ETV Bharat / sports

আৰক্ষী আৰু সেনাবাহিনীত কৰ্মৰত 7 গৰাকী ভাৰতীয় ক্ৰিকেটাৰ আৰু পদবীসমূহ... - CRICKETERS WHO GOT GOVERNMENT JOBS

আজি আমি আপোনালোকক সেইসকল ভাৰতীয় ক্ৰিকেটাৰৰ বিষয়ে জনাব বিচাৰিছো, যিসকলে ক্ৰিকেটৰ সমান্তৰালকৈ চৰকাৰী চাকৰিতো কৰ্মৰত ৷ পঢ়ক এই বিশেষ প্ৰতিবেদন...

cricketers who got government jobs
ভাৰতীয় ক্ৰিকেটাৰসকল (IANS Photo)
author img

By ETV Bharat Sports Team

Published : Dec 11, 2024, 3:24 PM IST

স্প’ৰ্টছ ডেস্ক: প্ৰায়ে দেখা যায় যে, খেলুৱৈসকলে কৰা প্ৰদৰ্শনৰ ভিত্তিতে তেওঁলোকক সা-সুবিধাসমূহ প্ৰদান কৰা হয় ৷ সমান্তৰালকৈ তেওঁলোকক প্ৰদান কৰা হয় বিভিন্ন বিভাগৰ চৰকাৰী চাকৰি ৷

বিশেষকৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ক্ৰীড়াবিদসকলক সেনা আৰু আৰক্ষী বিভাগত সন্মান, চাকৰি আৰু উচ্চ পদ প্ৰদান কৰে ৷ এই তালিকাত আছে দেশৰ বহুকেইগৰাকী ক্ৰিকেটাৰৰ নাম ৷

পুৰুষৰ সমানে সমানে মহিলা ক্ৰিকেটাৰসকলেও লাভ কৰিছে আৰক্ষী বিভাগৰ চাকৰি । এই তালিকাত থকা ক্ৰিকেটাৰসকল কোন কোন ? তেওঁলোকে কি পদত কাম কৰি আছে ? পঢ়ক আমাৰ এই বিশেষ প্ৰতিবেদন...

চৰকাৰী চাকৰি লাভ কৰা ভাৰতীয় ক্ৰিকেটাৰসকল...

এম এছ ধোনী: প্ৰাক্তন ভাৰতীয় অধিনায়ক এম এছ ধোনী ভাৰতীয় টেৰিটৰিয়েল আৰ্মীৰ লেফটেনেণ্ট কৰ্ণেল । 2015 চনত ধোনীয়ে পেৰাচুট ৰেজিমেণ্টত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল ।

মহম্মদ চিৰাজ: তেলেংগানা চৰকাৰে 2024 চনৰ টি-20 বিশ্বকাপ বিজয়ী দলৰ অন্যতম সদস্য মহম্মদ চিৰাজক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে । চৰকাৰখনে ক্ৰিকেটাৰগৰাকীক উপ-আৰক্ষী অধীক্ষকৰ (ডি এছ পি) পদ আগবঢ়ায় ৷

হৰমনপ্ৰীত কৌৰ: ভাৰতীয় মহিলা দলৰ বৰ্তমানৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ পঞ্জাৱৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) হিচাপে কৰ্মৰত ।

হৰভজন সিং: প্ৰাক্তন ভাৰতীয় স্পিনাৰ হৰভজন সিঙক পঞ্জাৱত উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) হিচাপে নিযুক্তি দিয়া হৈছে ।

cricketers who got government jobs
এম এছ ধোনী, হৰমনপ্ৰীত কৌৰ আৰু মহম্মদ চিৰাজ (Getty and AP Images)

শচীন তেণ্ডুলকাৰ: ক্ৰিকেট কিংবদন্তী শচীনক ভাৰতীয় বায়ুসেনাত গ্ৰুপ কেপ্টেইনৰ পদবী প্ৰদান কৰা হৈছিল । ক্ৰিকেটত দেশক প্ৰদান কৰা সেৱাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক ।

যোগিন্দৰ শৰ্মা: ভাৰতৰ প্ৰাক্তন খেলুৱৈ যোগিন্দৰ শৰ্মা হাৰিয়ানা আৰক্ষীৰ এগৰাকী উপ-আৰক্ষী অধীক্ষক (ডি এছ পি) হিচাপে বৰ্তমান কৰ্মৰত ।

কপিলদেৱ: ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক তথা 1983 চনৰ বিশ্বকাপৰ বিজয়ী দলৰ নায়ক কপিলদেৱেও সামৰিক পদবীত অধিষ্ঠিত । তেওঁ 2008 চনত টেৰিটৰিয়েল আৰ্মীত যোগদান কৰি লেফটেনেণ্ট কৰ্ণেলৰ পদবীত অধিষ্ঠিত হৈছিল । প্ৰকৃততে, কপিলদেৱৰ পৰিয়ালটো পূৰ্বৰে পৰা সামৰিক বাহিনীৰ সৈতে জড়িত ৷ ক্ৰিকেটাৰগৰাকীৰ পিতৃ ৰামলাল নিখাঞ্জো ভাৰতীয় সেনাত কৰ্মৰত আছিল ।

লগতে পঢ়ক: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী; ব্ৰীছবেন টেষ্টৰ পূৰ্বে আঘাতপ্ৰাপ্ত ভাৰতীয় ক্ৰিকেটাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.