অসম

assam

ETV Bharat / sports

মেলব’ৰ্ণত উপস্থিত হৈয়েই অশান্ত কোহলী; মহিলা সাংবাদিকৰ সৈতে তীব্ৰ বাকবিতণ্ডা - VIRAT KOHLI VIRAL VIDEO

Virat Kohli airport video: মেলব’ৰ্ণ বিমানবন্দৰত অষ্ট্ৰেলিয়াৰ সাংবাদিকসকলৰ সৈতে বাদানুবাদত লিপ্ত ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী ৷ সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ’ ৷

Virat Kohli Viral Video
মেলব’ৰ্ণত বিৰাট কোহলী (Snapshot from 7News 'X' handle)

By ETV Bharat Sports Team

Published : 6 hours ago

স্প’ৰ্টছ ডেস্ক: পুনৰ এবাৰ বিতৰ্কৰ মাজত সোমাই পৰিছে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলী ৷ নিউজ মেলব’ৰ্ণত প্ৰকাশিত খবৰ অনুসৰি, অষ্ট্ৰেলিয়া ভ্ৰমণত ব্যস্ত থকা তাৰকা ক্ৰিকেটাৰগৰাকীয়ে দেশখনৰ একাংশ সংবাদকৰ্মীৰ সৈতে বাক-বিকণ্ডাত লিপ্ত হয় ৷

বৃহস্পতিবাৰে মেলব’ৰ্ণ বিমানবন্দৰত সংঘটিত হয় এই ঘটনা ৷ ঘটনাটো সংঘটিত হোৱাৰ সময়ত পত্নী অনুস্কা শৰ্মাও ক্ৰিকেটাৰগৰাকীৰ সৈতে বিমানবন্দৰত উপস্থিত আছিল ৷

অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমৰ ওপৰত খড়্গহস্ত কোহলী

ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি, অষ্ট্ৰেলিয়াৰ চেনেল 7 ৰ এগৰাকী সাংবাদিকে কোহলীৰ পৰিয়ালটোৰ ফটো উঠাই থকাৰ কথাটোতে ক্ষুব্ধ হৈ পৰে তাৰকা ক্ৰিকেটাৰগৰাকী ৷ যাৰ বাবে অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমক তীব্ৰ সমালোচনা কৰে কোহলীয়ে ।

বিশেষকৈ অনুমতি অবিহনে ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰাৰ বাবে বিৰক্ত হৈ সাংবাদিকৰে বাকবিতণ্ডাত লিপ্ত হয় বিৰাট কোহলী । মেলব’ৰ্ণ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে কোনো অনুমতি অবিহনে পৰিয়ালটোৰ ফটো তোলাত ব্যস্ত হৈ পৰিছিল একাংশ সংবাদকৰ্মী ৷

সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ’টোত সাংবাদিকজনক উদ্দেশ্যি কোহলীয়ে এনেদৰে কৈছিল, "মোৰ সন্তানৰ সৈতে মোক কিছু গোপনীয়তাৰ প্ৰয়োজন, হয়নে ? আপুনি মোক নোসোধাকৈ এখন চিনেমা নিৰ্মাণ কৰিব নোৱাৰে" ৷

অষ্ট্ৰেলিয়াৰ আইন অনুসৰি, ৰাজহুৱা স্থানত চেলিব্ৰেটীসকলৰ চিত্ৰগ্ৰহণৰ ওপৰত কোনোধৰণৰ নিষেধাজ্ঞা নাই ৷ যাৰ ফলত কিছুমান সময়ত সৃষ্টি হয় জটিলতা ।

পৰিয়ালৰ সৈতে ভ্ৰমণত ব্যস্ত কোহলী

টীম ইণ্ডিয়াৰ সৈতে ব্ৰীছবেনৰ পৰা মেলব’ৰ্ণলৈ যাত্ৰা কৰাৰ সলনি বিৰাট কোহলীয়ে পৰিয়ালৰ সৈতে এই ভ্ৰমণ কৰা দেখা যায় ৷ লক্ষণীয়ভাৱে কোহলীৰ উপৰিও আন এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ যশপ্ৰীত বুমৰাহে অষ্ট্ৰেলিয়া ভ্ৰমণৰ মাজতে পৰিয়ালৰ সৈতে পৃথকে ভ্ৰমণ অব্যাহত ৰাখিছে ।

অষ্ট্ৰেলিয়াত কোহলীৰ প্ৰদৰ্শন ম্লান

অষ্ট্ৰেলিয়াত বিৰাট কোহলীৰ প্ৰদৰ্শন বৰ এটা সন্তোষজনক পৰিলক্ষিত হোৱা নাই । পাৰ্থত দ্বিতীয় টেষ্টত শতক অৰ্জন কৰা বেটছমেনগৰাকীয়ে ৰাণ সংগ্ৰহৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিছে ৷ আন 4 টা ইনিংছত বিৰাটে মাত্ৰ 26 ৰাণহে সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:উভতি চাও 2024: সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী শীৰ্ষৰ 10 বলাৰ

ABOUT THE AUTHOR

...view details