স্প’ৰ্টছ ডেস্ক: বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত ভাৰতৰ সোঁহতীয়া তাৰকা ফাষ্ট বলাৰ যশপ্ৰীত বুমৰাহৰ ডাঙৰ অভিলেখ ৷ অষ্ট্ৰেলিয়াত সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী ভাৰতীয় বলাৰত পৰিণত হৈছে টীম ইণ্ডিয়াৰ সহ অধিনায়কগৰাকী ৷
ব্ৰীছবেনৰ গাব্বাত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা তৃতীয়খন টেষ্টৰ পঞ্চম দিনা বুমৰাহে এই গুৰুত্বপূৰ্ণ কৃতিত্ব অৰ্জন কৰে ।
অষ্ট্ৰেলিয়াত সৰ্বাধিক উইকেট দখলকাৰীত পৰিণত
প্ৰাক্তন ভাৰতীয় অধিনায়ক কপিলদেৱৰ অভিলেখ ভংগ কৰিছে যশপ্ৰীত বুমৰাহে । 52 টা উইকেট লাভ কৰি কপিলদেৱক অতিক্ৰম কৰা বুমৰাহ অষ্ট্ৰেলিয়াৰ ভূমিত সৰ্বাধিক টেষ্ট উইকেট দখলকাৰী ভাৰতীয় বলাৰত পৰিণত হয় ৷ পূৰ্বে কপিলদেৱে 51 টা উইকেট দখল কৰি এই কৃতিত্ব অৰ্জন কৰিছিল ।
🚨 HISTORY AT GABBA 🚨
— Johns. (@CricCrazyJohns) December 18, 2024
- JASPRIT BUMRAH BECOMES THE LEADING WICKET TAKER BY AN INDIAN IN AUSTRALIA IN TESTS. 🦁 pic.twitter.com/lovsqB0LiL
কপিলদেৱৰ অভিলেখ ভংগ
তৃতীয় টেষ্টৰ অন্তিম দিনা বুমৰাহে মাৰ্নাছ লাবুচাগনেক আউট কৰি দিনটোৰ দ্বিতীয়টো উইকেট দখল কৰি এই কৃতিত্ব অৰ্জন কৰে । 31 বছৰীয়া বুমৰাহে এতিয়ালৈকে 20 টা ইনিংছত 41.07 বলিং ষ্ট্ৰাইক ৰেটৰ সৈতে দখল কৰিছে 52 টা উইকেট ৷
Most wickets by an Indian bowler in Australia in Tests:
— Johns. (@CricCrazyJohns) December 18, 2024
Jasprit Bumrah - 52* wickets.
Kapil Dev - 51 wickets.
The Greatest Indian bowler ever. 🫡 pic.twitter.com/PDCuNUk1tr
আনহাতে, কপিলদেৱৰ নামত আছে 24.58 গড় আৰু 61.50 ষ্ট্ৰাইক ৰেটৰ সৈতে 51 টা উইকেট ৷ কপিলদেৱে অষ্ট্ৰেলিয়াত পাঁচবাৰকৈ 5 টা উইকেট লাভ কৰিছে ।
অষ্ট্ৰেলিয়াত টেষ্ট মেচত ভাৰতৰ হৈ সৰ্বাধিক উইকেট সংগ্ৰহকাৰী:
ক্ৰমিক নং | বলাৰসকলৰ নাম | মেচ | ইনিংছ | উইকেট | ইক’ন’মিক ৰেট | 5 উইকেট | 10 উইকেট |
1. | যশপ্ৰীত বুমৰাহ | 10* | 20 | 52 | 2.49 | 3 | - |
2. | কপিলদেৱ | 11 | 21 | 51 | 2.39 | 5 | - |
3. | অনিল কুম্বলে | 10 | 18 | 49 | 3.46 | 4 | 1 |
4. | ৰবিচন্দ্ৰন অশ্বিন | 11 | 19 | 40 | 2.93 | - | - |
SENA দেশসমূহত সৰ্বাধিক 5 টা উইকেট লাভ কৰা ভাৰতীয় বলাৰ
গাব্বা টেষ্টৰ দ্বিতীয় দিনা বুমৰাহে এছ ই এন এ দেশসমূহত (দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়া) 5 টা উইকেট দখল কৰা সৰ্বোচ্চ ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হয় । বুমৰাহে বৰ্তমানলৈকে এই দেশবোৰত 5 টা উইকেট দখল কৰে ৷
Usman Khawaja ✅
— BCCI (@BCCI) December 18, 2024
Marnus Labuschagne ✅
Vice-captain Jasprit Bumrah at it again 🔥🔥
Live - https://t.co/dcdiT9NAoa#TeamIndia | #AUSvIND | @Jaspritbumrah93 pic.twitter.com/GzWFSQqkyI
200 টেষ্ট উইকেটৰ পৰা 7 খোজ আঁতৰত
ভাৰতৰ সোঁহতীয়া ফাষ্ট বলাৰজনে 200 টা টেষ্ট উইকেট সম্পূৰ্ণ কৰাৰ পৰা মাত্ৰ 7 উইকেট দূৰত আছে । তেওঁ শীঘ্ৰেই ষষ্ঠগৰাকী ফাষ্ট বলাৰৰ লগতে এই কৃতিত্ব অৰ্জনকাৰী দ্বাদশ ভাৰতীয় ক্ৰিকেটাৰ হ'ব বুলি আশা কৰা হৈছে । ক্ৰিকেটৰ সৰ্বাধিক দীঘল ফৰ্মেটত বুমৰাহৰ নামত বৰ্তমান আছে 193 টা উইকেট ৷
লগতে পঢ়ক: এটা যুগৰ অন্ত ! আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰবিদায় ভাৰতীয় ক্ৰিকেটাৰ ৰবিচন্দ্ৰন অশ্বিনৰ