স্প’ৰ্টছ ডেস্ক:জেডেন চিলেছৰ চাৰিটা উইকেট আৰু অপেনাৰ ব্ৰেণ্ডন কিঙৰ অৰ্ধশতকৰ সহায়ত ৱেষ্ট ইণ্ডিজে দ্বিতীয় এদিনীয়াত বাংলাদেশক সাত উইকেটত পৰাস্ত কৰে ।
10 বছৰৰ মূৰত বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া শৃংখলা জয় ৱেষ্ট ইণ্ডিজৰ
শৃংখলাটোৰ প্ৰথমখন মেচত জয়ী হৈ ৱেষ্ট ইণ্ডিজে ধাৰাবাহিকভাৱে 11 খন খেলত হোৱা পৰাজয়ৰ ধাৰাৰ অন্ত পেলাইছিল ৷ দ্বিতীয় এদিনীয়াতো বাংলাদেশক 7 উইকেটত পৰাস্ত কৰে দলটোৱে ৷ এই জয়ে 10 বছৰীয়া ব্যৰ্থতাৰ অন্ত পেলাই বাংলাদেশৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৱেষ্ট ইণ্ডিজক প্ৰথমটো শৃংখলা জয়ৰ সোৱাদ দিয়ে ।
ৱেষ্ট ইণ্ডিজে 2014 চনত বাংলাদেশৰ বিৰুদ্ধে অন্তিমটো এদিনীয়া শৃংখলাত জয়লাভ কৰিছিল ৷ তেতিয়াৰে পৰাই দুয়োটা দলে ছয়টাকৈ শৃংখলা খেলিছে, য’ত বাংলাদেশ জয়ী হৈ আহিছিল ৷
দলৰ বিজয়ত ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপৰ প্ৰতিক্ৰিয়া
ৱেষ্ট ইণ্ডিজৰ অধিনায়ক শ্বাই হোপে দলৰ বিজয়ত উৎফুল্লিত হৈ কৈছিল যে, কেৰিবিয়ান দলটোৱে খেলখনত সুন্দৰ প্ৰদৰ্শন কৰিছিল । খেলখনৰ পিছত বক্তব্য ৰাখি হোপে কয় যে, তেওঁ কেৰিবিয়ান বলাৰসকলক পাৱাৰপ্লেত উইকেট ল'বলৈ কৈছিল ।
অধিনায়কজনে লগতে আশা ব্যক্ত কৰিছিল এনেদৰে, তেওঁলোকে বাংলাদেশৰ বিৰুদ্ধে 3-0 ত শৃংখলা জয় কৰিব পাৰিব ৷ "মই অত্যন্ত সুখী, খেলুৱৈসকলক পাৱাৰপ্লেত উইকেট ল'বলৈ কৈছিলো ৷ যিটো তেওঁলোকে কৰি দেখাইছিল" বুলি হোপে কয় ।
তেওঁ লগতে কয় যে, "জেডেনক ভাল খেলি থকা দেখি বৰ ভাল লাগিছিল । আমি সদায় আমাৰ খেলৰ বিশ্লেষণ কৰো ৷ বলাৰসকলৰ প্ৰত্যাৱৰ্তন দেখি বৰ ভাল লাগিছিল । আমি প্ৰতিটো বাকচত টিক দিব লাগিব আৰু উন্নতি কৰি থাকিব লাগিব । আমি আশা কৰা অনুসৰি শৃংখলাটো জিকিবলৈ সংগ্ৰাম কৰি আছিলো ৷ আশা কৰিছো এতিয়া 3-0 ত জিকিব পাৰিম" ৷
ৱেষ্ট ইণ্ডিজ বনাম বাংলাদেশৰ দ্বিতীয় এদিনীয়া
এই মেচখনতটছত জয়ী হৈ ৱেষ্ট ইণ্ডিজে বাংলাদেশৰ বিৰুদ্ধে প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল ৷ বাংলাদেশৰ হৈ তানজিদ হাছানে 33 টা বলত 4 টা চাৰি আৰু দুটা ছয়ৰে সংগ্ৰহ কৰে 46 ৰাণ ৷ হাছানে 139.39 ৰ ষ্ট্ৰাইক ৰেটত খেলি কিছু গুৰুত্বপূৰ্ণ ৰাণ সংগ্ৰহ কৰে ৷ তেওঁৰ বাহিৰে দলটোৰ কোনো এগৰাকী বেটছমেনে বিশেষ প্ৰদৰ্শন দাঙি ধৰিব নোৱাৰিলে ৷
দলটোৰ মিডল অৰ্ডাৰৰ বেটিঙত মাহমুদুল্লাহে 92 টা বলত 62 ৰাণ আৰু তাঞ্জিম হাছান চাকিবে 62 টা বলত 45 ৰাণৰ বৰঙণি যোগায় ৷ পাঁচ অভাৰ বাকী থকা অৱস্থাত বাংলাদেশৰ স্ক’ৰ আছিল 227 ৰাণ ৷ মাহমুদুল্লাহৰ কেৰিয়াৰত দ্বিতীয়বাৰৰ বাবে এদিনীয়া ক্ৰিকেটত একেৰাহে তিনিটাকৈ অৰ্ধশতক অৰ্জন কৰিছিল । যুটিটোৱে 106 টা বলত 92 ৰাণ সংগ্ৰহ কৰি দলটোক 227 ৰাণত উপনীত কৰাত সহায় কৰিছিল ।
অষ্টম উইকেটত বাংলাদেশৰ সৰ্ববৃহৎ অংশীদাৰিত্ব
মাহমুদুল্লাহ আৰু তানজিম হাছান চাকিবে 106 টা বলত 92 ৰাণৰ অংশীদাৰিত্ব এতিয়া এদিনীয়াত অষ্টম উইকেটৰ বিনিময়ত বাংলাদেশৰ সৰ্ববৃহৎ অংশীদাৰিত্ব । ইয়াৰ পূৰ্বে এই অভিলেখ আছিল মহম্মদ মিথুন আৰু মহম্মদ চৈফুদ্দিনৰ নামত, যিয়ে অষ্টম উইকেটত 84 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল ৷ ৱেষ্ট ইণ্ডিজৰ হৈ জাইডেন চিলেছে কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ 4/22 উইকেট দখল কৰিছিল ৷ বাকীসকল বলাৰে লাভ কৰিছিল এটাকৈ উইকেট ৷
79 টা বল বাকী থকা অৱস্থাত মেচখন সাত উইকেটত জিকিছিল ৱেষ্ট ইণ্ডিজে
228 ৰাণৰ প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজৰ অপেনাৰ ব্ৰেণ্ডন কিঙে 76 টা বলত 8 টা চাৰি আৰু 3 টা ছয়ৰ সহায়ত 82 ৰাণ আৰু এভিন লুইছে 62 টা বলত দুটা চাৰি আৰু 4টা ছয়ৰে 49 ৰাণ সংগ্ৰহ কৰে ৷ অপেনাৰ যুটিটোৱে 109 ৰাণৰ অংশীদাৰিত্ব গঢ়ি তোলে ৷
অৱশেষত অধিনায়ক শ্বাই হোপ 21 টা বলত এটা চাৰি আৰু এটা ছয়ৰে 17 ৰাণ আৰু শ্বেৰফানে ৰাডাৰফৰ্ডে 15 টা বলত অপৰাজিত 24 ৰাণ সংগ্ৰহ কৰি 79 টা বল বাকী থকা অৱস্থাত দলক আকাংক্ষিত বিজয় প্ৰদান কৰে ৷ শৃংখলাৰ তৃতীয় তথা অন্তিমখন এদিনীয়া মেচ 12 ডিচেম্বৰত একেখন খেলপথাৰতে অনুষ্ঠিত হ'ব ।
লগতে পঢ়ক:দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথমখন টি-20 ত পৰাস্ত পাকিস্তান