অসম

assam

ETV Bharat / state

বন্ধ হ’ব ৰাজ্যৰ 200 টা বটলিফ ফেক্টৰী: গভীৰ সংকটৰ দিশে অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ - Small tea gardens in Assam - SMALL TEA GARDENS IN ASSAM

Small tea farmers of Assam: অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত কিনিবলৈ অস্বীকাৰ অসম বটলিফ চাহ নির্মাতা সন্থাৰ ৷ চাহ ব’ৰ্ডৰ এক নিৰ্দেশনা অনুসৰি গ্ৰহণ এই সিদ্ধান্ত ৷ অনিশ্চয়তাত লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক ৷

ASSAM SMALL TEA GARDENS
SMALL TEA GARDENS IN ASSAM (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 22, 2024, 7:39 PM IST

গভীৰ সংকটৰ দিশে অসমৰ ক্ষুদ্ৰ চাহ উদ্যোগ (ETV Bharat Assam)

মৰাণ, 22 মে’: অসম বটলিফ চাহ নির্মাতা সন্থাই (ABLMTA) অহা 1 জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়ৰ পৰা কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা প্ৰচাৰ হোৱাৰ পিছতেই হাহাকাৰ লাগিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ মাজত । যাক লৈ এতিয়া গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়ক । কিয়নো কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ গইনা লৈ ৰাজ্যৰ কলঘৰসমূহে অহা 1 জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাত নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

অসম বটলিফ চাহ নির্মাতা সন্থাই লোৱা সিদ্ধান্তক মানি ল'ব খোজা নাই ৰাজ্যৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে । অসম বটলিফ চাহ নিৰ্মাতা সন্থাই সম্পূর্ণ একপক্ষীয়ভাৱে কৰা এই সিদ্ধান্ত অযুক্তিকৰ, প্ৰৰোচনামূলক আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ উৎপাদিত কেঁচা চাহপাতৰ মূল্য হ্ৰাস কৰাৰ এইয়া এক গভীৰ ষড়যন্ত্ৰ বুলি দাবী কৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।

ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অভিযোগৰ পাছতে অসম বটলিফ চাহ নির্মাতা সন্থা (ABLMTA)ৰ পৰা এই সম্পৰ্কত জানিবলৈ যোগাযোগ কৰিছিল ই টিভি ভাৰতে । অসম বটলিফ চাহ নির্মাতা সন্থাৰ সভাপতি চান্দ কুমাৰ গোহাঁইয়ে ই টিভি ভাৰতক ফোনযোগে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ বিষয়টোক লৈ তেওঁলোক অতি চিন্তিত । চাহ ব’ৰ্ডে তেওঁলোকলৈ দিয়া নিৰ্দেশৰ ভিত্তিত অহা 1 জুনৰ পৰা কেঁচা চাহপাত সংগ্ৰহ নকৰা বিষয়টো অৱগত কৰা হৈছে । চাহ ব’ৰ্ডে বটলিফ চাহ ফেক্টৰী সমুহত নিৰ্মাণ হোৱা চাহত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণ লাভ কৰাৰ অভিযোগ কৰিছে যদিও ৰাজ্যৰ কোন ঠাই বা জিলাত এনে ধৰণৰ সমস্যা হৈছে তাৰ কোনো নিৰ্দিষ্ট তথ্য দিব পৰা নাই ।

লগতে পঢ়ক:গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ - Small Tea Planters

তেওঁ লগতে কয় যে ভাৰতবৰ্ষৰ বৃহৎ চাহ কোম্পানীসমূহক অধিক লাভান্বিত কৰাৰ উদ্দেশ্যে অসমৰ পৰা বটলিফ চাহ ফেক্টৰীসমুহ নিঃশেষ কৰি দিয়াৰ পৰিকল্পনা কৰি এইদৰে চাহ ব’ৰ্ডে নতুন নিয়ম ঘোষণা কৰিছে । চাহ ব’ৰ্ডৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে আৰু চাহ ব’ৰ্ডৰ যি শোষণ নীতি তাৰ বিৰোধিতাৰে ৰাজ্যখনত থকা প্ৰায় 300 বটলিফ চাহ ফেক্টৰীৰ ভিতৰত 200 ফেক্টৰী বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম বটলিফ চাহ নির্মাতা সন্থাই ৷ ইতিমধ্যে চাহ ব’ৰ্ডক জনোৱা হৈছে বুলিও জানিবলৈ দিছে গোহাঁয়ে ৷

অসম বটলিফ চাহ নির্মাতা সন্থাৰ সভাপতি চান্দ কুমাৰ গোহাঁইয়ে লগতে কয়, ‘‘চাহ উৎপাদন, গুণাগুণৰ লগত জড়িত বিষয় সমূহৰ সন্দৰ্ভত চাহ ব’ৰ্ডে অসম বটলিফ চাহ নির্মাতা সন্থাৰ সৈতেও আলোচনা কৰাৰ প্ৰয়োজন আছিল ৷ কিন্তু কেৱল একাংশ বৃহৎ চাহ কোম্পানীৰ সৈতেহে চাহ ব’ৰ্ডে আলোচনা কৰি সিদ্ধান্ত লয় ৷ ফলত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাত পৰিব লগা হৈছে । ভাৰতবৰ্ষৰ 52 % চাহ অসমৰ বটলিফ চাহ ফেক্টৰীসমূহত উৎপাদন কৰি আহিছে যদিও অসম বটলিফ চাহ নির্মাতা সন্থাক চাহ ব’ৰ্ডে কোনো ধৰণৰ গুৰুত্ব নিদিয়ে ৷ এই বিষয়টো কেন্দ্ৰীয় উদ্যোগ মন্ত্ৰীক অৱগত কৰা হৈছে যদিও আজি পৰ্যন্ত কোনো সুফল লাভ কৰা নাই ৷’’

লগতে পঢ়ক:কিদৰে চৰকাৰী সিদ্ধান্তই বিপদত পেলাইছে অসমৰ চাহ উদ্যোগক ? - Assam tea industry

ইফালে ৰাজ্য চৰকাৰৰ উদ্যোগ বিভাগক এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনোৱাৰ পাছতে ডিব্ৰুগড়ৰ মৰাণত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে উদ্যোগ মন্ত্ৰী বিমল বৰাই ।

তেওঁ কয়, ‘‘অসমৰ চাহ শিল্পত ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অৱদান যথেষ্ট আছে ৷ কিন্তু শেহতীয়াকৈ খবৰ আহিছে অসমৰ চাহ ফেক্টৰীসমূহত যি চাহ উৎপাদন হয়, তাত স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক কেমিকেলৰ উপস্থিতি পোৱা গৈছে । এই বিষয়ে বৃহৎ চাহ কিনোতা সংস্থাই চাহ ব’ৰ্ডক অভিযোগ কৰিছে । সেই কাৰণে ভাল চাহ উৎপাদনৰ বাবে চাহ ব’ৰ্ডে নিৰ্দেশনা দিছে । এই নিৰ্দেশনা সকলো চাহ বাগিচা আৰু বটলিফ চাহ ফেক্টৰীসমূহলৈ প্ৰেৰণ কৰিছে ।’’

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা 1 জুনৰ পৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ কেঁচা চাহপাত ক্ৰয় নকৰাৰ সিদ্ধান্ত সম্পৰ্কত ইতিমধ্যে অসম বটলিফ চাহ নির্মাতা সন্থা আৰু চাহ ব’ৰ্ডৰ সৈতে আলোচনা কৰা হৈছে । এই সমস্যা সমাধানৰ বাবে ইতিমধ্যে ৰাজ্যৰ মুখ্য সচিবক নিৰ্দেশ দিয়া হৈছে ৷

লগতে পঢ়ক:কেঁচা পাত নলয় বটলিফ ফেক্টৰীয়ে: ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ - Assam Tea Industry

ABOUT THE AUTHOR

...view details