স্প’ৰ্টছ ডেস্ক: জিম্বাব’ৱে আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত প্ৰথমখন টি-20 মেচত জিম্বাব’ৱেৰ ৰোমাঞ্চকৰ জয় ৷ মেচখনৰ অন্তিমটো বলত জয় সাব্যস্ত কৰা দলটোৰ আফগানিস্তানৰ বিৰুদ্ধে এয়া দ্বিতীয়টো বিজয় ৷
হাৰাৰে স্প’ৰ্টছ ক্লাবত অনুষ্ঠিত প্ৰথমখন মেচত জিম্বাব’ৱেই আফগানিস্তানক চাৰি উইকেটত পৰাস্ত কৰি দ্বি-পাক্ষিক শৃংখলাটোত 1-0 ৰ অগ্ৰগতি লাভ কৰে । শেষবাৰৰ বাবে দলটোৱে 2019 চনৰ 20 ছেপ্টেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে জয়লাভ কৰিছিল ৷
ব্ৰায়ান বেনেটলৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা
অলৰাউণ্ডাৰ ব্ৰায়ান বেনেটে এই খেলত কৰা সুন্দৰ প্ৰদৰ্শনৰ বাবে আগবঢ়োৱা হয় প্লেয়াৰ অৱ দ্য মেচৰ বঁটা ৷ ক্ৰিকেটাৰগৰাকীয়ে 49 ৰাণৰ ইনিংছ খেলি 20 অভাৰত 145 ৰাণৰ লক্ষ্যত উপনীত হোৱাত পালন কৰে গুৰুত্বপূৰ্ণ ভূমিকা ।
জিম্বাব’ৱে বনাম আফগানিস্তান প্ৰথম টি-20
খেলখনৰ পূৰ্বে ৰছিদ খানে টছত জয়ী হৈ প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় । অৱশ্যে দলটোৱে প্ৰথম অভাৰত শূন্য ৰাণতে হেৰুৱাই গুৰবাজৰ উইকেট ৷ এটা সময়ত দলটোৰ স্ক'ৰ আছিল 58/5 । কিন্তু তাৰপিছত কৰিম জানতে অপৰাজিত 54 ৰাণ আৰু মহম্মদ নবীয়ে 44 ৰাণ সংগ্ৰহ কৰি দলৰ ইনিংছ আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰে । দুয়োগৰাকীয়ে ষষ্ঠ উইকেটৰ যুটিত সংগ্ৰহ কৰে 79 ৰাণৰ অংশীদাৰিত্ব ৷ দলটোৱে মুঠ 144/6 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।