গুৱাহাটী : জনমত বা জনসাধাৰণৰ পৰামৰ্শত নহয়, জ্যোতিষীৰ পৰামৰ্শতহে ভৱিষ্যতে বাট বুলিব কংগ্ৰেছে । ইয়াৰ বাবে গেৰুৱা বসন, ক'লা কোট পৰিধান কৰি কংগ্ৰেছৰ কাৰ্যালয়ত হাজিৰ জ্যোতিষী মহাৰাজ । দিলে এটাৰ পিছত আনটো পৰামৰ্শ, ৰাজনৈতিক সফলতাৰ বিধান । এতিয়া যেন জ্যোতিষীৰ আশ্ৰয়ে শেষ ভৰসা ৰাজনীতিৰ ৰবি মাৰ যাবলৈ ওলোৱা প্ৰদেশ কংগ্ৰেছৰ !
হয়, এটাৰ পাছত আনটো নিৰ্বাচনত বিপৰ্যয়ৰ সন্মুখীন হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এইবাৰ জ্যোতিষীৰ আশ্ৰয় লৈছে । জ্যোতিষীৰ পৰামৰ্শ মতেহে এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সিদ্ধান্ত গ্ৰহণ কৰিব । এই কথা আমি কোৱা নাই । এই কথা কৈছে খোদ ভূপেন বৰাই ।
বিৰোধী ঐক্যক পুনৰ সংঘবদ্ধ কৰাৰ বাবে এইবাৰ জ্যোতিষীৰ কথামতে বৈঠকত মিলিত হ'ব প্ৰদেশ কংগ্ৰেছ । যাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ সদৰ ৰাজীৱ ভৱনত প্ৰৱেশ ঘটিছে জ্যোতিষীৰ ।
উল্লেখ্য যে উপ-নিৰ্বাচনৰ পূৰ্বে আসনক লৈ বিৰোধীৰ উমৈহতীয়া মঞ্চ 'অসম সন্মিলিত মৰ্চা' চমুকৈ 'অসম'ৰ পৰা কংগ্ৰেছক আঁতৰ কৰা হৈছিল । কিন্তু ২০২৬ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ 'অসম'ত অন্তৰ্ভুক্ত হোৱাৰ বাবে কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ মাজত কথা-বাৰ্তা চলি আছে ।
এই প্ৰসংগত বুধবাৰে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, "এইবাৰ অসম সন্মিলিত মৰ্চা ক'ত বহিব জ্যোতিষীক সুধিব লাগিব । জ্যোতিষীক সুধি সভাৰ ঠাই নিৰ্ধাৰণ কৰা হ'ব । এই কথা ইতিমধ্যে মই অজিত কুমাৰ ভূঞাক কৈছোঁ ।"
ইফালে জ্যোতিষীৰ বিধান অনুসৰি পশ্চিমফালে বহি মেল-মিটিং কৰিলে ২০২৬ চনত কংগ্ৰেছে হেনো গঠন কৰিব চৰকাৰ । সেয়ে এতিয়াৰে পৰা ৰাজীৱ ভৱনতে হওক বা সংবাদমেল নাইবা আন বৈঠকত পশ্চিমফালে বহিহে অনুষ্ঠান কৰিব প্ৰদেশ কংগ্ৰেছে । জ্যোতিষীৰ পৰা বিধান লৈ এই সিদ্ধান্ত প্ৰকাশ কৰিলে ভূপেন বৰাই ।
লক্ষণীয় বিষয় যে বুধবাৰে কংগ্ৰেছে ৰাজীৱ ভৱনলৈ মাতি আনে এগৰাকী জ্যোতিষীক । গেৰুৱা বস্ত্ৰ, ক’লা কোট পিন্ধি ৰাজীৱ ভৱনত উপস্থিত হয় জ্যোতিষীগৰাকী । হিন্দীভাষী জ্যোতিষীজনে সংবাদ মাধ্যমৰ আগত কয়, "পশ্চিমফালে বহি মেল-মিটিং কৰিব লাগিব কংগ্ৰেছে । তেতিয়া ২০২৬ চনত কংগ্ৰেছ দলে চৰকাৰ কৰিব পাৰিব । মই দৃঢ়ভাৱে কৈছোঁ যে ২০২৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ জয়ী হ'ব । লিলি হোটেলৰ পৰিৱৰ্তে অন্য ঠাইত মিটিং কৰিলে ভাল হ'ব । ৰাজীৱ ভৱনতো মিটিং কৰিব পাৰে । কিন্তু পশ্চিম দিশত বহিব লাগিব ।"
অৱশ্যে জ্যোতিষীৰ পৰামৰ্শ অনুসৰি অসম সন্মিলিত মৰ্চাৰে মিলিত হৈ কংগ্ৰেছ দলে ২০২৬ চনত চৰকাৰ গঠন কৰিবনে নাই সেয়া সময়েহে ক'ব । আনহাতে, জ্যোতিষীৰ ভৱিষ্যদ্বাণীয়ে কংগ্ৰেছৰ ভাগ্য সলনি কৰিব পাৰেনে নোৱাৰে সেয়া আগন্তুক সময়েহে ক'ব । ইফালে অখিল গগৈ সন্দৰ্ভত ভূপেন বৰাই কয়, "অখিল গগৈ এতিয়া বহু ব্যস্ত । শিৱসাগৰত তেওঁ ২৫০ টা টিকট বিলাব লাগিব । টিকট বিলোৱাটো কিমান টান এইবাৰ বুজি পাব অখিল গগৈয়ে । ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে টিকট দিব পৰা নাছিল । কিয়নো চৰকাৰে তেওঁক জে’লত ভৰাই থৈছিল । অখিল গগৈ সন্দৰ্ভত মই বিশেষ একো নকওঁ । তেওঁ এটা দলৰ সভাপতি । মিত্ৰতাত আঁকোৰগোজ স্থিতি ভাল নহয় । এতিয়া পঞ্চায়ত নিৰ্বাচনৰ সময় । নিৰ্বাচনত বন্ধুত্বমূলকভাবে এৰা-ধৰাৰ মাজেৰে আগবাঢ়িব লাগিব । পঞ্চায়ত নিৰ্বাচন ভাল হ’লেহে বিধানসভাত ভাল হ'ব ।"
আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি ভূপেন বৰাই কয়, "মুখ্যমন্ত্ৰীয়ে এতিয়া অসমীয়া যুৱকক বাছৰ ড্ৰাইভাৰ হ’বলৈ কৈছে । এয়া দুৰ্ভাগ্যজনক । কিছুদিনৰ আগতে অসমীয়া যুৱকক পাচলি ব্যৱসায় কৰিবলৈ কৈছিল । গুৱাহাটীলৈ দৈনিক ৬০ খন উৰাজাহাজ আহে । তেওঁ অসমীয়া যুৱকক পাইলট হ’বলৈ নকয় কিয় । মুখ্যমন্ত্ৰীৰ মতে অসমীয়া যুৱক বাছৰ ড্ৰাইভাৰ হওক আৰু বাকী ব্যৱসায় তেওঁলোকে কৰক ।"
ভূপেন বৰাই লগতে কয়, "১৩, ১৪ আৰু ১৫ ডিচেম্বৰত ৰাজীৱ ভৱনত আগন্তুক নিৰ্বাচনক লৈ সভা অনুষ্ঠিত হ'ব । সভাত জিলা কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত থাকিব । ১৫ ডিচেম্বৰত অসম প্ৰদেশ কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ বৈঠকো অনুষ্ঠিত হ'ব । এই বৈঠকত বিগত নিৰ্বাচনৰ পৰ্যালোচনা কৰা হ'ব ।"
উল্লেখ্য যে বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ প্ৰদেশ কংগ্ৰেছৰ ৰাজীৱ গান্ধী পঞ্চায়তীৰাজ সংগঠনৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিবাহকৰ সভা অনুষ্ঠিত হয় । সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসমৰ পঞ্চায়তীৰাজ ব্যৱস্থাত কংগ্ৰেছ দলৰ অৱদানৰ বিশেষ বক্তব্য আগবঢ়ায় । সভাত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সম্পাদক মনোজ চৌহান, বিধায়িকা নন্দিতা দাসকে ধৰি কেইবাগৰাকীও নেতা উপস্থিত থাকে ।