ETV Bharat / sports

অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতা অনুষ্ঠিত; মহাদেৱ ডেকা, বিজিত গগৈৰ অংশগ্ৰহণ - BODY BUILDING COMPETITION

তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক ভৱনত অনুষ্ঠিত অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতা ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈৰ ৷

BODY BUILDING COMPETITION
তিনিচুকীয়াত দেহশ্ৰী প্ৰতিযোগিতা (ETV Bharat Assam)
author img

By ETV Bharat Sports Team

Published : 3 hours ago

স্প’ৰ্টছ ডেস্ক: তিনিচুকীয়া জিলা শৰীৰ চৰ্চা সন্থাৰ উদ্যোগত আৰু সদৌ অসম শৰীৰ চৰ্চা সন্থাৰ সহযোগত বৰদলৈ নগৰস্থিত তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক ভৱনত বুধবাৰে অনুষ্ঠিত হয় অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতা ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শতাধিক পুৰুষ-মহিলাই অসম ভিত্তিত অনুষ্ঠিত হোৱা দেহশ্ৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে ৷ তিনিচুকীয়াৰ একাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত দেহশ্ৰী প্ৰতিযোগিতাত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলৰ পাৰদৰ্শিতা দেখি সকলোৱে অভিভূত হয় ৷

এই অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতাখনৰ মুখ্য বিজয়ীগৰাকীক মটক ৰজা সৰ্বানন্দ সিংহৰ সোঁৱৰণত নগদ এক লাখ টকাৰ লগতে ট্ৰফীও প্ৰদান কৰে মটক ৰাজবংশ উন্নয়ন সমিতিয়ে ৷ সেই উপলক্ষে অনুষ্ঠানত উপস্থিত থাকে মটক ৰাজবংশ উন্নয়ন সমিতিৰ সভাপতি হেমন্ত গোহাঁই, সম্পাদক সৰোজ গোহাঁই আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট লোক ৷ এনে এক বৃহৎ পৰ্যায়ত দেহশ্ৰী প্ৰতিযোগিতা অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা বুলি সদৰি কৰে বিশিষ্ট অতিথিসকলে ৷

একেটা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিষ্টাৰ ইউনিভাৰ্ছ মহাদেৱ ডেকা, মিষ্টাৰ ইণ্ডিয়া বিজিত গগৈৰ লগতে সকলোৰে পৰিচিত বহুকেইগৰাকী শৰীৰচৰ্চাবিদ ৷

তিনিচুকীয়া জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি সঞ্জয় সিঙে অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কয়, "প্ৰথম আমি তিনিচুকীয়াত 2012 চনত অসম ভিত্তিক দেহশ্ৰী প্ৰতিযোগিতাৰ আয়োজন কৰিছিলো আৰু এইবাৰ পুনৰ আয়োজন কৰিছো । এইবাৰ আয়োজিত প্ৰতিযোগিতাত তিনিচুকীয়াবাসীৰ সহায়-সহযোগিতাৰ শলাগ ল’ব লাগিব । বিশেষকৈ মটক ৰাজবংশ উন্নয়ন সমিতিয়ে যি এক লাখ টকা আগবঢ়াইছে, তাৰ কাৰণে বহু বহু ধন্যবাদ । আজিৰ এই অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিযোগীসকলক দেখি তিনিচুকীয়াৰ যুৱক-যুৱতীসকলে আগুৱাই যাবলৈ উৎসাহ পাব"।

লগতে পঢ়ক: শীতত ফুটবলৰ উন্মাদনা; বিজয়ীৰ খিতাপ দখল খোৱাং আঠাবাৰী ফুটবল দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.