ডিব্ৰুগড়:বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত টাই জনগোষ্ঠীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ । নিজৰ ভাষা, সংস্কৃতি, পৰম্পৰাৰে স্বকীয়তা বজাই ৰাখি অসমীয়া সমাজ ব্যৱস্থাত নিজৰ সমন্বয়ৰ ধাৰা বজাই ৰাখিছে টাই আহোম জনগোষ্ঠীয়ে । কেৱল অসমতেই নহয় ভাৰতবৰ্ষৰ লগতে বিশ্বৰ কেইবাখনো ৰাষ্ট্ৰত টাই জনগোষ্ঠীয় মূলৰ জনবসতিৰ আজিও অস্তিত্ব পোৱা যায় ।
আধুনিক সমাজৰ ব্যৱস্থাৰ ধামখুমীয়াত জনগোষ্ঠীৰ বেছি সংখ্যকে নিজৰ পৰম্পৰা ভাষা-সংস্কৃতিৰ পৰা কিছু আঁতৰি অহা পৰিৱেশ সৃষ্টি হৈছে । সেই জনগোষ্ঠীৰ মাজত নিজস্ব স্বকীয়তা ৰাখিবলৈ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে জনগোষ্ঠীটোৰ ৰাইজে ।
ইয়াৰ পৰিপ্ৰেক্ষিতত টাই ভাষা-সংস্কৃতিক জীয়াই ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড়ৰ টেঙাখাটৰ লাঙী গদাপানী ক্ষেত্ৰত আজিৰে পৰা ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱ ২০২৫ । দেশী-বিদেশী পৰ্যটকৰ উপস্থিতিত আজিৰে পৰা আৰম্ভ হোৱা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ আৰু প্ৰথম আন্তঃৰাষ্ট্ৰীয় টাই যুৱ মহোৎসৱে জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ধাৰা শক্তিশালী কৰিব বুলি আশা প্রকাশ কৰে উদ্যোক্তাসকলে ।
United Tai Ethnic Socio-Cultural Organizationৰ উদ্যোগত অনুষ্ঠিত এই বৰ্ণাঢ্য কাৰ্যসূচীত দেশ- বিদেশৰ টাই মূলৰ পৰ্যটকে অংশগ্ৰহণ কৰাৰ লগতে নিজৰ সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব ।
ম্যানমাৰ, থাইলেণ্ডৰ পৰ্যটকৰ অংশগ্ৰহণ: