স্প’ৰ্টছ ডেস্ক, 29 মে’ :ভাৰতীয় ক্ৰিকেট দলটোৱে টী 20 বিশ্বকাপৰ বাবে মঙলবাৰৰে পৰা আৰম্ভ কৰিছে অনুশীলন ৷ এই অনুশীলনত উপস্থিত নাই তাৰকা বেটছমেন বিৰাট কোহলী ৷ ইতিমধ্য়ে ৰোহিত শৰ্মাৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে অনুশীলন কৰি থকাৰ এটি ভিডিঅ’ প্ৰকাশ পাইছে ৷ য’ত হাৰ্দিক পাণ্ডিয়া, সঞ্জু চেমছনৰ লগতে দলটোৰ বাকীসকল খেলুৱৈয়ে অনুশীলনত উপস্থিত থকা দেখা গৈছে ৷
ভাৰতীয় দলটোৱে অনুশীলনৰ সময়ত ফুটবল খেলি থকা দেখা গৈছে ৷ কিন্তু কোনো এজন খেলুৱৈকে ক্ৰিকেট খেলি থকা ভিডিঅ’টোত দেখা নগ’ল ৷ কিন্তু বৰ্তমানলৈকে দলটোৰ তাৰকা বেটছমেন বিৰাট কোহলী উপস্থিত হোৱা নাই নিউয়ৰ্কত ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি কোহলীয়ে 1 জুনত বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া ৱাৰ্মআপ মেচখনত অংশগ্ৰহণ নকৰাটো প্ৰায় স্পষ্ট হৈ পৰিছে ৷
লগতে পঢ়ক:টি-২০ বিশ্বকাপ ইতিহাসত সৰ্বাধিক ছয় কোবোৱা ৫ বেটছমেন; তালিকাত থকা ভাৰতীয় কোন ? - T20 World Cup 2024
উল্লেখ্য যে, মঙলবাৰে পত্নী অনুস্কাৰ সৈতে বিৰাটক ডিনাৰত অংশগ্ৰহণ কৰাৰ সময়তে মুম্বাইত দেখা গৈছিল ৷ একাংশ ৰিপ’ৰ্টত পূৰ্বে উল্লেখ কৰা অনুসৰি, বিৰাট কোহলীয়ে 20 মে’ত নিউয়ৰ্কলৈ যাত্ৰা কৰি 31 মে’ত অনুশীলনত অংশগ্ৰহণ কৰাৰ কথা ৷