স্প’ৰ্টছ ডেস্ক: ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মহিলা ক্ৰিকেট দল দুটাৰ মাজত অনুষ্ঠিত তিনিখন এদিনীয়া মেচৰ শৃংখলাটোৰ তৃতীয় তথা অন্তিমখন খেল পাৰ্থত অনুষ্ঠিত হৈছে । অষ্ট্ৰেলিয়াৰ দলটোৱে ইতিমধ্যে প্ৰথম দুখন এদিনীয়াত জয়লাভ কৰি শৃংখলাটো জয় কৰিছে ।
হৰমনপ্ৰীত কৌৰৰ নেতৃত্বাধীন টীম ইণ্ডিয়াই শৃংখলাৰ অন্তিমখন মেচত জয়লাভ কৰি ক্লীন চুইপৰ পৰা হাত সৰাৰ চেষ্টা কৰিছে ৷
অৰুন্ধতী ৰেড্ডীৰ বলিং ধুমুহা
শৃংখলাটোৰ তৃতীয়খন এদিনীয়াত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে টছত জয়ী হৈ প্ৰথমে বলিঙৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ যি সিদ্ধান্ত ভাৰতৰ তাৰকা ফাষ্ট বলাৰ অৰুন্ধতী ৰেড্ডীয়ে শুদ্ধ প্ৰমাণিত কৰে নিজৰ বলিঙৰ জৰিয়তে । ৰেড্ডীয়ে ধুমুহাৰ গতিৰে বলিং কৰি অষ্ট্ৰেলিয়াৰ বেটিং লাইন-আপ ধ্বংস কৰে ৷ মেচখনৰ 10 অভাৰত 26 ৰাণ ব্যয় কৰি 4 টা উইকেট দখল কৰে টীম ইণ্ডিয়াৰ বলাৰগৰাকীয়ে । তেওঁ এই সময়ছোৱাত দুটা মেডেন অভাৰ বল কৰিছিল ।
Simply 𝗪𝗪𝗪𝗪ow! 🔥
— Star Sports (@StarSportsIndia) December 11, 2024
Phoebe Litchfield ☝
Georgia Voll ☝
Ellyse Perry ☝
Beth Mooney ☝#ArundhatiReddy is on fire against the Aussies in the 3rd ODI as she picks up 4 big wickets! 💪
📺 #AUSWvINDWOnStar 3rd ODI 👉 LIVE NOW on Star Sports Network! pic.twitter.com/bXYwR46pbp
4 বেটছমেনক ধৰাশায়ী অৰুন্ধতী ৰেড্ডীৰ
অৰুন্ধতী ৰেড্ডীয়ে প্ৰথমে 26 ৰাণৰ ব্যক্তিগত স্ক'ৰত জৰ্জিয়া ৱ'লক ব’ল্ড কৰি ক্ৰিজৰ পৰা বিদায় দিয়ে । তাৰপিছত 25 ৰাণৰ ব্যক্তিগত স্ক'ৰত ফবী লিচফিল্ডে ৰিচা ঘোষৰ হাতত কেচ তুলি দি আউট হৈছিল ৷ তেওঁ এলিজ পেৰীক ব্যক্তিগত 4 আৰু বেথ মুনিক 10 ৰাণত পেভিলিয়নলৈ যোৱাৰ পথ দেখুৱাইছিল ৷ চাৰিটা উইকেটৰ বাবে অষ্ট্ৰেলিয়াৰ দলটোৱে 50 অভাৰত 6 টা উইকেট হেৰুৱাই 298 ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল ৷
Arundhati Reddy strikes not once but twice!
— BCCI Women (@BCCIWomen) December 11, 2024
Australia lose both their openers.
LIVE ▶️ https://t.co/pdEbkwGszg#TeamIndia | #AUSvIND pic.twitter.com/fBdYyAGHbE
স্মৃতি মন্ধানাৰ অৰ্ধশতক অৰ্জন
অষ্ট্ৰেলিয়াই বান্ধি দিয়া 299 ৰাণৰ লক্ষ্য আগত লৈ ক্ৰিজত নমা টীম ইণ্ডিয়াই 22 অভাৰত এটা উইকেট হেৰুৱাই সংগ্ৰহ কৰিছে 107 ৰাণ । এই সময়লৈকে ভাৰতীয় তাৰকা অপেনাৰ স্মৃতি মন্ধানাই (63) ৰাণৰ ব্যক্তিগত স্ক'ৰত ক্ৰিজত বৰ্তি আছে । মন্ধানাৰ সৈতে ক্ৰিজত আছে হাৰলীন দেওল (36) । এই খেলখনত স্মৃতি মন্ধানাই 50 টা বলত 10 টা চাৰিৰে সম্পূৰ্ণ কৰে অৰ্ধশতক ।
💯 up for #TeamIndia in the chase!
— BCCI Women (@BCCIWomen) December 11, 2024
Smriti Mandhana 🤝 Harleen Deol
The partnership for 2nd wicket is now 83* 👌👌
LIVE ▶️ https://t.co/pdEbkwGszg#AUSvIND pic.twitter.com/gMkEaivQIg
লগতে পঢ়ক: দ্বিতীয় এদিনীয়াত হাৰি শৃংখলা হেৰুৱালে ভাৰতে