক ওপজা বাৰ্ষিকী । ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰী তাৰিখে নগাঁৱত জন্মগ্ৰহণ কৰা ভবেন্দ্ৰ নাথ শইকীয়াই অসমৰ সমাজ, সাহিত্য, সাংস্কৃতিক জগতখনলৈ প্ৰভূত বৰঙণি আগবঢ়াই থৈ গৈছে ৷

ভবেন্দ্ৰ নাথ শইকীয়াৰ ৯৩ সংখ্যক ওপজা দিৱস

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল । কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে কৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে ।

আজি কলিয়াবৰৰ ভবেন্দ্ৰ নাথ শইকীয়াৰ স্মৃতিত প্ৰতিষ্ঠা হোৱা বৰ্তমানৰ কলিয়াবৰ মহকুমা পুথিভঁৰালত ভবেন্দ্ৰ নাথ শইকীয়াৰ ৯৩ সংখ্যক জন্মদিন অনুষ্টুপীয়াকৈ পালন কৰা হয় । পুথিভঁৰালৰ চৌহদত স্থাপিত ভবেন্দ্ৰ নাথ শইকীয়াৰ আৱক্ষ মূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে অভ্যাগতসকলে ।

ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম বাৰ্ষিকী

পুথিভঁৰালৰ সমুখতে চলিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কুঁৱৰীটোল হাইস্কুলৰ পৰীক্ষা কেন্দ্ৰৰ বাবে পূৰ্বৰ আড়ম্বৰপূৰ্ণ কাৰ্যসূচী পৰিহাৰ কৰি নিচেই অনুষ্টুপীয়াকৈ পালন কৰা অনুষ্ঠানত উপস্থিত থাকে ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰালৰ প্ৰতিষ্ঠা কালৰে পৰা জড়িত অন্যতম ব্যক্তি সমাজকৰ্মী প্ৰদীপ বৰুৱা, কমল বৰদলৈ, পূৰ্ণকান্ত গোস্বামী, বিমল বৰদলৈ, সংবাদকৰ্মী ৰূপজ্যোতি গোস্বামী, আশিস শইকীয়া, অভিজিত হাজাৰী প্ৰমুখ্যে পুথিভঁৰালৰ কৰ্মচাৰীবৃন্দ ।

ভবেন্দ্ৰ নাথ শইকীয়াক স্মৰণ

অসমীয়া প্ৰতিটো স্তৰতে অনবদ্য অৱদান আগবঢ়োৱা ব্যক্তিগৰাকীৰ স্মৃতি ৰক্ষাৰ লগতে পুথি অধ্যয়নৰ জৰিয়তে নৱপ্ৰজন্মক আকৰ্ষিত কৰিবলৈ উপস্থিত সকলোৱে সংকল্প গ্ৰহণ কৰে । ২০০৬ চনৰ ৯ ফেব্ৰুৱাৰী তাৰিখে তদানীন্তন অসমৰ মুখ্যমন্ত্ৰীয়ে 'ভবেন্দ্ৰ নাথ শইকীয়া ৰাজহুৱা পুথিভঁৰাল' নামেৰে শুভ উদ্বোধন কৰাৰ পাচত ২০১৬ চনত 'কলিয়াবৰ মহকুমা পুথিভঁৰাল'লৈ উন্নীত হয় ।

২০১৯ চনৰ পৰা পূৰ্ণাংগ পৰ্যায়ৰ মহকুমা পুথিভঁৰাল ৰূপে কাম-কাজ আৰম্ভ হয় । শেহতীয়াকৈ ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই বৰ্তমান নিৰ্মীয়মান কলিয়াবৰ মহকুমা পুথিভঁৰালৰ আধাৰশিলা স্থাপন কৰে ।

লগতে পঢ়ক :ডিব্ৰুগড় বিশ্ববিদ্যালয়ক বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয় হিচাপে উদ্বোধন

Last Updated : Feb 21, 2024, 7:55 AM IST

ABOUT THE AUTHOR

...view details