কোকৰাঝাৰ, ২৭ জানুৱাৰী : কোকৰাঝাৰ চহৰৰ সমীপৱৰ্তী গৌৰাং নদীৰ পাৰৰ বডোফা সাংস্কৃতিক প্ৰকল্পৰ চৌহদত শনিবাৰৰ পৰা আৰম্ভ হ’ল তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱ ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱৰ আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰা অৰুণাচল বিধান সভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷
তৃতীয় কোকৰাঝাৰ সাহিত্য উৎসৱত জাপান, ম্যানমাৰ, থাইলেণ্ড, শ্ৰীলংকা, ইষ্টনিয়া, কেনিয়া, বাংলাদেশ, ভূটানকে ধৰি আঠখন বিদেশী ৰাষ্ট্ৰৰ কবি-সাহিত্যিকৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ ১৮০ গৰাকী কবি-সাহিত্যিকে অংশগ্ৰহণ কৰিছে ৷ উল্লেখ্য যে সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি ‘লিৰথুমলাই‘ নামৰ এখন স্মৃতি গ্ৰন্থও উন্মোচন কৰে অৰুণাচল বিধান সভাৰ অধ্যক্ষ পাছাং দৰ্জী সোণাই ৷
কোকৰাঝাৰ সাহিত্য উৎসৱৰ আজিৰ প্ৰথম দিনা কবিতা আবৃত্তি, কবি সন্মিলন, সন্ধিয়া মমবাতি প্ৰজ্বলন আৰু সাংস্কৃতিক আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয় ৷ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী উৰ্খাওগৌৰা ব্ৰহ্ম, বিটিআৰ প্ৰধান প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য নিলুৎ স্বৰ্গীয়াৰী, আয়োজক সমিতিৰ সভাপতি অনিল বড়ো, বিধায়ক লৰেন্স ইছলাৰীসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷