অসম

assam

ETV Bharat / sports

খেল আছিল ৱেষ্ট ইণ্ডিজ বনাম পপুৱা নিউগিনিৰ: স্ক’ৰ কাৰ্ডত ফটো লাগিল হাৰ্দিক পাণ্ডিয়াৰ - T20 World cup 2024

Hardik Pandya: টি-২০ বিশ্বকাপ ২০২৪ৰ প্ৰথম দিনা দ্বিতীয়খন মেচত এটা ডাঙৰ ভুল দেখা গ’ল । টি-২০ বিশ্বকাপ সম্প্ৰচাৰ কোম্পানী হটষ্টাৰে ৱেষ্ট ইণ্ডিজ বনাম পাপুৱা নিউ গিনিৰ খেলৰ সময়ত হাৰ্দিক পাণ্ডিয়াৰ ফটো দেখা গ’ল স্ক’ৰকাৰ্ডত । সম্পূৰ্ণ খবৰ পঢ়ক...

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 7:31 PM IST

Hardik Pandya
T20 WORLD CUP 2024 (IANS)

নিউজ ডেস্ক, ৩ জুন :২০২৪ চনৰ টি-২০ বিশ্বকাপৰ দ্বিতীয়খন খেল ৱেষ্ট ইণ্ডিজ আৰু পাপুৱা নিউগিনিৰ মাজত অনুষ্ঠিত হয় । য’ত, ৱেষ্ট ইণ্ডিজে জয়েৰে বিশ্বকাপৰ আৰম্ভণি কৰিছিল । এই মেচখনৰ পিচত সম্প্ৰচাৰ পক্ষৰ পৰা এটা ডাঙৰ ভুল কৰা দেখা গ’ল, যিটো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ।

দৰাচলতে ৱেষ্ট ইণ্ডিজৰ জয়ৰ পিচত সম্প্ৰচাৰত খেলুৱৈসকলৰ শীৰ্ষ প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি স্ক’ৰ কাৰ্ড দেখুওৱা হৈছিল । ৰষ্টন চেজ, ব্ৰেণ্ডন কিং তথা আন্দ্ৰে ৰাছেল আৰু অন্যান্য খেলুৱৈৰ মেচৰ পৰিসংখ্যা দেখুওৱা হৈছিল । কিন্তু, এই সকলোবোৰ স্ক’ৰকাৰ্ডৰ গ্ৰাফিক্সত দেখা গ’ল ভাৰতীয় অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াৰ ফটো ।

লগতে পঢ়ক:পাপুৱা নিউ গিনিক ৫ উইকেটত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ - T20 World Cup 2024

আটাইকেইজন খেলুৱৈৰ প্ৰদৰ্শনৰ স্ক’ৰৰ ওপৰত হাৰ্দিক পাণ্ডিয়াৰ ফটো আছিল । অলপ সময়ৰ ভিতৰতে সম্প্ৰচাৰৰ এই কাৰিকৰী ত্ৰুটি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল ।

তেওঁৰ স্ক্ৰীণশ্বটটো শ্বেয়াৰ কৰাৰ সময়ত এজন ইউজাৰে লিখিছিল যে হাৰ্দিক পাণ্ডিয়া হৈছে বিশ্বৰ আটাইতকৈ বিপজ্জনক অল-ৰাউণ্ডাৰ, কিন্তু এইটো অত্যধিক হৈ পৰিছে । তেওঁ লিখিছে, ৱেষ্ট ইণ্ডিজ বনাম পাপুৱা নিউগিনিৰ মেচত হাৰ্দিক পাণ্ডিয়াৰ ফটো দেখিছেনে ?

লগতে পঢ়ক:টি-২০ বিশ্বকাপ : কি শক্তিৰে অভিযানত নামিছে বিশ্বৰ ২০ টা দল ? - T20 WORLD CUP 2024

উল্লেখ্য যে হাৰ্দিক পাণ্ডিয়া হৈ বিশ্বৰ অন্যতম বেগী বলাৰ তথা অল ৰাউণ্ডাৰ । ভাৰতীয় দলটোৱে অহা ৫ জুনত আয়াৰলেণ্ডৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব । টীম ইণ্ডিয়াৰ কমাণ্ড ৰোহিত শৰ্মাৰ হাতত আৰু উপ-অধিনায়কৰ দায়িত্ব হৰ্দিক পাণ্ডিয়াৰ হাতত আছে ।

বাংলাদেশৰ বিৰুদ্ধে অনুশীলন মেচখনত পাণ্ডিয়াই অল ৰাউণ্ড প্ৰদৰ্শন কৰি ৪০ ৰান সংগ্ৰহ কৰাৰ লগতে এটা উইকেটো দখল কৰে । কিন্তু ৱেষ্ট ইণ্ডিজৰ খেলুৱৈৰ স্ক’ৰ কাৰ্ডত পাণ্ডিয়াৰ ফটো ব্যৱহাৰৰ কাৰ্যই অনুৰাগীক আমোদ দিয়াৰ লগতে সম্প্ৰচাকক লৈ ট্ৰ’ল কৰা দেখা গৈছে ৷

লগতে পঢ়ক:বিশ্বকাপত অষ্ট্ৰেলিয়ান দলৰ অথন্তৰ : বেগ হেৰাল কামিন্সৰ, বিমান বিলম্ব মেক্সৱেল-ষ্টাৰ্কৰ - T20 World Cup 2024

ABOUT THE AUTHOR

...view details