কাজিৰঙা:২০২৪ বৰ্ষৰ শেষৰ দিনটো উদুলি-মুদুলি কাজিৰঙা । কাজিৰঙাৰ বনভোজ থলীত বিভিন্ন বনভোজ দলৰ ভিৰ । ২০২৪ বৰ্ষক বিদায় দি নতুন বছৰক আদৰাৰ প্ৰস্তুতিৰে ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে কাজিৰঙাৰ বনভোজথলীত দেখা গৈছে শাৰীয়ে শাৰীয়ে বনভোজ খাবলৈ অহা দলৰ ভিৰ । বন্ধু-বান্ধৱ ওচৰ-চুবুৰীয়াই লগে ভাগে সকলোৱে মিলি কাজিৰঙাৰ বনভোজথলীত এসাঁজ আনন্দেৰে খোৱাৰ লগতে নাচি বাগি কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য মাজত বিলীন হৈছে এইসকল ।
তাৰ মাজতে খাকী পোছাক এৰি এজাক যুৱতীয়ে বছৰৰ শেষৰটো দিন উদযাপন কৰিছে । প্ৰায় কুৰিগৰাকী অসম আৰক্ষীত কৰ্মৰত যুৱতীয়ে নিজ কৰ্তব্য তথা দায়িত্ব পালন কৰি বছৰৰ শেষৰটো দিনত আত্মহাৰা হৈ পৰিছে । উল্লেখ্য যে বছৰৰ শেষৰ দিনটোত আজি উদুলি-মুদুলি হৈ পৰিছে কাজিৰঙাৰ বাকৰি । ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত ভ্ৰমণৰ উদ্দেশ্যত শীতৰ কুঁৱলী ফালি বিভিন্ন দেশী-বিদেশী পৰ্যটক উপস্থিত হয় কাজিৰঙাত ।
কংক্ৰিটৰ পৃথিৱীৰ পৰা নৈসৰ্গত জীৱনৰ গান বিচাৰি অহা পৰ্যটকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ পিঠিত উঠি, জীপ ছাফাৰী কৰি আপ্লুত হৈ পৰা পৰিলক্ষিত হয় । ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি আৰম্ভ হোৱা কাজিৰঙা পৰ্যটনলৈ আগমণ ঘটা বহু পৰ্যটকেও বনভোজ খায় । আনকি, কাজিৰঙালৈ চাকৰি কৰিবলৈ আহিও পিকনিকত অংশগ্ৰহণ কৰে একাংশ । তেনেকৈয়ে অসম আৰক্ষীত চাকৰিৰ সূত্ৰে কাজিৰঙাত বিগত ছমাহে শিৱিৰ পাতি থকা এইসকল যুৱতীয়েও বনভোজ খাই আপ্লুত হৈ পৰিছে ।