স্প’ৰ্টছ ডেস্ক, 16 আগষ্ট:সদ্য সমাপ্ত পেৰিছ অলিম্পিক 2024 ৰ শ্বুটিঙত ভাৰতৰ হৈ দুটাকৈ ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে মনু ভাকৰে ৷ শ্বুটাৰগৰাকীয়ে কেৰিয়াৰৰ শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে লাভ কৰিছে এক বৃহৎ পুৰস্কাৰ, যি পুৰস্কাৰ প্ৰদান কৰিছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লাভ কৰা সৰ্বানন্দ সোণোৱালে । পেৰিছ অলিম্পিক 2024 ত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে দিল্লীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে মনু ভাকৰক অভিনন্দন জ্ঞাপন কৰি প্ৰদান কৰে 10 লাখ টকাৰ চেক ৷
মনু ভাকৰৰ প্ৰশংসাত পঞ্চমুখ সৰ্বানন্দ সোণোৱাল
এই সম্বৰ্ধনা অনুষ্ঠানৰ সময়ছোৱাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, "আজি দেশৰ জনসাধাৰণে মনু ভাকৰক লৈ গৌৰৱ অনুভৱ কৰিছে । ভৱিষ্যতে তেওঁ দেশৰ বাবে আৰু বহুতো পদক জিকিবলৈ গৈ আছে । ইয়াত কোনো সন্দেহ নাই । তেওঁৰ দক্ষতা, সামৰ্থ, দূৰদৰ্শিতা, নিষ্ঠা, আনুগত্য, প্ৰতিশ্ৰুতি আৰু কঠোৰ পৰিশ্ৰম কৰাৰ প্ৰতি আগ্ৰহ আছে । মই নিশ্চিত যে, সততা আৰু প্ৰতিশ্ৰুতিৰ মনোভাৱৰ সৈতে মনু বাৰে বাৰে জিলিকি উঠিব" ৷
অলিম্পিকত সুন্দৰ প্ৰদৰ্শন মনু ভাকৰৰ