অসম

assam

ETV Bharat / state

আভ্যন্তৰীণ কন্দলে বিপাঙত পেলাব নেকি কংগ্ৰেছক ?

পুনৰ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত । বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ । ধলাই সমষ্টিত একেলগে কংগ্ৰেছৰ ১২ নেতাৰ দল ত্যাগ ।

12 Congress leaders quit party at Dhalai in Cachar
কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 5 hours ago

Updated : 4 hours ago

শিলচৰ: বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতক লৈ আৰম্ভ হৈছে বিদ্ৰোহ । কাছাৰ ধলাই সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ দল ত্যাগ কৰিলে ধলাই কংগ্ৰেছৰ ১২ গৰাকী বিষয়ববীয়াই । জিলা কংগ্ৰেছৰ একাংশ নেতাই কংগ্ৰেছ দলক বিজেপিকৰণ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত কৰি পদসহ দল ত্যাগ কৰিলে ধলাইৰ ১২ গৰাকী কংগ্ৰেছ নেতাই ।

পদত্যাগী নেতাসকলৰ অভিযোগ ২০২১ চনৰ বিধানসভা নিৰ্বাচনত যি ধ্রুৱজ্যোতি পুৰকায়স্থই কংগ্ৰেছৰ বিৰোধিতা কৰি পৰিমল শুক্লবৈদ্যৰ হৈ কাম কৰিছিল সেই ধ্রুৱজ্যোতি পুৰকায়স্থক এইবাৰ ধলাই উপ-নিৰ্বাচনত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে । তাৰ কাৰণ এখন জিলা কংগ্ৰেছৰ একাংশই নেতাই বিজেপিৰ লগত মিলি উপ-নিৰ্বাচনত বিজেপিক জয়ী কৰোৱাৰ বাবেই ধ্রুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে আৰু এই বিষয়তে তেওঁলোক ক্ষুন্ন হৈ পদসহ দল ত্যাগ কৰা বুলি উল্লেখ কৰে ।

কংগ্ৰেছত বিদ্ৰোহ আৰম্ভ (ETV Bharat Assam)

জিলা কংগ্ৰেছ সভাপতি অভিজিৎ পাল আৰু প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা শিলচৰ জিলা কংগ্ৰেছৰ ইনচাৰ্জ আনোৱাৰ হুছেইনে এইবাৰ উপ-নিৰ্বাচনত বিজেপি প্ৰাৰ্থীক জয়ী কৰোৱাৰ বাবেই ধলাইত ধ্রুৱজ্যোতি পুৰকায়স্থক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে বুলি অভিযোগ উত্থাপন কৰে ।

মঙলবাৰৰ দিনটোত পদ আৰু দল ত্যাগ কৰা ধলাইৰ নেতা কেইগৰাকী ক্ৰমে,

  • শুভাশীষ দেৱ, সভাপতি ধলাই যুব কংগ্ৰেছ
  • নাছিম উদ্দিন, জিলা কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক
  • আবুল হুছেইন লস্কৰ, কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক
  • আব্দুল ৰচিদ বৰভূঞা, কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক
  • হৰি মোহন কৈৰী, OBC সভাপতি
  • সুমা ৰাণী ৰায়, নৰসিংপুৰ ব্লক মহিলা কংগ্ৰেছ সভানেত্ৰী
  • আমিৰ হুছেইন লস্কৰ, নৰসিংপুৰ ব্লক সংখ্যালঘু বিভাগৰ সভাপতি
  • বাবুৰ উদ্দিন বৰভূঞা, নৰসিংপুৰ ব্লক সংখ্যালঘু বিভাগৰ উপ-সভাপতি
  • দিলীপ কুমাৰ দুবী, প্ৰাক্তন এপি সদস্য
  • নিৰ্মল বৰ্মন, ধলাই যুৱ কংগ্ৰেছ সম্পাদক
  • ইমৰান হুছেইন, ধলাই যুৱ কংগ্ৰেছ সাধাৰণ সম্পাদক
  • চেলিম উদ্দিন, সংখ্যালঘু সাধাৰণ সম্পাদক নৰসিংপুৰ ব্লক ।

লগতে পঢ়ক:উপ-নিৰ্বাচনত বিজয়ী হোৱাৰ মানসেৰে মনোনয়ন পত্ৰ দাখিল ধলাইৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্রুৱজ্যোতি পুৰকায়স্থৰ

বিৰোধীৰ কেইজনমান নেতাই অসমৰ উন্নতি নিবিচাৰে: ভৱেশ কলিতা

Last Updated : 4 hours ago

ABOUT THE AUTHOR

...view details