মাজুলী: বিশ্ব জয় কৰি আজি স্ব-ভূমি মাজুলীত উপস্থিত হয় পবিত্র নাথ । ১৫ সংখ্যক ৱৰ্ল্ড বডী বিল্ডিং আৰু ফিজিক স্প'ৰ্ট চেম্পিয়নশ্বিপত ভাৰতৰ হৈ ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰে মাজুলীৰ পবিত্ৰই । মাজুলীৰ পুৰণিবাৰীৰ নিৱাসী পবিত্ৰক মাজুলীত উপস্থিত হোৱাৰ লগে লগে গাঁওখনৰ লগতে সমগ্ৰ মাজুলীৰ ৰাইজে উষ্ম আদৰণি জনায় পবিত্রক ।
মাজুলী দক্ষিণপাট ফেৰী ঘাটৰ সমীপত আদৰণি জনাই গাঁৱৰ ৰাইজৰ লগতে স্থানীয় ৰাইজে । ঘৰে ঘৰে পেপাৰ বিলোৱা ল'ৰাতো আজি বিশ্ব চেম্পিয়ন । মালদ্বীপত অনুষ্ঠিত হোৱা বিশ্বৰ অন্যতম বৃহৎ প্রতিযোগিতাত পদক লাভেৰে দেশৰ লগতে মাজুলীবাসীক গৌৰাৱান্বিত কৰা পবিত্ৰ নাথৰ সফলতাত মাজুলীত আনন্দৰ জোৱাৰ উঠিছে । অতি কষ্টৰে নিজৰ সাধনা চলাই যোৱা নাথে আজি বিশ্বৰ আগত নিজৰ দেশক চিনাকি কৰি দিবলৈ সক্ষম হ’ল পবিত্ৰ ।
মাজুলীত উপস্থিত হৈ পবিত্র নাথে মাজুলীবাসীৰ লগতে অসমবাসীক ধন্যবাদ জনায় তেওঁক সহায়ৰ হাত আগবঢ়োৱাৰ বাবে । তেওঁ লগতে কয় ‘‘অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগতে মাজুলীৰ বিধায়ক ভুৱন গাম, লক্ষীমপুৰৰ বিধায়ক মানব ডেকাই যি সহায় সহযোগিতা আগবঢ়ালে তাৰ বাবে মই এই সফলতা লাভ কৰিবলৈ সক্ষম হ’লো ।’’ আগন্তুক দিনটো এই প্ৰতিভাক আগুৱাই নিয়াৰ হেঁপাহৰ কথা উল্লেখ কৰে পবিত্রই ।