বৰপেটা/মাজুলী,২৪ আগষ্ট:আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি । সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰত তেৰাৰ গুণানুকীৰ্তনেৰে স্মৰণ কৰিছে ভকত-বৈষ্ণৱে । জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজি মহাসমাৰোহেৰে পালন কৰা হয় মাধৱদেৱ গুৰুজনাৰ তিৰোভাৱ তিথি মহোৎসৱ । বৰপেটা সত্ৰত মাধৱদেৱৰ তিৰোভাৱ তিথি কীৰ্তন মহোৎসৱ হিচাপে পালন কৰা হয় । কীৰ্তন মহোৎসৱ উপলক্ষে বৰপেটা সত্ৰত আজি অগণন ভক্ত বৈষ্ণৱৰ সমাগম হয় । গুৰুজনাৰ প্ৰতি সেৱা জনোৱাৰ বাবে পুৱাৰে পৰাই সত্ৰত ভিৰ কৰে ভক্তসকলে । পুৱাৰ পৰাই আজি সত্ৰত অনুষ্ঠিত হয় নাম প্ৰসংগ । কৃষ্ণ নাম ধ্বনিৰ ৰসেৰে মুখৰিত হৈ পৰে সত্ৰনগৰী বৰপেটা ।
আজি পুৱাৰ পৰাই বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া গৌতম পাঠকৰ লগতে সত্ৰৰ ভকতসকলে কীৰ্তনঘৰত অনুষ্ঠিত প্ৰসংগত ভাগ লয় । বৰপেটা সত্ৰত পালন কৰা মহাপুৰুষ মাধৱদেৱৰ কীৰ্তন মহোৎসৱ উপলক্ষে চৈধ্য প্ৰসংগৰ উপৰিও নিত্য নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হয় । সত্ৰৰ গায়ন বায়ন, ঘোষা কীৰ্তনীয়া, ব্যাস কীৰ্তনীয়া আৰু নাম কীৰ্তনীয়াই তাল ভংগ নকৰাকৈ হৰিনাম কীৰ্তনক আগস্থান দি অবিৰতভাৱে কীৰ্তন কৰি অহাৰ বাবে মাধৱদেৱ মহাপুৰুষৰ তিৰোভাৱ তিথি মহোৎসৱক বৰপেটা সত্ৰত কীৰ্তন মহোৎসৱ বুলি কোৱা হয় । মাধৱদেৱৰ তিৰোভাৱ তিথি মহোৎসৱ বৰপেটা সত্ৰত দহদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে । বিয়লি সত্ৰত ঘোষা কীৰ্তন, ব্যাস কীৰ্তন পৰিৱেশন কৰাৰ লগতে দক্ষিণহাটীৰ বাপুসকলে এক আকৰ্ষণীয় সাংস্কৃতিক শোভাযাত্ৰাৰে সত্ৰত কৰভাৰ প্ৰদান কৰিব ।
মাজুলীতো পালন শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি: