গুৱাহাটী, ২৫ ফেব্ৰুৱাৰীঃ স্বেচ্ছাসেৱী সংগঠন 'অনুপম জীৱন'ৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত হয় ১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতা । গুৱাহাটী মহানগৰীৰ জজ খেলপথাৰস্থিত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ খেলপথাৰত আয়োজন কৰা এই প্ৰথম বাৰ্ষিক ড্ৰাগছ সেৱন বিৰোধী ১৬ বছৰৰ অনুৰ্ধ ছোৱালীৰ আন্তঃ ক্লাৱ,আন্তঃ গোট, প্ৰতিষ্ঠান প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাত বিজয়ী হয় গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ (খ) দল ।
১৬ বছৰ অনুৰ্ধ ছোৱালীৰ প্ৰাইজমানি ভলীবল প্ৰতিযোগিতাখনিৰ চড়ান্ত খেলখনত গুৱাহাটী ভলীবল প্ৰশিক্ষণ কেন্দ্ৰ (খ) দলটোৱে উক্ত প্ৰশিক্ষণ কেন্দ্ৰৰেই (ক) দলক পৰাজিত কৰে । খেলৰ সামৰণিত বিজয়ী দলক বঁটা প্ৰদান কৰে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় ভলীবল খেলুৱৈ স্নিগ্ধা বৰুৱাই । আনহাতে, বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ অধিবক্তা চাইজুদ্দীন আহমেদ, অইল ইন্ডিয়াৰ অৱসৰপ্ৰাপ্ত বিষয়া প্ৰণয় বৰুৱা,এছোচিয়েচন অৱ ড্ৰাগ ৰিহেবিলিটেচন চেন্টাৰছৰ উপদেষ্টা সিদ্ধাৰ্থ প্ৰতীম দত্ত,সভাপতি যুগব্ৰত হাজৰিকাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি।