স্প’ৰ্টছ ডেস্ক, 19 আগষ্ট:আজি সমগ্ৰ দেশতে ভাতৃ-ভগ্নীৰ উৎসৱ হিচাপে পৰিচিত ৰাখীবন্ধন অতি ধুমধামেৰে উদযাপন কৰা হৈছে । শনিবাৰে পেৰিছৰ পৰা ভাৰতলৈ উভতি অহা মল্লযোদ্ধা বিনেশ ফোগাটেও ভাতৃৰ সৈতে এই বিশেষ দিনটো উদযাপন কৰা পৰিলক্ষিত হৈছে ৷ উপহাৰ হিচাপে ভাতৃয়ে তেওঁক দিয়ে 500 টকীয়া নোটৰ এটা বাণ্ডিল ৷ যি বিশেষ মুহূৰ্তৰ ভিডিঅ'টো ইতিমধ্যে তীব্ৰগতিত ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।
বিনেশ ফোগাটে উদযাপন কৰে ৰাখীবন্ধন
ভাৰতীয় তাৰকা মল্লযোদ্ধা বিনেশ ফোগাটে সোমবাৰে ভাতৃৰ সৈতে তেওঁৰ গাওঁ বালালীত থকা স্বগৃহত উদযাপন কৰে ৰাখীবন্ধন । সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ত বিনেশে ভাতৃৰ পৰা উপহাৰ হিচাপে 500 টকাৰ বাণ্ডিল লাভ কৰাৰ মুহূৰ্তটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে ৷ তাৰপিছতে দুয়ো ভাতৃ-ভগ্নীক বাৰ্তালাপ কৰি থকাও দেখা যায় ৷
উপহাৰ হিচাপে পালে নগদ ধন
বিনেশে ভিডিঅ’টোত কৈছিল, "এই টকা... মোৰ বয়স প্ৰায় 30 বছৰ । যোৱা বছৰো মোক 500 টকাৰ বাণ্ডিল দিছিল আৰু এতিয়া এয়া(নোটৰ এটা অংশ দেখুৱায়) । মোৰ হাতত থকা ধন হৈছে তেওঁৰ গোটেই জীৱনৰ উপাৰ্জন, যিবোৰ মোক দি দিছে ৷ ভাতৃ-ভগ্নীসকলক ধন্যবাদ" ৷