স্পৰ্টছ ডেস্ক, ২৬ জানুৱাৰী :দক্ষিণ আফ্ৰিকাত চলি থকা পুৰুষৰ ১৯ অনূৰ্ধ্ব বিশ্বকাপ ক্ৰিকেটত শক্তিশালী স্থিতিত আছে ভাৰতীয় দল । গ্ৰুপ পৰ্যায়ৰ দ্বিতীয়খন খেলতো ভাৰতীয় দলটোৰ বৃহৎ জয় । বৃহস্পতিবাৰে ভাৰতে আয়াৰলেণ্ডক ২০১ ৰাণৰ বৃহৎ ব্যৱধানত ধূলিসাৎ কৰিবলৈ সক্ষম হয় । এই খেলখনত ভাৰতৰ বিজয়ৰ নায়ক আছিল মুছিৰ খান আৰু নমন তিৱাৰী ।
মুছিনে বেটেৰে এক আকৰ্ষণীয় শতক অৰ্জন কৰে ৷ আনহাতে নমনে বলিঙেৰে বিপক্ষ বেটছমেনসকলক নিৰাশ কৰি তোলে । এই খেলখনত ভাৰতে ৫০ অভাৰত ৭ টা উইকেট হেৰুৱাই ৩০১ ৰাণ সংগ্ৰহ কৰিছিল । এই টাৰ্গেটৰ পিছত যোৱাৰ সময়ত আয়াৰলেণ্ডৰ দলটো ২৯.৪ অভাৰতে ১০০ ৰাণত অলআউট হয় ।
মুছিৰ খান আৰু অধিনায়ক উদয় চাহাৰনে ভাৰতৰ হৈ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে । উদয় চাহাৰানে ৮৪ টা বলত ৭৫ ৰাণ সংগ্ৰহ কৰে । একে সময়তে অলৰাউণ্ডাৰ মুছিৰ খানে ৯ টা চাৰি আৰু ৪ টা ছিক্সাৰৰ সহায়ত ১০৬ টা বলত ১১৮ ৰাণ সংগ্ৰহ কৰি তেওঁৰ দলটোক ৩০১ ৰাণলৈ লৈ যায় । আয়াৰলেণ্ডৰ হৈ অলিভাৰ ৰাইলে ৩ টা আৰু জন মেকনেলীয়ে ২ টা উইকেট দখল কৰে ।