লখিমপুৰ, ২৫ মে’:এজন লোকৰ মৃত্যুক কেন্দ্ৰ লখিমপুৰৰ খেলমাটি আৰক্ষী চকীত বৃহস্পতিবাৰে পুৱা এদল উন্মত্ত লোকে কৰা আক্রমণৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ বৰ্তমানলৈ এই আক্ৰমণৰ ঘটনাৰ লগত জড়িত থকা সন্দেহত আৰক্ষীয়ে দুই নাবালকসহ মুঠ ১৫ জনক গ্ৰেপ্তাৰ কৰিছে ৷ ঘটনাৰ এদিনৰ পাচতেই আৰক্ষীয়ে নগৰখনৰ চান্দমাৰীকে ধৰি বিভিন্ন স্থানত ওৰে নিশা অভিযান চলাই আক্রমণকাৰীকেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । সম্প্ৰতি আটকাধীন আটাইকে সদৰ থানাত ৰখা হৈছে । গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত দুজন নাবালকো আছে বুলি জানিব পৰা হৈছে ।
আৰক্ষীয়ে উক্ত ঘটনাৰ লগত জড়িত থকা সন্দেহত গ্ৰেপ্তাৰ কৰাকেইজন ক্ৰমে মালেক আলী, মণিৰুল ইছলাম, ছাহজাহান আলম, চনি আহমেদ, জাহাংগীৰ আলী, পাপু খান, মোবাৰক আলী, মজিবুৰ ৰহমান, আজিজুৰ ৰহমান, কাছেম আলী, বাহাৰুল ইছলাম, আনাৰুল ইছলাম, মফুজুৰ ৰহমান আৰু দুজন নাবালক । আৰক্ষীয়ে অভিযুক্তকেইটাৰ পৰা জুই জ্বলোৱাৰ কেতবোৰ সঁজুলি, পে‘ট্ৰলৰ বটল, দা, চুৰি, লাঠি, শিল আদি সামগ্রী জব্দ কৰিছে বুলি জানিব পৰা হৈছে ।
লগতে পঢ়ক:আচামীৰ মৃত্যুক লৈ জ্বলিছে লখিমপুৰৰ খেলমাটি ; পৰিস্থিতি উত্তেজনাপূৰ্ণ - Attack On Khelmati Out Post
লখিমপুৰ সদৰ থানাত জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ক্ৰমে নয়নমণি বৰ্মন, লৱ কুমাৰ ডেকা আৰু ডেইজী গগৈয়ে শনিবাৰে বিয়লি ঘটনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷ হত্যাৰ উদ্দেশ্য, ৰাজহুৱা সম্পত্তি হানি আদি অভিযোগত লখিমপুৰ সদৰ থানাত ৰুজু কৰা ১৪১/২০২৪ নম্বৰৰ আৰু ১২০ বি/১৪৩/১৪৭/৩২৬/৩০৭/৩৩৮/৩৩৩ ধাৰাৰ লগতে ডব্লিউ আৰ-৪-পিডিপিপি আইনৰ ধাৰা মতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক কেইগৰাকীয়ে জানিবলৈ দিয়ে ।
এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান অব্যাহত ৰাখিব বুলি উল্লেখ কৰি অতিৰিক্ত আৰক্ষী অধীক্ষক কেইগৰাকীয়ে বহুলোক আৰক্ষীৰ জালত পৰিব বুলিও জানিবলৈ দিয়ে ৷ গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত দুজন পলাবলৈ উদ্যত হোৱা স্থানৰ পৰা আৰু বাকীকেইজনক ঘৰৰ পৰাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বুলিও অতিৰিক্ত আৰক্ষী অধীক্ষক কেইগৰাকীয়ে উল্লেখ কৰে ৷