ETV Bharat / state

হাতীৰ খোজত তেলৰ সন্ধান ওলোৱা এছিয়াৰ প্ৰথমটো শোধনাগাৰৰ ইতিহাস

এছিয়াৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয়টো তেল শোধনাগাৰৰ বিষয়ে জানো আহক ।

Digboi refinery
ডিগবৈ ৰিফাইনেৰীয়ে গৰকিলে ১২৩ টা বৰ্ষ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Updated : 2 hours ago

তিনিচুকীয়া : এছিয়া মহাদেশৰ ভিতৰত প্ৰথম টোপাল তেল ক’ত লাভ কৰিছিল আপুনি বাৰু জানেনে ? হয়, এছিয়া মহাদেশৰ ভিতৰত প্ৰথম টোপাল তেল লাভ কৰিছিল অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈ চহৰত । তথ্য অনুসৰি, সময় আছিল তেতিয়া 1825 চন । ব্ৰিটিছ সেনাৰ লেফটেনেণ্ট আৰ ৱিলকস্কে (R Wilcox) জংঘলত চিকাৰ কৰিবলৈ যোৱাৰ সময়ত সন্ধান লাভ কৰিছিল তেলজাতীয় পদাৰ্থৰ আৰু লিখি গৈছিল অসমত যথেষ্ট পৰিমাণে তেলজাতীয় পদাৰ্থ থকাৰ কথা । সেইবাবেই অসমত প্ৰথম তেলৰ আৱিষ্কাৰক হিচাপে লেফটেনেণ্ট আৰ ৱিলকস্কক স্বীকৃতি দিয়া হয় ।

পৰৱৰ্তী সময়ত পুনৰ 1867 চনত Assam Railway and Trading Company-এ ডিব্ৰুগড়ৰ পৰা মাৰ্ঘেৰিটালৈ ডব্লিউ এল লেক (WL Lake) নামৰ এগৰাকী অভিযন্তাক ৰে'ললাইন নিৰ্মাণ কৰিবলৈ দায়িত্ব দিয়ে । সেই অভিযন্তাগৰাকীয়ে ডিগবৈত হাতীৰ ভৰিত তেলজাতীয় পদাৰ্থ প্ৰত্যক্ষ কৰে ।

ডিগবৈ ৰিফাইনেৰীয়ে গৰকিলে ১২৩ টা বৰ্ষ (ETV Bharat Assam)

তাৰ পাছতে ডব্লিউ এল লেকে পৰীক্ষা কৰি ডিগবৈত পনীয়া সোণৰ (Liquid Gold) আৱিষ্কাৰ কৰে ৷ চৰ্চিত যে ডিগবৈ পূৰ্বতে ডিগবৈ নলা নামেৰে জনাজাত আছিল । ডিগবৈত প্ৰথমে 1889 চনত তেল আৱিষ্কাৰ হোৱাৰ স্থানত ১ নং তৈলখাদত (Well No-1) 662 ফুট গভীৰতালৈ খনন কৰিছিল আৰু 1890 চনৰ নৱেম্বৰ মাহত সম্পূৰ্ণ কৰিছিল ।

পৰৱৰ্তী সময়ত তেলৰ সন্ধান লাভ কৰাৰ নিশ্চিত হোৱাৰ পাছত ১ নং তৈলখাদত 1891 চনত কাৰিকৰীভাৱে খননকাৰ্য আৰম্ভ কৰি এছিয়া মহাদেশৰ ভিতৰত প্ৰথম টোপাল তেল লাভ কৰা হয় ৷

তাৰ পাছতে 1901 চনত 100 গৰাকী শ্ৰমিকক লৈ বৃটিছে আৰম্ভ কৰে এছিয়া মহাদেশৰ প্ৰথমটো ৰিফাইনেৰী ডিগবৈ শোধনাগাৰৰ কাম । যিটো শোধনাগাৰে ভাৰতবৰ্ষত এক উদ্যোগ ইতিহাসৰ সৃষ্টি কৰে আৰু আজি উক্ত শোধনাগাৰটোৱে 123 টাকৈ বৰ্ষ অতিক্ৰম কৰিলে ।

প্ৰথমটো খনন কৰা তৈলখাদৰ স্থানত শোধনাগাৰ কৰ্তৃপক্ষই এটা সংগ্ৰহালয় (Museum) স্থাপন কৰি এই সকলো তথ্য সুন্দৰকৈ সংৰক্ষণ কৰাৰ লগতে প্ৰদৰ্শনী হিচাপে ঐতিহাসিক সকলো সঁজুলি সংৰক্ষণ কৰি থৈছে আৰু এই সংগ্ৰহালয়ত ৰখা সঁজুলি আৰু তথ্যই আপোনাক লৈ যাব ১৯০১ চনৰ পৌৰাণিক ডিগবৈ চহৰলৈ ।

ডিগবৈ শোধনাগাৰে দ্বিতীয় বিশ্বযু্দ্ধৰ সময়ত ৭০০০ বেৰেল তেল শোধন কৰিছিল আৰু এতিয়া প্ৰায় ১০০০ টাকৈ তৈলখাদৰ পৰা তেল শোধন কৰি আছে ডিগবৈৰ ঐতিহাসিক শোধনাগাৰে । পৰৱৰ্তী সময়ত 1981 চনত সংসদত এক আইনৰ জৰিয়তে ডিগবৈ শোধনাগাৰক ভাৰতীয় বৃহত্তম ব্যৱসায়িক গোষ্ঠী ভাৰতীয় তেল নিগমৰ (Indian Oil corporation Limited, IOCL) এটা অংশ হিচাপে সন্নিৱিষ্ট কৰে ।

শেহতীয়াকৈ ডিগবৈ শোধানাগাৰে 0.65 মেট্ৰিক টনৰ পৰা 1 মেট্ৰিক টনলৈ শোধন ক্ষমতা বৃদ্ধি কৰাৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে । এয়া ডিগবৈৰ বাবে অত্যন্ত ভাল খবৰ ৷

ইফালে অসমৰ বিখ্যাত সাহিত্যিক তথা ডিগবৈৰ বাসিন্দা পুণ্য শইকীয়াই ডিগবৈ শোধনাগাৰৰ সন্দৰ্ভত মন্তব্য কৰি কয়, "ডিগবৈ শোধনাগাৰটো যদি ডিগবৈৰ পৰা আঁতৰাই লৈ যায় তেন্তে ডিগবৈত আৰু বিশেষ একো নাথাকিব । ডিগবৈ শোধনাগাৰৰ বাবেহে ডিগবৈ চহৰখন গঢ়ি উঠিছে । গতিকে ডিগবৈ শোধনাগাৰটো ডিগবৈৰ বাবে হৃদপিণ্ড স্বৰূপ। সেই তেতিয়াই ব্ৰিটিছে গঢ়ি যোৱা ডিগবৈৰ স্মৃতি আজিও সজীৱ ।"

তেওঁ লগতে কয়, "ডিগবৈ শোধানাগাৰত মৰা চিটিৰ (সংকেত ধ্বনি) জৰিয়তেই আজিও ডিগবৈবাসী পৰিচালিত হৈ আহিছে ।" ইয়াৰ সমান্তৰালভাৱে ডিগবৈৰ সচেতন যুৱক উৎপল গগৈয়েও এছিয়া মহাদেশৰ ভিতৰত প্ৰথমটো শোধনাগাৰ ডিগবৈ শোধনাগাৰক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰি আজি ১২৩ বৰ্ষ অতিক্ৰম কৰাক লৈ আনন্দিত বুলি মন্তব্য কৰে । লগতে শেহতীয়াকৈ শোধন ক্ষমতা বৃদ্ধি কৰাৰ বাবে গৌৰৱবোধ কৰাৰ কথা সদৰী কৰে ।

আনহাতে, বুধবাৰে ডিগবৈ শোধনাগাৰে ১২৩ বৰ্ষ অতিক্ৰম কৰাক লৈ শোধনাগাৰৰ এটা বিভাগৰ প্ৰৱেশপথত এখন আদৰণী তোৰণ আৰু ভিতৰত দুখন আদৰণী তোৰণৰ শুভ উদ্বোধন কৰাৰ লগতে দিনজোৰা কাৰ্যসূচীৰে কৰ্মচাৰী-বিষয়ববীয়াসকলৰ মাজত বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰা হয় ৷

লগতে পঢ়ক: বাৰীখনত নাই কি ! চালে চকুৰোৱা এখন সুবিশাল বাৰী চাই আহো আহক...

Last Updated : 2 hours ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.