অসম

assam

ETV Bharat / sports

ভাৰতৰ পৰৱৰ্তী বলিং প্ৰশিক্ষকৰ দৌৰত জাহিৰ খান-লক্ষ্মীপতি বালাজী - BCCI

Indias Next Bowling Coach : গৌতম গম্ভীৰক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিচত এতিয়া টীম ইণ্ডিয়াৰ বাবে নতুন সহায়ক কৰ্মচাৰীৰ এটা দল নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক হৈ থকা পাৰশ মাম্ব্ৰেৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে ।

By ANI

Published : Jul 10, 2024, 2:21 PM IST

Indias Next Bowling Coach
জাহিৰ খান ফাইল ফটো (ANI Photo)

স্পৰ্টছ ডেস্ক, ১০ জুলাই:মঙলবাৰে গৌতম গম্ভীৰক ভাৰতৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিচত প্ৰাক্তন ছিমাৰ জাহিৰ খান আৰু লক্ষ্মীপতি বালাজীক ৰাষ্ট্ৰীয় দলৰ বলিং প্ৰশিক্ষকৰ পদৰ বাবে বিবেচনা কৰা হৈছে । বিশ্বস্ত সূত্ৰত এই কথা প্ৰকাশ । "বি চি চি আয়ে বলিং প্ৰশিক্ষকৰ পদৰ বাবে জাহিৰ খান আৰু লক্ষ্মীপতি বালাজীৰ নাম আলোচনা কৰিছে । বি চি চি আই বিনয় কুমাৰৰ প্ৰতি আগ্ৰহী নহয় ।" সূত্ৰটোৱে এ এন আইক জনায় ।

উল্লেখ্য, জাহিৰে ৯২ খন মেচত ৩১১ টা টেষ্ট উইকেট দখল কৰিছে । আনহাতে, মেন ইন ব্লুৰ হৈ আটাইকেইটা ফৰ্মেটতে সামগ্ৰিকভাৱে ৩০৯ খন আন্তঃৰাষ্ট্ৰীয় মেচত ৬১০ টা উইকেট দখল কৰিছে । তেওঁক ভাৰতীয় দলৰ হৈ খেলা সৰ্বশ্ৰেষ্ঠ বাঁওহতীয়া পেচাৰসকলৰ ভিতৰত এজন হিচাপে গণ্য কৰা হয় ।

আনহাতে, বালাজীয়ে আঠখন টেষ্ট মেচত টীম ইণ্ডিয়াক প্ৰতিনিধিত্ব কৰি ৩৭.১৮ গড়ে ২৭ টা উইকেট দখল কৰিবলৈ সক্ষম হৈছে । ইয়াৰ উপৰি তেওঁ ৩৯.৫২ গড়ে ৩০ খন এদিনীয়াত ৩৪ টা উইকেট লাভ কৰিছে ।

উল্লেখ্য, গৌতম গম্ভীৰক মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ পিচত এতিয়া টীম ইণ্ডিয়াৰ বাবে নতুন সহায়ক কৰ্মচাৰীৰ এটা দল নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে । টীম ইণ্ডিয়াৰ বলিং প্ৰশিক্ষক হৈ থকা পাৰশ মাম্ব্ৰেৰ কাৰ্যকাল ইতিমধ্যে সমাপ্ত হৈছে । ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ (বি চি চি আই) সচিব জয় শ্বাহে মঙলবাৰে ঘোষণা কৰে যে প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰক ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়া হৈছে ।

গম্ভীৰ ভাৰতীয় দলৰ বাবে এগৰাকী বাঁওহতীয়া অপেনাৰ আছিল আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ, 2024-ত কলকাতা নাইট ৰাইডাৰ্ছ দলৰ মেণ্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । গম্ভীৰৰ নিৰ্দেশনাত কে কে আৰে এই ছিজনত তেওঁলোকৰ তৃতীয়টো আই পি এল ট্ৰফী জয় কৰে । জয় শ্বাহে তেওঁৰ অফিচিয়েল এক্স একাউণ্টত গম্ভীৰক টীম ইণ্ডিয়াৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰে ৷ বি চি চি আইৰ সচিবগৰাকীয়ে লগতে কয় যে গম্ভীৰৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছে আৰু ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে তেওঁ আদৰ্শ ব্যক্তি হ'ব ৷

"ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে গৌতম গম্ভীৰক মই অতি আনন্দৰে স্বাগতম জনাইছোঁ । আধুনিক সময়ৰ ক্ৰিকেট দ্ৰুতগতিত বিকশিত হৈছে আৰু গৌতমে এই পৰিৱৰ্তনশীল দৃশ্যপটক অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰিছে । সমগ্ৰ কেৰিয়াৰত উত্থান-পতন সহ্য কৰি আৰু বিভিন্ন ভূমিকাত পাৰদৰ্শিতা অৰ্জন কৰাৰ পিচত, মই নিশ্চিত যে ভাৰতীয় ক্ৰিকেটক আগুৱাই নিয়াৰ বাবে গৌতম হৈছে আদৰ্শ ব্যক্তি । টীম ইণ্ডিয়াৰ প্ৰতি তেওঁৰ স্পষ্ট দৃষ্টিভংগী, লগতে তেওঁৰ বিশাল অভিজ্ঞতাই তেওঁক এই ৰোমাঞ্চকৰ আৰু আটাইতকৈ বেছি প্ৰয়োজনীয় প্ৰশিক্ষকৰ ভূমিকা গ্ৰহণ কৰিবলৈ নিখুঁতভাৱে উফযুক্ত কৰি তুলিছে । তেওঁৰ এই নতুন যাত্ৰা আৰম্ভ কৰাৰ লগে লগে বি চি চি আয়ে তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছে ।" জয় শ্বাহে এক্সত লিখিছে ।

উল্লেখ্য যে সদ্যসমাপ্ত টি-২০ বিশ্বকাপৰ অন্তিমখন মেচ সমাপ্ত হোৱাৰ লগে লগে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে ৰাহুল দ্ৰাবিড়ৰ কাৰ্যকাল সমাপ্ত হয় । ফাইনেলত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ ৰাণত পৰাস্ত কৰি ১৭ বছৰৰ পিছত এই সন্মানীয় ট্ৰফীটো জয় কৰে ।

লগতে পঢ়ক :ভাৰতৰ ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ - India Head Coach
লগতে পঢ়ক :বুমৰাহ-মন্ধানা আই চি চিৰ জুন মাহৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত - ICC Player Of The Month Award

ABOUT THE AUTHOR

...view details