উল্লেখ্য যে, এয়াই প্ৰথম ঘটনা নহয় ৷ ইয়াৰ পূৰ্বেও বহুবাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা বিভিন্ন সময়ত ওলাই অহা বন্যপ্ৰাণীয়ে মানুহক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈ আহিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত বহু লোকৰ মৃত্যু হোৱাৰ উপৰিও বহুলোক চিৰদিনৰ বাবে ঘুণীয়া হ’ব লগাত পৰিছে ।
তথ্য মতে, চলিত বৰ্ষৰ ৬ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ এলেকাধীন পানীজুৰি বন শিবিৰৰ সমীপত বনকৰ্মীৰ সৈতে ৰাষ্ট্ৰীয় উদ্যানলৈ যোৱা এজন স্থানীয় লোক গঁড়ৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় । আহত লোকজন প্ৰায় ৩৫ বছৰীয়া লক্ষী টেৰণ ৷
আনহাতে, ২০২৪ ৰ ১৬ ডিচেম্বৰত পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৰ ঝাৰগাঁও অঞ্চলত গঁড়ৰ আক্ৰমণত এজন ৫৫ বছৰীয়া ব্যক্তি আহত হয় ৷ আনকি ২০২৪ৰ ৩০ ছেপ্টেম্বৰতো পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপত গঁড়ৰ আক্ৰমণত এজন বাইক আৰোহীৰ মৃত্যু হৈছিল । নিহত লোকজন কামৰূপ (মেট্ৰ’) জিলাৰ সোণাপুৰ কচুতলী অঞ্চলৰ বাসিন্দা ছাদ্দাম হুছেইন (৩৭) আছিল ।