ETV Bharat / sports

ছেইম আয়ুবৰ শতকৰ সহায়ত এদিনীয়াত মুখথেকেচা দক্ষিণ আফ্ৰিকাৰ - PAK VS SOUTH AFRICA ODI SERIES

SA vs Pak 1st ODI: ছেইম আয়ুবৰ শতকৰ সহায়ত পাকিস্তানৰ বিৰুদ্ধে এদিনীয়াত পৰাস্ত দক্ষিণ আফ্ৰিকা ৷ শৃংখলাৰ প্ৰথমখন মেচতে পৰাস্ত দলটো ৷

Pak vs South Africa ODI Series
পাকিস্তান বনাম দক্ষিণ আফ্ৰিকা (AP Photo)
author img

By ETV Bharat Sports Team

Published : 3 hours ago

স্প’ৰ্টছ ডেস্ক: অলৰাউণ্ডাৰ ছলমান আঘাৰ দুৰ্দান্ত প্ৰদৰ্শনৰ বাবে পাকিস্তানে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন এদিনীয়াত ৰোমাঞ্চকৰ জয়লাভ কৰে ৷ তিনিখন মেচৰ এই এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল মঙলবাৰে অনুষ্ঠিত হৈছিল ৷

পাকিস্তানৰ বিৰুদ্ধে পৰাস্ত দক্ষিণ আফ্ৰিকা

শৃংখলাৰ প্ৰথমখন এদিনীয়াত দুয়োটা দলে জয়ৰ লক্ষ্যৰে ক্ৰিজত নামিছিল ৷ কিন্তু মেন ইন গ্ৰীণে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় ৷ 240 ৰাণৰ লক্ষ্য আগত লৈ বেটিং কৰা পাকিস্তানে এটা সময়ত 4 টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে মাথো 60 ৰাণ ৷ কিন্তু পৰৱৰ্তী সময়ত বাওঁহতীয়া বেটছমেন ছেইম আয়ুব আৰু চলমান আঘাই যুটীয়াভাৱে দলক আগুৱাই নিয়াৰ দায়িত্ব গ্ৰহণ কৰে ৷

কেইবাটাও আকৰ্ষণীয় শ্বট

এই দুয়োগৰাকী বেটছমেন ক্ৰিজলৈ অহাৰ পিছত ষ্টেডিয়ামত উপস্থিত থকা দৰ্শকে কেইবাটাও বাউণ্ডেৰী দেখিবলৈ পায় ৷ দুয়োগৰাকী ক্ৰিকেটাৰৰ 141 ৰাণৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্বই পাকিস্তানৰ অগ্ৰগতিত নতুন মাত্ৰা প্ৰদান কৰে ৷ দক্ষিণ আফ্ৰিকাই বলৰ সৈতে জিলিকিলেও বেটেৰে একেই প্ৰদৰ্শন দাঙি ধৰাত ব্যৰ্থ হয় ৷

পাকিস্তানী বলাৰসকলৰ উন্নত প্ৰদৰ্শন

পাকিস্তানৰ দলটোৱে 4 গৰাকীকৈ ফাষ্ট বলাৰক দলত অন্তৰ্ভুক্ত কৰাৰ যি সিদ্ধান্ত, সেয়া সঠিক বুলি প্ৰথমখন এদিনীয়াতে প্ৰতিপন্ন হৈছিল ৷ দলটোৰ ফাষ্ট বলাৰসকলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰে ৷

পাকিস্তানী ফাষ্ট বলাৰসকলক তেওঁলোকৰ স্পিনাৰৰ পৰা সহায়ৰ প্ৰয়োজন আছিল ৷ যিটো তেওঁলোকৰ বাবে অপ্ৰত্যাশিত যদিও আঘাই সেয়া কৰি দেখুৱাইছিল ৷ প্ৰতিপক্ষৰ 70 ৰাণৰ অ’পেনিং যুটিটোৰ উইকেট দখল কৰাৰ লগতে আঘাই পৰৱৰ্তী সময়ত 4 টা উইকেট দখল কৰি দলটোৰ বেটিং মেৰুদণ্ড ধ্বংস কৰে ৷ সেই সময়ত দক্ষিণ আফ্ৰিকাৰ স্ক’ৰ আছিল 4 উইকেটৰ বিনিময়ত 88 ৰাণ ৷

ইয়াৰ পিছত এডেন মাৰ্ক্ৰামে হেনৰিখ ক্লাসেনৰ সৈতে 73 ৰাণ যোগ কৰে, কিন্তু ছেইম আয়ুবে দক্ষিণ আফ্ৰিকাৰ অধিনায়কৰ উইকেট দখল কৰে ৷ ক্ৰিজৰ আনটো মূৰত থকা ক্লাছেনে বিশেষ সমৰ্থন লাভ কৰা নাছিল আৰু তেওঁ শতক অৰ্জন কৰিবলৈ চেষ্টা কৰি থকা শ্বাহিন আফ্ৰীদিৰ শ্ৰেষ্ঠ ইনচুইংগাৰত আউট হৈছিল । ৰাবাডা আৰু অটনিল বাৰ্টমেনে শেষত গুৰুত্বপূৰ্ণ 21 ৰাণ যোগ কৰে ৷

দক্ষিণ আফ্ৰিকাৰ বেটছমেনসকলৰ দুৰ্বল প্ৰদৰ্শনৰ বাবেই দলটো পৰাজয়ৰ সন্মুখীন হয় ৷ অৱশ্যে তেওঁলোকে কেপটাউনত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয়খন এদিনীয়াত জয়ৰে শৃংখলাত প্ৰত্যাৱৰ্তনৰ চেষ্টা অব্যাহত ৰাখিব ৷ আনহাতে, পাকিস্তানে জয়ৰ ধাৰা অব্যাহত ৰাখি শৃংখলা দখলৰ চেষ্টা কৰিব ৷

লগতে পঢ়ক: বুম বুম বুমৰাহ ! কপিলদেৱক অতিক্ৰমি টেষ্টত বুমৰাহৰ নতুন অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.