স্প’ৰ্টছ ডেস্ক, 7 আগষ্ট:এগৰাকী ভাৰতীয়ৰ স্বপ্নভংগ ৷ পেৰিছ অলিম্পিকত বুধবাৰে ভাৰতে স্বৰ্ণজয় কৰাটো একপ্ৰকাৰ নিশ্চিত আছিল মল্লযোদ্ধা বিনেশ ফোগাটৰ জৰিয়তে ৷ কিন্তু ছেমি ফাইনেলৰ পিছত শৰীৰৰ ওজন 100 গ্ৰাম বৃদ্ধি পোৱাৰ বাবে খেলৰ বাবে অযোগ্য ঘোষণা কৰা হয় ফোগাটক ৷ বুধবাৰে IOC য়ে কৰে এই ঘোষণা ৷
ভাৰতীয় অলিম্পিক সন্থাই জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে, ফ’গাটে নিৰ্ধাৰিত 50 কেজিৰ সীমা অতিক্ৰম কৰাৰ বাবেই তেওঁক অযোগ্য ঘোষণা কৰা হয় ।
ভাৰতীয় অলিম্পিক সন্থাই কয়, "এয়া দুখৰ বিষয় যে মহিলা মল্লযুঁজৰ 50 কেজি শাখাৰ পৰা বিনেশ ফোগাটক অযোগ্য ঘোষণা কৰাৰ খবৰ ভাৰতীয় দলটোৱে শ্বেয়াৰ কৰিছে । নিশাটোৰ ভিতৰত দলটোৱে বহু চেষ্টা কৰাৰ পাচতো বুধবাৰৰ পুৱা পৰ্যন্ত তেওঁৰ ওজন 50 কেজিৰ অধিক হৈ আছিল । এই সময়ত ভাৰতীয় দলটোৱে ফোগাটৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাবলৈ সকলোকে অনুৰোধ জনাইছে ৷ পৰৱৰ্তী প্ৰতিযোগিতাসমূহৰ ওপৰত গুৰুত্ব দিব বিচাৰে ভাৰতীয় দলে ।"
মঙলবাৰে নিশা ছেমি ফাইনেলত কিউবাৰ ইউছনেলিছ গুজমান লোপেজক 5-0 গ’লত পৰাস্ত কৰি সোণৰ পদকৰ যুঁজৰ বাবে যোগ্যতা আৰ্জিছিল বিনেশ ফোগাটে ।