স্পৰ্টছ ডেস্ক, ২১ জুন :বৃহস্পতিবাৰে কেনিংটন অভেল ষ্টেডিয়ামত আফগানিস্তানৰ বিৰুদ্ধে ভাৰতে ছুপাৰ এইটৰ প্ৰতিদ্বন্দ্বিতাত বিজয় সাব্যস্ত কৰে । আনহাতে, ভাৰতীয় দলৰ পৰম্পৰা অনুসৰি দলটোৰ ফিল্ডিং প্ৰশিক্ষক টি দিলীপে বাঁওহতীয়া স্পিনাৰ অক্ষয় পেটেলক ড্ৰেছিং ৰুমত ফিল্ডিং পদকৰ অন্যতম দাবীদাৰ হিচাপে ঘোষণা কৰে । এই ঘোষণা শুনাৰ পিচতে অক্ষৰ পেটেল নিজেই হতবাক হৈ পৰে । আনহাতে, ভাৰতীয় বেটাৰ বিৰাট কোহলীয়ে অক্ষৰৰ প্ৰতিক্ৰিয়াত তেওঁৰ হাঁহি নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে ।
উল্লেখ্য, ৰোহিত শৰ্মাৰ নেতৃত্বত মেন ইন ব্লুৱে মেচৰ তিনিওটা বিভাগতে আন এক চিত্তাকৰ্ষক প্ৰদৰ্শন আগবঢ়াই আফগানিস্তানৰ বিৰুদ্ধে ৪৭ ৰাণত বিজয় সাব্যস্ত কৰে ।
মেচখনত পেচাৰ মহম্মদ চিৰাজৰ স্থানত কুলদীপ যাদৱক অন্তৰ্ভুক্ত কৰি অধিনায়ক ৰোহিত আৰু দল মেনেজমেণ্টে মেচখনত তিনিগৰাকী স্পিনাৰৰ সৈতে অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় । অৱশ্যে এইটো এক ব্যতিক্ৰমী সিদ্ধান্ত হিচাপে প্ৰমাণিত হয় । কিয়নো অক্ষৰ পেটেলৰ ছয়টা বলত ১২ ৰাণৰ অৰিহণাই ভাৰতক ১৮০ ৰাণৰ এক আশ্বস্তপূৰ্ণ সীমা অতিক্ৰম কৰাত সহায় কৰে । এই ৰাণ সংখ্যা হৈছে এতিয়ালৈকে প্ৰতিযোগিতাখনত ভাৰতৰ সৰ্বাধিক দলীয় স্ক'ৰ । তেওঁৰ বেটিঙৰ উপৰি নিজৰ তিনিটা অভাৰত অতি মিতব্যয়ী বলিং কৰে । তেওঁ প্ৰতি অভাৰত মাত্ৰ পাঁচ ৰাণকৈ খৰচ কৰে । লগতে প্ৰতিযোগিতাখনৰ পঞ্চম সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী ইব্ৰাহিম জাদৰানৰ উইকেটো দখল কৰে ।
উল্লেখ্য, এদিনীয়া বিশ্বকাপ, ২০২৩ ৰ পৰা বৰ্তমানৰ টি-২০ বিশ্বকাপলৈকে ভাৰতীয় দলত প্ৰতিখন টুৰ্ণামেণ্টত শ্ৰেষ্ঠ ফিল্ডাৰৰ পদক প্ৰদানৰ পৰম্পৰা অব্যাহত আছে । ফিল্ডিং প্ৰশিক্ষক দিলীপে খেলৰ সময়ত দলটোৱে খেলপথাৰত কোনো ভুল নকৰাকৈ পৰিস্থিতি সম্পৰ্কীয় সজাগতাৰ প্ৰশংসা কৰে ।