স্পৰ্টছ ডেস্ক, ২৪ জুন : টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ ৰ অন্তিমখন খেলত আজি মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু ভাৰত । ভাৰতীয় দলটোৰ উদ্দেশ্য অষ্ট্ৰেলিয়াক পৰাস্ত কৰি ছুপাৰ-৮ গ্ৰুপৰ শীৰ্ষত যোগ্যতা অৰ্জন কৰা ।
এই ৰোমাঞ্চকৰ মেচৰ পূৰ্বে ছ’চিয়েল মিডিয়াত প্ৰতিশোধৰ ট্ৰেণ্ডিং আৰম্ভ হোৱা দেখা গৈছে ৷ অনুৰাগীসকলে ২০২৩ চনৰ ১৯ নৱেম্বৰত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলৰ কথা সোঁৱৰাই দিয়া দেখিবলৈ পোৱা দৈছে ।
ছ’চিয়েল মিডিয়াত ভাৰতীয় ক্ৰিকেট অনুৰাগীয়ে ২০২৩ চনৰ বিশ্বকাপৰ ফাইনেলৰ কথা সোঁৱৰাই প্ৰতিশোধ ল’বলৈ দাবী জনাইছে । ইয়াৰ সমান্তৰালকৈ ছ’চিয়েল মিডিয়াতো মিমসমূহ ব্যাপকভাৱে শ্বেয়াৰ কৰা দেখা হৈছে ।
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰ ভাৰতত অনুষ্ঠিত হোৱা বিশ্বকাপৰ ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল ৷ যাৰ বাবেই তৃতীয়বাৰৰ বাবে এদিনীয়া বিশ্বকাপ জয় কৰাৰ ভাৰতৰ সপোন অপূৰ্ণ হৈ ৰৈছিল । সেই বিশ্বকাপত ভাৰতে সকলো খেলতে জয়লাভ কৰিছিল যদিও অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ফাইনেলত পৰাস্ত হৈছিল ।