স্পৰ্টছ ডেস্ক, ২ ফেব্ৰুৱাৰী :দক্ষিণ আফ্ৰিকাত চলি থকা অনূৰ্ধ্ব-১৯ ক্ৰিকেট বিশ্বকাপত শুকুৰবাৰে নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ ভাৰতে ২৯৮ ৰাণৰ বিজয় লক্ষ্য বান্ধি দিছে । অনূৰ্ধ্ব-১৯ বিশ্বকাপ, ২০২৪ৰ ছুপাৰ ৬ পৰ্যায়ৰ দ্বিতীয়খন মেচত নেপালৰ বিৰুদ্ধে ভাৰতে সুন্দৰ ফৰ্ম অব্যাহত ৰাখি ৫ উইকেটৰ বিনিময়ত ২৯৭ ৰাণ সংগ্ৰহ কৰে ।
মেচখনত টীম ইণ্ডিয়াৰ অধিনায়ক উদয় চাহাৰানে টছত জয়ী হৈ নেপালক ফিল্ডিং কৰিবলৈ আমন্ত্ৰণ জনায় । ভাৰতৰ হৈ ইনিংছ মুকলি কৰে আদৰ্শ সিং আৰু অৰ্শিন কুলকাৰ্ণীয়ে । অৱশ্যে দুয়োগৰাকী অপেনাৰে আজি বেটত ৰাণ পোৱাত ব্যৰ্থ হয় । আদৰ্শ সিঙে ২১ আৰু অৰ্শিন কুলকাৰ্ণীয়ে ১৮ ৰাণৰ বৰঙনি আগবঢ়ায় । আনহাতে, বেটিং প্ৰিয়াংশু মলিয়াও আজি ব্যৰ্থ হয় । তেওঁৰ বেটৰ পৰা আহে ১৯ ৰাণ ।
ইয়াৰ পিছত অধিনায়ক উদয় চাহাৰান আৰু শচীন ধাছে ভাৰতৰ হৈ এক গুৰুত্বপূৰ্ণ ইনিংছ খেলে । তেওঁলোকে ২০০ ৰাণৰো অধিক ৰাণৰ যুটি বান্ধি ভাৰতক এক শক্তিশালী স্থিতিত উপনীত কৰায় । অধিনায়ক উদয় চাহাৰন আৰু শচীন ধাছে দৰ্শনীয় শতক অৰ্জন কৰে । উদয় চাহাৰানে ১০৮ বলত ১০০ ৰাণ সংগ্ৰহ কৰে । আনহাতে, শচীন ধাছে ১১৬ ৰাণৰ বৰঙনি আগবঢ়ায় ।
ইফালে নেপালৰ হৈ সফল বলাৰ হৈছে গুলচন ঝা । তেওঁ ৫৬ ৰাণৰ বিনিময়ত ৩ টা উইকেট দখল কৰে । আকাশ চান্দে এটা উইকেট দখল কৰে ।
উল্লেখ্য যে টছত জয়ী হোৱাৰ পিছত ভাৰতৰ অধিনায়ক উদয় চাহাৰনে কয় যে তেওঁৰ দলটোৱে পূৰ্বতে এই উইকেটত খেলিছে আৰু ইয়াৰ বিষয়ে সম্পূৰ্ণৰূপে অৱগত । তাৰেই পৰিপ্ৰেক্ষিতত দলৰ বলিং বিভাগত এটা পৰিৱৰ্তন কৰা হৈছে । দলত ফাষ্ট বলাৰ নমন তিৱাৰীক আৰাধ্যা শুক্লাৰ স্থানত লোৱা হৈছে ।