নতুন দিল্লীঃ চেম্পিয়নছ ট্ৰফী ২০২৫ৰ পূৰ্বে পাকিস্তান আৰু ভাৰতৰ ক্ৰিকেট ব’ৰ্ডৰ মাজত বিবাদ আৰম্ভ হোৱা বুলি চৰ্চা চলি আছে । জানিব পৰা মতে কিছু কথাক কেন্দ্ৰ কৰি পিচিবি আৰু বিচিচিআইৰ মাজত যুঁজ অব্যাহত আছে। শেহতীয়া তথ্য অনুসৰি, এই সন্দৰ্ভত আইচিচিৰো এতিয়া বিচিচিআইৰ ওপৰত খং উঠিছে।
দৰাচলতে ভাৰতীয় দলৰ চেম্পিয়নছ ট্ৰফীৰ জাৰ্চীত আয়োজক পাকিস্তানৰ নাম লিখা নহ'ব বুলি এক বাতৰি প্ৰকাশ পাইছিল, কিন্তু শেহতীয়াকৈ এই খবৰ আহি পৰিছে যে আইচিচিৰ হস্তক্ষেপৰ পিছত, বিচিচিআয়ে এতিয়া নিজৰ জাৰ্চীত পাকিস্তানৰ নাম লিখিবলৈ সন্মত হৈছে।
সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (বিচিচিআই) চেম্পিয়নছ ট্ৰফীত অংশগ্ৰহণ কৰাৰ সময়ত নিৰ্দিষ্ট পোছাক বিধি অনুসৰণ কৰিব। বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই নিশ্চিত কৰিছে যে ভাৰতীয় দলটোৱে চেম্পিয়নছ ট্ৰফীৰ সময়ত আইচিচি সম্পৰ্কীয় সকলো ধৰণৰ নিয়মাৱলী অনুসৰণ কৰিব।
শইকীয়াই পিটিআইক কয় "বিচিচিআয়ে চেম্পিয়নছ ট্ৰফীৰ সময়ত টীম ইণ্ডিয়াৰ জাৰ্চী সম্পৰ্কীয় আইচিচিৰ সকলো নিয়ম মানি চলিব। লোগো আৰু পোছাক সংহিতাৰ সন্দৰ্ভত আন দলবোৰে যিয়ে কৰিব, আমিও সেইটো কঠোৰভাৱে অনুসৰণ কৰিম।"
উল্লেখ্য যে বিভিন্ন সংবাদ প্ৰতিবেদনত এই দাবী কৰা হৈছিল যে বিচিচিআয়ে টীম ইণ্ডিয়াৰ চেম্পিয়নছ ট্ৰফীৰ জাৰ্চীত পাকিস্তানৰ নাম ব্যৱহাৰ কৰিবলৈ অস্বীকাৰ কৰিছে ৷ এই পদক্ষেপটোৱে যথেষ্ট গুঞ্জন সৃষ্টি কৰিছিল কিয়নো এনে ঘটনা আগতে কেতিয়াও ঘটা নাই। ইয়াৰ লগতে অধিনায়ক ৰোহিত শৰ্মাই চেম্পিয়নছ ট্ৰফী উদ্বোধনী অনুষ্ঠান, অধিনায়কৰ ফটোশ্বুট আৰু সংবাদমেলত উপস্থিত থাকিবলৈ পাকিস্তানলৈ নাযাব বুলিও আলোচনা আৰম্ভ হৈছে।
অৱশ্যে এই কথাবোৰ এতিয়াও অস্পষ্ট বুলি ইংগিত দিলে বিচিচিআইৰ সচিবগৰাকীয়ে ৷ "ৰোহিত শৰ্মাই আইচিচিৰ মিডিয়া সংক্ৰান্তীয় অনুষ্ঠানবোৰৰ বাবে পাকিস্তান ভ্ৰমণ কৰিব নে নকৰে সেই সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই " শইকীয়াই কয়।
চেম্পিয়নছ ট্ৰফীত ভাৰতীয় দলটোৱে ২০ ফেব্ৰুৱাৰীত বাংলাদেশৰ বিৰুদ্ধে তেওঁলোকৰ অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত, তেওঁলোকে আন দুখন গ্ৰুপ মেচত পাকিস্তান আৰু নিউজীলেণ্ডৰ মুখামুখি হ'ব। ভাৰত, পাকিস্তান, বাংলাদেশ আৰু নিউজীলেণ্ড গ্ৰুপ এত আছে, আনহাতে গ্ৰুপ বিত আছে অষ্ট্ৰেলিয়া, ইংলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু আফগানিস্তান । উল্লেখ্য যে ভাৰতে নিজৰ খেলসমূহ হাইব্ৰিড মডেলৰ অধীনত ইউ.এ.ই.ত খেলিব কিয়নো দলটোৱে নিৰাপত্তাৰ কথা উল্লেখ কৰি পাকিস্তান ভ্ৰমণ কৰিবলৈ অস্বীকাৰ কৰিছে।
- লগতে পঢ়ক:বিচিচিআইক আইচিচিৰ কঠোৰ সতৰ্কবাণী ! চেম্পিয়নছ ট্ৰফী কিটত 'পাকিস্তান' নিলিখিলে লোৱা হ'ব ব্যৱস্থা - CHAMPIONS TROPHY 2025
- লগতে পঢ়ক:চেম্পিয়নছ ট্ৰফী ২০২৫: ভাৰতীয় জাৰ্চীত পাকিস্তানক স্থান দিবলৈ অস্বীকাৰ বিচিচিআইৰ - CHAMPIONS TROPHY 2025